HS First Year Assamese গোট ৩ : কবিতা পাঠ ৪- বনকুঁৱৰী

HS First Year Assamese গোট ৩ : কবিতা পাঠ ৪- বনকুঁৱৰী। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৪- বনকুঁৱৰী AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৪- বনকুঁৱৰী

বনকুঁৱৰী

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১।প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ ‘বনকুঁৱৰী’।

২। বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কি মন্তব্য কৰিছিল? 

উত্তৰঃ বেজবৰুৱাই ‘প্রতিমাখন সম্পর্কে মন্তব্য কৰিছিল যে— ‘প্রতিমাখন সৰু, কিন্তু নির্ভাঁজ সোণৰ’।

৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

8। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক।

৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ প্রকৃতি, প্ৰেম আৰু সৌন্দর্য।

(খ) প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা। 

উত্তৰঃ ‘প্রতিমা’ আৰু ‘বীণ বৰাগী’।

২।‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা যায় ?

 উত্তৰ ঃ ‘জোনাকী’ যুগৰ ‘ত্ৰিমূর্তি’ বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়।

৩।‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?

উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত করিয়ে প্রকৃতির অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনির্বচনীয় আনন্দৰ সন্ধান লাভ কৰিছে। জনবিশ্বাস যে বতাহে যেতিয়া মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰিছিল তেতিয়া বনকুঁৱৰীয়ে আৰু বনকুঁৱৰীৰ লগত থকা জলব দেৱী নীয়ৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছিল আৰু সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছিল।

৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছিল?

উত্তৰ: অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছিল।

৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?

উত্তৰঃ শুকান পাতৰ পৰা হাবিৰ মাজত ‘মৰ্-মৰ্‌’ ধ্বনি

৬। প্ৰথম অসমীয়া ৰোমাণ্টিক কবি কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম প্ৰকাশ, সাৰ্থক উন্মেষ। পিছলৈ 

প্ৰতিমা নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীতি কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীত বা মালিতা।

বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও এই কাহিনী সুসংবদ্ধ নহয়। বনকুঁৱৰীৰ কাহিনী ভাগত এটি আধি দৈবিক জগতখনহে প্ৰতিফলিত হৈছে। এই কবিতাটোৰ আকষর্ণীয় দিশ হ’ল সংবেদনশীল মানবীয় আবেদন। কথা বস্তুৰ তুলনাত ইয়াৰ নৈসর্গিক চিত্ৰহে অধিক আকর্ষণীয়।

নিজম দুপৰীয়া আপোন মনে বনৰ মাজত সুহুৰি মাৰি হালি জালি দেও দি দি নাচি নাচি বনকুঁৱৰীয়ে ইটিয়ে সিটিক মৰম যাচিছে। প্রকৃতি জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয় বাসনাৰ পৰা বহু আতঁৰত। উজ্জ্বল মুখখনি, শিৰত মৰকতমনি, বিবিধ বন লতাৰ আভূষণেৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কিবা কবিয়ে ধৰিব পৰা নাই। আচলতে কবিয়ে এগৰাকী মুকলিমুৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্ৰকৃতিৰ এই অনিবৰ্চনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। তেওঁ সেয়েহে প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিবে নাম গাই ঘুৰি ফুৰি টুক টুক চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্বাৰ এই ভুবন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈছে, মিচিকণি হাঁহিৰ এটি সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপুৰ হৈ পৰিছে।

কবিতাটোৰ আকর্ষণীয় দিশটো হ’ল প্ৰকৃতিৰ মানবয়ন। প্রকৃতিক তেওঁ বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে যাৰ সত্বা কবিৰ বাবে এগৰাকী পূৰ্ণযৌৱনা চঞ্চলা গাভৰুৰ দৰে। কিন্তু তেওঁৰ ৰূপত বা চাল-চলনত কোনো কৃত্রিমতা নাই। সম্পূর্ণ স্বাভাৱিক, ঠিক প্ৰকৃতিৰ বুকুত লালিত পালিত হোৱা সৰল মনৰ গাভৰু গৰাকীৰ দৰে। চঞ্চলতা আছে; বাংঢালী, মুকলিমুৰীয়া কিন্তু কৃত্ৰিম নহয়। কবিতাটোত প্ৰকৃতিৰ এই ৰূপ লাৱণ্যকে মানবী ৰূপত কল্পনা কৰা হৈছে।

২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।

উত্তৰঃ বনকুঁৱৰী কবিতাটিত কবিয়ে প্রকৃতির বিভিন্ন ৰূপৰ মনোমোহা বর্ণনা দিছে আৰু এই বর্ণনা দাঙি ধৰিছে এগৰাকী বাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে।

প্ৰকৃতিয়ে যেন নিজম দুপৰীয়া বনৰ মাজত সুহুৰি মাৰিছে, হালি জালি ফুৰিছে। গহীন গছবোৰত যেন বনকুঁৱৰীজনী বতাহত ছাটৰ দৰে। পাতবোৰ কঁপাই যায়। গছবোৰক সাৱটি ধৰি মৰম যাচে। ফুটা নুফুটা মাতেৰে তাই মৰমৰ গীত জুবিছে। গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে। নৈৰ বুকুতো কুলু কুলু শব্দ যেন বুজিব নোৱাৰা বহুত কথা। গছৰ আগত ময়না চৰাইটিয়ে মাত মাতি মাতি নিচুপ হৈ পৰিল; কিন্তু সেই মাত শুনাৰ হেঁপাহ শেষ নহ’ল। আৰু শুনো শুনোকৈ মনৰ হেঁপাহ মনতে ব’ল। সেই বকুল জোপা দেখি কবিয়ে ভাবিছে যে এইখন নিশ্চয় কাৰোবাৰ তামোল লেটেকুৰে ভৰা ঘৰেই আছিল। এতিয়া এৰাবাৰী হ’ল। বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘুৰি ফুৰা যেন লাগে। আচলতে বাঁহৰ মাজে মাজে জুৰ মলয়া ছাটিহে ঘুৰি ফুৰিছে। গছৰ পাতবোৰে ইটি সিটি লগ লাগি ফুচফুচাই মেল পাতিছে, মিচিক মাচাক হাঁহিছে। সুখৰ যেন কোনোবাই সুৰ সুৰাইহে দিছেহি।

কপৌ দুটিয়ে গাত – গা লগাই মুখত মুখ দি আছে, অকণি বুকুৰ মাজতে ইটিয়ে সিটিক সুমুৱাই মৰম যাচিছে। ফুলৰ পাহি যে কোনোবা প্ৰেত কন্যাই আহি যেন জানৰ কাষত হৰিণা পোৱালিটিক পানী খুৱাইছেহি। ব লাগি চাই থাকে। কিনো চাইছ বুলি সুধিলে লাজতে গাল ৰঙা পৰি যায়। দেও দি লৰি গৈ সিহঁত মাজ পালেগৈ আৰু বনফুলৰ সাজ পিন্ধি আহঁতৰ তলত নাচিবলৈ ধৰিলে। মুকলি মনেৰে টুক টুক চাপৰি বাই নাম গোৱা দেৱকন্যাহে যেন। খিল খিলাই হাঁহি দিহা দিহি যায়। কোনোবা জনীয়ে ফুল চিঙে। কোনোবা জনীয়ে কপৌৰ বাঁহলৈ উৰি গৈ চুমা যাচে।

খোপাত বনৰ পখিলা, শ্যামলী শৰীৰত বনফুলৰ বিভিন্ন আভূষণ, শিৰত মৰকত মণিৰে সুশোভিতা হৈ বনকুঁৱৰী ওলাইছে। লগত জলৰ দেৱী নিয়ৰ (নীয়ৰী) নিয়ৰৰ টোপালবোৰ মুকুতা মণিৰ দৰে শোভা কৰিছে। বন-বননিৰ নানান সৌন্দৰ্য্য আৰু সুন্দৰ সুবাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাই। তাই যেন জুৰ বতাহছাটি বোৱাই আনিছে। সেইবতাহতে উৰি আহিছে কেতেকীৰ সুবাস। কেতেকীৰ গোন্ধত চৌদিশ মলমলাই গৈছে। বতাহে হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে। দুয়ো গৰাকী প্ৰকৃতি কুঁৱৰীয়ে মিচিকি হাঁহিৰে তাৰ প্ৰতিদান দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে।

কবিতাটোত কবিয়ে অতি সুক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্র খেলা পৰ্যবেক্ষণ কৰিছে। প্ৰতিটো ৰং ৰূপৰ মাজতে বিচাৰি পাইছে এক মানৱী সত্বাৰ উপলব্ধি। প্ৰকৃতিৰ মাজত এনে ৰং ৰূপৰ পোহাৰ মেলিছে যেন কোনোবা বনকুঁৱৰীয়ে। সেই বনকুঁৱৰীৰ পৰশত চাৰিওফালে সুন্দৰতা ভৰি পৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্য, চঞ্চলতা, চপলতা, মুকুলিমুৰীয়া মনটোৰ চিত্রকে কবিয়ে অতি নিটোল ৰূপত ফুটাই তুলিছে।

৩। বনকুঁৱৰী কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা। 

উত্তৰঃ বনকুঁৱৰী কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্রাণীজগতক অপার্থিব অনির্বাচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে। চাক্ষুস দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপার্থিব সত্তা লুকাই আছে। কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে।

৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া কবিতাৰ প্ৰথম প্ৰকাশ সার্থক উন্মেষ ঘটোৱা ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত। কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়তে তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠনত আগভাগ লয় আৰু জোনাকী কাকতৰ প্ৰতিস্থাপক সম্পাদক হিচাপে থাকি অসমীয়া ভাষা সাহিত্যৰ সৰ্বাঙ্গীন বিকাশৰ হবে। আত্মোৎসর্গা কৰিবলৈ ধৰে। ১৮৮৯ চনত প্ৰকাশিত জোনাকী কাকতৰ তেৱেঁই আছিল প্ৰতিষ্ঠাপক সম্পাদক। চন্দ্ৰকুমাৰৰ জোনাকীত প্ৰকাশ হোৱা ‘বনকুঁৱৰী’ নামৰ লিৰিকটোৱেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫টা কবিতা পুথি আকাৰত ছপোৱা পুথিখন আছিল ‘প্রতিমা’। বেজবৰুৱাই ‘প্রতিমা’ৰ বিষয়ে লিখিছে যে “প্রতিমাখন সৰু কিছু নিভাজ সোণৰ”। তেওঁৰ আনখন কবিতাপুথি হ’ল “বীন বৰাগী”। তেখেতে ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া আদি কাকত সুখ্যাতিৰে পৰিচালনা কৰে। স্বতন্তৰীয়া ব্যৱসায়েৰে আত্ম প্রতিষ্ঠা কৰা আগৰৱালা দেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে নিস্বার্থভাৱে ভালেখিনি সেৱা আগবঢ়াই থৈ যায়। ১৯৩৭ চনত গুৱহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয়।

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক) অথিৰ বায়ু শিয়ঁৰিল নোম,

            উছলাইছে গৈ জান 

কাৰণ-নেদেখা আনন্দৰ ঢৌৱে

          বুৰালে প্ৰাণীৰ প্ৰাণ৷

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি অসমলৈ ৰমন্যাসৰ বাট কাটোতা কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ। আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট তেখেতৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটোৰ

পৰা এই ফাঁকি কবিতা লোৱা হৈছে।

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা কবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে।

কন্য ফুল পাতেৰে সজ্জিতা বন কুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলীয়া কৰিছে। মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে। বনকুঁৱৰী আৰু জলকুঁৱৰী দুয়ো মিচিকিয়া হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে। দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠিছে। এই শিহৰণে জান জুৰি পানী উছলাই তুলিছে। এক অজান আনন্দত সকলোৰে মা ভৰি পৰিছে। আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্র লীলাক মানবীয় ৰূপত প্রত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম ভালপোৱা তাৰ মাজতেই অনুভব কৰিছে।

(খ) মুকলি চুলিৰে নাম গায় ঘূৰি

               চাপৰি টুক্ টুক্ টুক্ । 

ৰূপহীৰ মেল দেৱযোনি খেল

                 মানুহে নেদেখা মুখ।

উত্তৰঃ উদ্ধৃত কতিবাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে কবিতাটিত প্ৰকৃতিৰ বিভিন্ন চিত্র অতি সযতনে তুলি ধৰিছে আৰু প্ৰকৃতিক তেওঁ মানবীয় ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মোহময়ী কৰি তুলিছে। আচলতে কবিয়ে এগৰাকী মুকলিমুৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্ৰকৃতিৰ এই অনির্বচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে। সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিবে নাম গাই ঘূৰি ফুৰা টুক টুক চাপৰি বজোৱা ছোৱালীজনী। প্ৰকৃতিৰ সত্ত্বাৰ এই ভূবন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকনি হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপূৰ হৈ পৰিছে।

[][] অতিৰিক্ত প্রশ্নোত্তৰ | |||

(ক) চমু আৰু দীঘবল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২/৩/৪ আৰু ৫)

১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি?

উত্তৰঃ বনকুঁৱৰী।

২। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) মৰম ভিখাৰী       বিচাৰিছো দেৱী

              প্ৰাণৰ অমিয়া মাধুৰী

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিয়ে কবিতাটিত প্রকৃতিৰ বিভিন্ন চিত্র অতি সযতনে তুলি ধৰিছে আৰু প্ৰকৃতিক তেওঁ মানৱী ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মোহময়ী কৰি তুলিছে। কুঁৱৰীৰ এই ৰূপ সৌন্দর্য দেখি মৰম আকলুৱা বতাহৰ মনত হোৱা উপলব্ধি প্ৰকাশ কৰাৰ প্ৰসংগত কবিয়ে এই ফাঁকি কবিতা ৰচনা কৰিছে।

বনকুঁৱৰীয়ে শ্যাম বৰণীয়া শৰীৰত নানান বনৰীয়া ফুল লতিকাৰ আভূষণ পিন্ধিছে। মূৰঃ মৰকত মণি জিলিকিছে। তেওঁৰ লগতে সাজি-কাচি ওলাইছে জলৰ দেৱী নীয়ৰী (নিয়)। ৰাশি ৰাশি বনফুলেৰে শোভা কৰে । তেওঁৰ শৰীৰ সুগন্ধিৰে ভৰি পৰিছে। তেওঁৰ বতাহ জুৰ পৰিছে। চৌদিশে যেন কেতেকীৰ সুঘ্রাণহে মলমলাইছে। সেয়েহে বতাহে কৈ বতাহ হ’ল মৰমৰ ভিখাৰী। বনকুঁৱৰীৰ পৰা সেয়েহে বতাহে অকণমান মৰম বিচাৰিছে। প্রতিদান স্বৰূপে দুয়ো গৰাকী প্ৰকৃতি কুৱঁৰীয়ে মিচিকিয়া হাঁহিৰে সমিধান দিছে। অজান আনন্দ বতাহ মতলীয়া হৈ উঠিছে আৰু এই আনন্দই সকলো প্ৰাণীক বুৰাই পেলাইছে।

৩। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি ? 

উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্ত্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্রমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।

অনমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱাসী ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ লিৰিকটোতে প্রথম ৰোমাণ্টিক কবিতাৰ প্রকাশ সার্থক উদ্বেষ দেখিবলৈ পোৱা যায়। ৰমন্যাসবাদীসকলৰ ৰচনাৰ কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্ৰত্যক্ষ কৰিছে।

তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল―

প্রকৃতি প্রীতি : কচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাবৰ্ত্তনৰ ধাৰণাই ৰোমাণ্টিক কবি সকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবি সকলে সেয়েহে প্ৰকৃতিৰ অনির্বচনীয় সৌন্দৰ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্ৰীতি আছিল ৰমন্যাসিক কবি সকলৰ এক বিশিষ্ট লক্ষণ।

সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ : ৰোমাণ্টিক কবি সকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধাৰীদেৱে কেতেকীৰ মাজতো পৃথিবীৰ সকলো সততা সকলো সৌন্দৰ্য্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধারণত্ব আৰোপ কৰিছিল।

ৰহস্যৰ সুক্ষ্ম অনুভূতিঃ ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণ ভাবে সৌন্দৰ্য্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।

মন্ময় ধৰ্মিতা ঃ অন্তৰে ভাবৰাজিক এক সাৰ্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধৰ্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সার্বজনীন ৰূপ ল’বৰ চেষ্ণ কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সার্বজনীন ৰূপ দিছে।

জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণ : ৰুচোৰ ধাৰণাই আছিল যে জীৱটো মৌলিকভাবে সৎ আৰু সুন্দৰ। সামাজিক আবহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে আকর্ষণ তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সবলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান অনুভব কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অম্বেষণ ৰোমাণ্টিক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।

অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবাম্বেষণ : মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকর্ষণ অতীতপ্ৰীতি আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া

ৰোমাণ্টিক কবি সকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবাম্বেষণ প্রত্যক্ষ কৰিব পাৰি। 

কাৰুণ্যতা : সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদুল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্রচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।

এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা : ৰোমাণ্টিক কবিসকল যদিও বিশেষভাবে কল্পনাপ্ৰৱণ

আছিল বা সৌন্দৰ্য্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।

স্বতঃস্ফুর্ত্ততা ঃ ৰোমাণ্টিক কবি সকলে তাহানিৰ ধৰা-বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাবে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা আছিল স্বতঃস্ফুর্ত্ত, উন্মুক্ত।

পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থানঃ ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্রতি প্রীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্রিকভাবে ৰমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই ক্ষেত্ৰখনকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল।

8।  ‘জোনাকী’ত আৰম্ভ হোৱা ৰোমান্টিক আন্দোলনৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰা। 

উত্তৰ: অসমীয়া সাহিত্যত ‘জোনাকী যুগ’ বুলিলে ‘জোনাকী’ কাকতৰ জন্ম লগ্নৰে পৰা আৰম্ভ কৰি দ্বিতীয় মহাসমৰৰ আগৰ সময়ছোৱা পর্যন্ত, অর্থাৎ ১৮৮৯ চনৰ পাৰ ১৯৪০ চনলৈকে এই সময়ছোৱাকে বুজোৱা হয়। ১৮৮৯ চনত আত্মপ্ৰকাশ কৰা ‘জোনাকী’ কাকতখনিয়ে অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ গতি ধাৰাত এটি যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেয়েহে ১৮৮৯ চনৰ পৰা ১৯৪০ চনৰ মাজৰ সময়ছোৱাক ‘জোনাকী যুগ’ বা ‘জোনাকীৰ যুগ’ বুলি কোৱা হয়।

‘জোনাকী যুগ’ক ‘ৰমন্যাসৰ যুগ’, ‘ৰমন্যাস যুগ’ বা ‘ৰোমাণ্টিক যুগ’ বুলিও কোৱা হয়। কিয়নো, ‘জোনাকী’ কাকতৰ দ্বাৰাই পাশ্চাত্য ইংৰাজীৰ ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰূপ অসমীয়া সাহিত্যলৈ প্রবাহিত হৈ আহিছিল—‘জোনাকী’ৰ পৃষ্ঠপোষকসকলৰ যোগেদি আৰু স্বতন্ত্র পুথি ৰচনাৰ যোগেদি। আনহাতে ১৭৯৮ চনৰ পৰা ১৮৩২ চনলৈকে এই সমছোৱাকে ইংৰাজী সাহিত্যত ‘ৰোমাণ্টিক যুগ’ বুলি কোৱা হয়। ইংৰাজী সাহিত্যৰ এই যুগৰ প্ৰভাৱে অসমীয়া সাহিত্যৰ ‘জোনাকী যুগ’ৰ সাহিত্যকো স্পৰ্শ কৰিছিল বাবে ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ লক্ষণবোৰ অসমীয়া সাহিত্যতো ‘জোনাকী যুগতে প্রতিফলিত হৈছিল। সেয়েহে ‘জোনাকী যুগ’ৰ আন এটি নাম হ’ল – ৰোমাণ্টিক যুগ বা ৰমন্যাসৰ যুগ। ইতিপূর্বেই কৈ অহা হৈছে যে, পাশ্চাত্য ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক বৈশিষ্ট্যবোৰ অসমীয়া সাহিত্যতো (জোনাকী যুগৰ সাহিত্য) দেখা যায়; কাৰণ পাশ্চাত্য ৰোমাণ্টিক সাহিত্যৰ প্ৰভাৱতেই অসমীয়া ৰোমাণ্টিক সাহিত্যই ঠণ ধৰি বিকাশ লাভ কৰিছিল।

ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগৰ ঘাই বিশেষত্বসমূহ অসমীয়াৰ ‘জোনাকী যুগৰ’ সাহিত্যৰো ঘাই বিশেষত্ব হিচাপে পৰিলক্ষিত হয়। 

এই বিশেষত্বসমূহ তলত আলোচনা কৰা হ’ল –

(ক) ‘জোনাকী যুগ’ৰ (ৰোমাণ্টিক) সাহিত্যৰ এটি লক্ষণীয় বিশেষত্ব হ’ল, এই যুগ প্ৰধানকৈ কাব্য-সাহিত্যৰ যুগ। যিহেতু চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ জৰিয়তে ‘জোনাকী যুগ’ব প্রথমটি ৰোমাণ্টিক লক্ষণ বিশিষ্ট কবিতা; যাৰ দ্বাৰা অসমীয়া সাহিত্যত পোন প্ৰথমবাৰৰ বাবে ৰোমাণ্টিক ভাবধাৰাই অংকুৰিত হৈ বিকাশ লাভ কৰিছিল।‘জোনাকী যুগৰ কীৰ্তিস্তম্ভ হ’ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এওঁলোকক সেয়ে ‘জোনাকী যুগ’ৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয়।

(খ) জোনাকী যুগ’ৰ সাহিত্যৰ এটি বিশেষত্ব হ’ল এয়ে যে, ‘জোনাকী যুগ’ৰ আগতে অসমীয়া ভাষাৰ যি ত্রুটি আছিল, সেই ত্রুটি বহু পৰিমাণে নাইকিয়া হ’ল আৰু অসমীয়া ভাষাই এক শক্তিশালী ৰূপ লাভ কৰিলে। জোনাকী যুগৰ সাহিত্যই বিকাশ লাভ কৰাৰ সময়তেই। এই সম্পর্কে বসবাজ বেজবৰুৱাই লিখিছে, ‘এবছৰৰ জোনাকীৰ চেষ্টাই অসমীয়া ভাষাৰ কঁকালত অনেক বল দিয়ে আৰু ভাষাৰ আকাশত পুৱাৰ পোহৰ পৰিল ।।

(গ) “জোনাকী যুগ’ৰ সাহিত্যৰ এটি অন্যতম বিশেষত্ব হ’ল –- বিষয়বস্তু, দৃষ্টিভংগী, ভাষা আৰু ছন্দ ৰীতি, এই গোটেইবোৰ বিষয়তে ‘জোনাকী যুগ’ৰ লেখক সাহিত্যিকসকলে এক নতুনত্বৰ সন্ধান দিয়ে। ‘জোনাকী যুগ’ৰ সাহিত্যত ৰোমাণ্টিক চেতনাই আত্মপ্রকাশ কৰাৰ লগে লগে আগৰ অসমীয়া সামাজিক ৰীতি-নীতিৰ গুৰুত্ব ক্রমে হ্রাস হৈ আহিল আগৰ জীৱন যাত্ৰাৰ প্ৰতিও মানুহৰ যেন আগ্রহ কমিল। ‘জোনাকী যুগ’ৰ সাহিত্য বিশেষকৈ, ৰোমাণ্টিক কবিতা মানৱ হৃদয়ৰ চিৰস্তন সৌন্দর্যবোধ আৰু ৰহস্যানুভূতিৰ ওপৰতেই প্রতিষ্ঠিত; আৰু সেই কাৰণেই ই সমস্ত মানুহৰেই সাধাৰণ উপভোগৰ বিষয়।

(ঘ) ‘জোনাকী যুগ’ৰ সাহিত্যৰ বিশেষকৈ, ৰোমাণ্টিক কবিতাবোৰ অধ্যয়ন কৰিলে এটি কথাৰ প্ৰতি আমাৰ মনোযোগ আকর্ষিত হয় যে, মৃত্যু চিন্তাই একাধিক ৰোমাণ্টিক কবিকে বিচলিত কৰিছে। ইয়াৰ উদাহৰণস্বৰূপে নলিনীবালা দেৱী, যতীন্দ্ৰনাথ দুৱৰা, ৰমাকান্ত বৰকাকতী আদি কবিসকলৰ একাধিক কবিতালৈ আঙুলিয়াব পাৰি।

(ঙ) ‘জোনাকী যুগ’ৰ সাহিত্যৰ আন এটি অন্যতম বিশেষত্ব হ’ল – এই যুগতে একাধিক মহিলা সাহিত্যিকে বিশেষ ৰূপত আত্মপ্ৰকাশ কৰি প্ৰতিষ্ঠা লাভৰো পূৰ্ণ সুযোগ লাভ কৰিছিল ‘জোনাকী’ কাকতখনৰ দ্বাৰা। কিন্তু ‘জোনাকী’ৰ আগতে এই সুযোগ তেওঁলোকে পৰিপূৰ্ণ ৰূপত লাভ কৰা নাছিল বুলিব পাৰি।

(চ) ‘জোনাকী যুগ’ৰ সাহিত্যৰ ৰোমাণ্টিক দৃষ্টিভংগীৰ এটি অন্যতম বিশেষত্ব হল আত্মগত (নিজৰ অভিজ্ঞতা, অনুভূতি, চিন্তা বা বোধশক্তিৰ পৰা উদ্ৰেক হোৱা) ভাৱৰ প্ৰাধান্য। এই ভাৱৰ প্রাধান্য বিশেষকৈ ‘জোনাকী যুগৰ’ কবিসকলৰ কবিতাবোৰত দেখা পোৱা যায়।

(ছ) আবেগ প্রবণতা বা আত্মনিষ্ঠতাৰ নিচিনাকৈ কল্পনাশক্তিও ‘জোনাকী যুগ’ৰ ৰোমাণ্টিক লেখকসকলৰ এটি প্রধান বৈশিষ্ট্য। কল্পনাশক্তিৰ বলতেই তেওঁলোকে বহির্জগততকৈ অন্তর্জগতক বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে। কল্পনা শক্তিৰ বলতেই সাধাৰণতে ৰোমাণ্টিক কবিসকলে ৰাম ৰাজ্যৰ সপোণ ৰচনা কৰে।

(জ) ‘জোনাকী যুগ’ সাহিত্যৰ অৰ্থাৎ ৰোমাণ্টিক যুগৰ কবিতাত প্ৰকৃতিয়ে মুখ্য স্থান লাভ কৰিলেও কবিসকলে মানৱ জীৱনৰ ফালে একেবাৰে পিঠি দিয়া নাই। উদাহৰণস্বৰূপে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানব বন্দনা’ৰ কথা ক’ব পাৰি।

(ঝ) “জোনাকী যুগ’ৰ সাহিত্যৰ এটি প্রধান বৈশিষ্ট্য হ’ল এয়ে যে, এই যুগৰ ৰোমাণ্টিক লেখকসকলে কেৱল যে অলৌকিক বা অচিন আচহুৱা বিষয়বস্তুকেই তেওঁলোকৰ ৰচনাৰ আহিলা হিচাপে লৈছিল সেইটো নহয়। সাধাৰণ বস্তুকো তেওঁলোকে অপেক্ষা কৰা নাই; আনকি লোকচক্ষুত তুচ্ছ বিষয় বস্তুকো তেওঁলোকে কাব্যৰ বিষয় কৰি লৈছে। যেনে – ফুল, চৰাই, নিয়ৰ, গছ, লতিকা ইত্যাদি।

(ঞ) ‘জোনাকী যুগ’ৰ প্ৰকৃতি বিষয়ক কবিতাবোৰ অতুলনীয় এই যুগৰ কাব্যত বহিঃ প্ৰকৃতিৰ যি বিচিত্ৰ ৰূপ উপস্থাপিত হৈছে সিয়ো কবিৰ হদয়ানুৰঞ্চিত। উদাহৰণস্বৰূপে ৰঘুনাথ চৌধাৰীৰ অনন্য সুন্দৰ প্ৰকৃতি বিষয়ক কবিতাখিনিৰ কথা ক’ব পাৰি।

(ট) জোনাকী যুগ’ব সাহিত্যৰ বিশেষভাবে স্মর্তব্য বিশেষত্বটো হ’ল – জোনাকী যুগৰ সাহিত্যই অসমীয়া মানুহৰ মনটো সৰ্বতো প্ৰকাৰে আধুনিক হোৱাত অৰিহণা যোগাইছিল। ‘জোনাকী’ যুগৰ লেখকসকলে অতীতৰ কীৰ্তন কৰিবলৈ বৰ্তমানৰ ক’ৰবাত সমলোচনা কৰিবলৈ ক’ৰবাত ব্যংগ কৰিবলৈ আৰু ক’ৰবাত উৎসাহ দিবলৈ ‘জোনাকী’ কাকতৰ পাততে সুযোগ পাইছিল। আৰু সেইদৰেই তেওঁলোকে ‘জোনাকী’ যুগৰ সাহিত্যৰ দ্বাৰা অসমীয়াসকলৰ মনটো আধুনিক কৰিবলৈ সক্ষম হৈছিল।

(ঠ) জোনাকী’ যুগৰ সাহিত্যতে অথবা ‘জোনাকী’ যুগৰ সাহিত্যৰ দ্বাৰাই অসমীয়াৰ জাতীয় চেতনাবোধৰ বিকাশ হৈছিল। কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় উন্নতি’ নামৰ প্ৰৱন্ধটোৱে ইয়াৰ আৰম্ভণী। তাৰ পিছত তেওঁৰ ‘অসমীয়াৰ উন্নতি’, পানীন্দ্ৰনাথ গগৈৰ ‘জাতীয় প্রেম’ ইত্যাদি প্ৰৱন্ধত এই জাতীয় চেতনাৰ ব্যাপ্তি সাধিত হৈছে।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ এটা সম্যক ধাৰণা তুলি ধৰা । 

উত্তৰ : অসমীয়া গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক আৰু ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ (১৮৬৭-১৯৩৭) জন্ম হয় তেজপুৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁৰ উদ্যোগতে কলিকতাত অসমীয়া ভাষাৰ উন্নতি সাধিনি সভা আৰু ‘জোনাকী’ কাকতৰ প্রতিষ্ঠা হয়। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেওঁৰ ‘বনকুঁৱৰী’ কবিতাটিয়ে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।

অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ ইতিহাসত চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম শীৰ্ষত। তেওঁৰ প্রকাশিত কাব্যগ্রন্থ দুখন ‘প্রতিমা’ আৰু ‘বীণ বৰাগী’। এই দুখন পুথিৰ বিভিন্ন কবিতাৰ সাজেবে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি মনৰ পৰিচয় পোৱা যায়। তেওঁ এই কবিতাসমূহ অসমীয়া গীতি কবিতাৰ পৰম্পৰা সৃষ্টিত সহায় কৰা বুলি ক’ব পাৰি।

চন্দ্ৰকুমাৰৰ ‘প্রতিমা’ মুঠ দুকুৰি পাঁচটা কবিতাৰ সংগ্ৰহ। ইয়াত কবিয়ে জগতৰ বৰ্ণবৈভৱৰ ৰামধেনুৰ ছবিত আপ্লুত হৈছে আৰু ই যেন কবিৰ যৌৱনৰ স্বাভাৱিক সৌন্দর্য স্পৃহাৰ প্ৰকাশ। ‘বীণ বৰাগী ‘ত কবিৰ দৃষ্টি বহিঃ সৌন্দৰ্যতকৈ অন্তৰৰ সৌন্দৰ্যৰ প্ৰতিহে নিবন্ধ হৈছে। ‘প্রতিমা’ৰ ফুলা সৰিয়হ ডৰা, পখিলা ফুলৰ চাৰিওফালে গুণগুণাই ফুৰা ভোমোৰা বা নিয়ৰৰ টোপালে কবিৰ মন যেনেকৈ আকৃষ্ট আৰু আপ্লুত কৰিছে, ‘বীণ বৰাগী’ত অধিক অন্তর্মুখী হৈ আনন্দতীৰ্থৰ পথত আগবাঢ়িছে আৰু মানৱৰ আপাত দানৱৰূপৰ অন্তৰালত প্ৰকৃত দেৱৰূপৰ সন্ধান পাইছে আৰু মুকলি মনৰ মানৱ মূৰ্তিৰ অকলংক মধুৰিমা দেখা পাইছে। সংখ্যাত তাকৰ হ’লেও এই দুখন পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চমানৰ কবি প্ৰতিভাৰ পৰিচয় দিয়ে।

চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত সৌন্দর্যৰ সন্ধান, মানৱ প্রীতি, বৈদান্তিক প্রভাৱ বা অদ্বৈত দৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাবৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান, সবল আশাবাদ আদি বিশেষত্ব রূপে পোৱা যায়। তেওঁৰ কবিতাত দৰ্শনৰ গুৰু-গম্ভীৰতা আৰু প্ৰকাশভংগীত লোকগীতৰ লয়লাস পোৱা যায়। তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই। তেওঁৰ কবিতাত মানুহক শ্রেষ্ঠ স্থান দিয়া হৈছে। তেওঁৰ দৃষ্টিত “মানৱেই দেৱ মানৱেই সেৱ” মানুহৰ অসীম সম্ভাৱনা সম্পর্কে তেওঁৰ কবিতাত গভীৰ আস্থা প্ৰকাশ পাইছে।

চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত প্ৰাচ্য আৰু পাশ্চাত্য ভাৱাদৰ্শ আৰু কাব্য ৰীতিৰ অপূৰ্ব সংযোগ ঘটাইছে। কিন্তু তেওঁ যি পৰিমাণে ভাবুক সেই পৰিমাণে শিল্পী নাছিল। তেওঁৰ ভাবসত্তাই সকলো সময়তে সৌন্দর্যময় ৰূপ পৰিগ্ৰহণ কৰিব পৰা নাই। ভাবৰ গাম্ভীর্যই লীলায়িত গতি লাভ কৰিব পৰা নাই । তথাপি অসমীয়া ৰোমাণ্টিক কবিতাৰ অন্যতম প্ৰৱৰ্তক ৰূপে, অসমীয়া গীতি কবিতাৰ ৰচিয়তা রূপে আৰু ৰোমাণ্টিক কবিতাৰ সাৰ্থক কলাকাৰ ৰূপে অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ এটা সুকীয়া স্থান আছে।

৬।  অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত ‘জোনাকী’আলোচনীখন কেতিয়া ওলাইছিল? এই আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰূপৰ কেনেদৰে আগমণ হৈছিল? অসমীয়া সাহিত্যৰ বিকাশলৈ’জোনাকী’ আলোচনীখনৰ অৱদান ব্যাখ্যা কৰা।

উত্তৰ: অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীত ঊনবিংশ শতিকাৰ শেষৰ সময়খিনিত প্ৰকাশ হৈ ওলোৱা ‘জোনাকী’ নামৰ আলোচনীখনৰ প্ৰভাব আৰু বৰঙণি উল্লেখযোগ্য। অসমীয়া ভাষা সাহিত্যৰ আধুনিক যুগৰ আৰম্ভণিৰ সময়খিনিলৈ মন কৰিলে দেখা যায় যে হেমচন্দ্ৰ আৰু গুণাভিৰাম বৰুৱাই তেওঁলোকৰ সহযোগীসকলৰ সৈতে লগ লাগি অসমীয়া আধুনিক ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰাৰ পিছত কলকাতালৈ পঢ়িবলৈ যোৱা এদল শিক্ষিত যুৱকে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে কাম কৰিবলৈ ওলাই আহিছিল। সেইসময়ত তেওঁলোকৰ ভাষা সাহিত্যৰ বাবে কৰিবলৈ ওলোৱা আন্দোলনৰ কেন্দ্ৰস্থলী আছিল কলকাতা। কলকাতত পঢ়ি

থকা সেই অসমীয়া ছাত্ৰসকলেই পোনতে ১৮৭২ চনত ‘অসমীয়া সাহিত্য চৰা’ নামৰ অনুষ্ঠান এটা স্থাপন কৰিছিল। কিন্তু এই অনুষ্ঠানে ভালদৰে কাম কবিব নোৱ তেওঁলোকে পুনৰ নতুন উদ্যমেৰে আগবাঢ়ে আৰু ১৮৮৮ খৃষ্টাব্দত এই সভাৰ নতুন নামকৰণ কৰি ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম দিয়ে। এই সভাখনকে চমুকৈ ‘অ. ভা, উ. সা. সভা হিচাপে জনাজাত হয়। ১৮৮৮ খৃষ্টাব্দত জন্ম লাভ কৰা এই সভাখনেই ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ পূৰণ কৰি জন সমাজত সেইবোৰ উদ্দেশ্যৰ বিষয় অৱগত কৰাবলৈ এখন মুখপত্ৰ উলিয়াবলৈ স্থিৰ কৰে। সেই মর্মে তাৰ পিছৰ বছৰতে তেওঁলোকে চন্দ্ৰ কুমাৰ আগৰৱালাৰ অৰ্থ সাহায্যত ১৮৮৯ খৃষ্টাব্দৰ জানুৱাৰী মাহত ‘জোনাকী’ নামৰ আলোচনীখন প্ৰকাশ কৰে। ‘জোনাকী’ আলোচনীৰ জন্ম দিয়া এই শিক্ষিত ডেকাদলৰ ভিতৰত আগৰণুৱা আছিল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি সেই সময় ডকা ছাত্রসকল। সেই সময়ত ‘জোনাকী’ কাকতখনেই হৈ পৰিছিল শিক্ষিত ডেকাদলৰ সাহিত্য প্ৰচেষ্টাৰ বিকীৰণ কেন্দ্র’ (Radicatily centre)। এই ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা।”

‘অসমীয়া সাহিত্য আৰু ভাষাৰ বুৰঞ্জীত ‘জোনাকী’ আলোচনীৰ বৰঙণি আছিল প্ৰভূত পৰিমা আৰু জোনাকীৰ পৃষ্ঠপোষকসকলে ইয়াৰ যোগেদি আৰু লগতে স্বতন্ত্র পুথি ৰচনাৰ যোগেদিও অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমান্টিক ভাবাদৰ্শ আৰু ৰূপ প্ৰৱাহিত কৰি আনে। এই প্ৰসংগতে ৰোমাণ্টিক আন্দোলনৰ কথা ক’বলগীয়া হয়। অসমীয়া সাহিত্যত ৰোমাণ্টিক আন্দোলন কিছু বেলেগ ধৰণেহে উদ্ভৱ হৈছিল, পাশ্চাত্য দেশসমূহত কিছুমান নিৰ্দিষ্ট ৰাজনৈতিক আৰু দার্শনিক পৰিবেশৰ সৃষ্টি হৈ হোৱাৰ দৰে, অসমত ৰোমাণ্টিক আন্দোলনৰ উদ্ভৱ হোৱা নাছিল। দেখা যায় পাশ্চাত্যৰ দেশসমূহত ‘ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ ধ্বনি আৰু ভাবাদর্শ কছোৰ প্ৰকৃতিৰ বুকুলৈ উভতি যোৱাৰ আহ্বান, কান্ট-হেগেলৰ  অতীন্দ্রিয়বাদী দর্শনে নৱন্যাস আন্দোলনৰ সৃষ্টিত সহায় কৰিছিল। অসমত তেনে ৰাজনৈতিক বা দার্শনিক পৰিবেশ সৃষ্টি হৈ ৰমন্যাস ভাবধাৰা গঢ়ি উঠা নাছিল।’ অসমত ৰমন্যাস আন্দোলনৰ উদ্ভৱৰ ক্ষেত্ৰত বঙলা সাহিত্যৰ প্রভাবৰ কথাহে বিশ্লেষণ কৰিব পাৰি। ঊনবিংশ শতিকাৰ সময়ত বংগদেশত নৱজাগৰণৰ ভাবধাৰা উদ্ভৱ হোৱাৰ লগতে সাহিত্যক্ষেত্ৰত বমন্যাস আন্দোলনো সংশ্লিষ্ট হৈ পৰিছিল আৰু ইয়াৰ ফলস্বৰূপে আবেগ প্রধান সাহিত্যৰ উদ্ভৱ হৈছিল। বংগদেশৰ সেই সময়ৰ সাহিত্যিক আন্দোলনে অসমীয়া সেই সময়ৰ শিক্ষিত যুৱকসকলৰ মনো জগাই তুলিছিল আৰু তেওঁলোকে তেওঁলোকৰ মনত উদ্ভৱ হোৱা নতুন নতুন ভাবধাৰা ‘জোনাকী’ৰ যোগেদি প্ৰকাশ কৰিবলৈ লৈছিল। ইয়াৰ ফলস্বৰূপে ‘অসমৰ মাটিত স্বাভাবিকভাবে নগজিলেও এই ৰমন্যাসৰ ভাবাদর্শক অসমীয়া লেখকসকলে আপোন কৰি ল’ব পাৰিছিল। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া ভাষা-সাহিত্যলৈ প্রবাহিত ৰোমাণ্টিক ভাবাদর্শ আৰু ৰূপৰ আলোচনা প্ৰসংগত ক’ব পৰা যায় যে ৰমন্যাসৰ ভাবাদৰ্শৰ সৈতে সুৰ মিলাবলৈ অসমীয়া কবিসকলৰ অনুকুল মানসিক আৰু প্ৰাকৃতিক পৰিবেশ আগৰেপৰাই আছিল। ৰমন্যাসবাদত প্ৰকৃতি জগতৰ বিচিত্ৰ ৰূপ যিদৰে প্ৰকাশিত হৈছিল, তেনে প্ৰকৃতিৰ ৰূপৰ অংকন কৰিবৰ বাবে উপযুক্ত প্রাকৃতিক পৰিবেশ অসমত আছিলেই, কিয়নো অসম আগৰেপৰাই প্ৰকৃতিৰ কাম্যকানন হিচাপেই পৰিচিত। সেয়ে অসমীয়া কবিসকলে ৰমন্যাসবাদত ধ্বনিত হোৱা প্ৰকৃতিজগতৰ প্ৰশস্তিৰ আদৰ্শৰ লগত অতি সুন্দৰভাৱে সহানুভূতি স্থাপন কৰিব পাৰিছিল। দ্বিতীয়তে, মন্যাসবাদত যি অতীত প্ৰীতিৰ, কথাকো এক লক্ষণ স্বৰূপে লোৱা হৈছে, সেই লক্ষণৰ সৈতেও অসমীয়া সাহিত্যিকসকলে এই ধৰণেই জড়িত হৈ আছিল, কিয়নো ৰোমাণ্টিক সাহিত্যৰাজি সৃষ্টিৰ মাত্র তিনি কুৰি বছৰমানৰ আগেয়ে স্বাধীনতা হেৰুওৱা অসমীয়া কবিসকলে অতীতলৈ প্ৰীতিশ্ৰদ্ধাৰে উভতি চাবৰ বাবে মনত এক প্ৰেৰণা লাভ কৰিছিল। ৰোমাণ্টিক ভাব ধাৰাৰ লগত চহা জীৱনৰো এক অবিচ্ছেদ্য সম্পর্ক আছিল আৰু অসমীয়া কবিসকলো চহ জীৱনৱৰ সৰলতাৰ সৈতে সম্পর্কিত আছিল। সেয়ে তেওঁলোকে সেই মনোভাৱো তেওঁলোকৰ সাহিত্যৰ যোগেদি প্ৰকাশ কৰিবলৈ সহজে সমৰ্থ হৈছিল।

সমালোচক সকলে দেখুওৱা অনুসৰি এইবোৰ অনুকুল কাৰণৰ ফলস্বৰূপেই অসমীয়া কবিসকলে পাশ্চাত্য সাহিত্যত গঢ় লৈ উঠা ৰোমাণ্টিক বা ৰমন্যাসবাদী ভাবধাৰাক আদৰি ল’বলৈ সমৰ্থ হৈছিল যদিও এই ক্ষেত্ৰত এই ৰোমাণ্টিক ভাবাদর্শ দুটা পথেদি অসমীয়া সাহিত্যত প্ৰৱেশ লাভ কৰিছিল বুলি দেখুওৱা হয়। (ক) বঙালী সাহিত্যৰ যোগেদি আৰু (খ) ইংৰাজী সাহিত্যৰ যোগেদি।

জোনাকী আলোচনীৰ যোগেদি অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাবধাৰাৰ আগমনত এইদৰে বঙালী সাহিত্যৰ অধ্যয়ন আৰু ইংৰাজী সাহিত্যৰ অধ্যয়ন এই দুটা প্রক্রিয়াকেই সাধাৰণতে চিহ্নিত কৰা হয়। দেখা যায় ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ অসমীয়া লেখকসকলে বঙালী আৰু ইংৰাজী দুয়োটা ভাষাৰে সাহিত্য অধ্যয়ন কৰিছিল। সেই সময়ত বংগদেশত আৰম্ভ হৈছিল সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদিৰ ক্ষেত্ৰত পুৰ্ণজাগৰণ আৰু ইয়াৰ ফলতে বংগীয় কবি-সাহিত্যিক মধুসূদন দত্ত, বিহাৰীলাল, নবীন সেন, হেম বন্দ্যোপাধ্যায় আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায় আদিয়ে সাহিত্যৰ যোগেদি বংগদেশত বিপ্লৱ আনিবলৈ চেষ্টা কৰিছিল। অসমীয়া লেখকসকলে কলকাতাত পঢ়া সময়ত এই বংগীয় সাহিত্য সংস্কাৰৰ অধ্যয়নৰ দ্বাৰা অনুপ্ৰেৰিত হৈছিল; তেওঁলোকে সেই সাহিত্যবোৰ তন্ন তন্নকৈ অধ্যয়ন কৰিছিল আৰু সেই সাহিত্যৰ আৰ্হিত অসমীয়াতো বিভিন্ন প্ৰকাৰৰ পুথি ৰচনা কৰিবলৈ আগবাঢ়িছিল। এই লেখকসকলে ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ লগতে বঙলা সাহিত্যৰ চানেকিক আদর্শ হিচাপে গ্ৰহণ কৰিছিল আৰু এইদৰেই ৰোমাণ্টিক আদৰ্শেৰে পৰিপুষ্ট নতুন অসমীয়া সাহিত্যৰ উদ্ভৱ হৈছিল। দেখা যায়, ‘জোনাকী’ আলোচনীতেই এই ভাবাদর্শমূলক সাহিত্যসমূহৰ যেন প্রথম আত্মপ্রকাশ ঘটিছিল।

‘জোনাকী’ আলোচনীয়ে এইদৰে ৰোমাণ্টিক ভাৱাদৰ্শক অসমীয়া সাহিত্যলৈ বহন কৰি আনিছিল আৰু এই আলোচনীয়ে অসমীয়া সাহিত্যৰ বিকাশত ভালেখিনি অৱদান যোগাইছিল। অসমীয়া সাহিত্যৰ বিকাশত ‘জোনাকী’ আলোচনীৰ বৰঙণিৰ প্ৰসংগতে ‘জোনাকী’য়ে যে প্রাচ্য আৰু পাশ্চাত্য ভাবধাৰাৰ মাজত সংযোগ সেতু স্থাপন কৰিছিল; ইউৰোপৰ বিশেষকৈ ইংৰাজী সাহিত্যৰ ভাব আৰু ৰূপৰ আদৰ্শত যে বিবিধ প্ৰকাৰৰ নতুন সাহিত্যৰ জন্ম দিছিল এই কথা ক’ব পাৰি। ইয়াৰ লগতে তলত উল্লেখ কৰা বিষয়কেইটাকো অসমীয়া সাহিত্যৰ বিকাশত ‘জোনাকী’ কাকতৰ অৱদান হিচাপে ব্যাখ্যা কৰি দেখুওৱা হয়।

(ক) ‘জোনাকী’ আলোচনীয়ে ৰমন্যাসবাদী ভাবধাৰাৰ বিভিন্ন প্ৰকাৰৰ গীতি-কবিতা যেনে -প্রকৃতিমূলক, প্রেমবিষয়ক ছনেট, শোক কবিতা, ব্যংগ কবিতা আদি প্ৰকাশ কৰে আৰু এইদৰে অসমীয়া সাহিত্যলৈ নতুন কবিতাৰ ধাৰা বোৱাই আনে।

(খ) চুটিগল্প, উপন্যাস আৰু বিবিধ শ্ৰেণীৰ প্ৰৱন্ধৰ সৃষ্টিতো ‘জোনাকী’ আলোচনীয়ে ভালেখিনি বৰঙণি যোগায়। অমীয়া পুৰণি সাহিত্যত কেৱল ধৰ্মমূলক গদ্যহে আছিল; কিন্তু ‘‘জোনাকী’ আলোচনীয়ে বিবিধ গদ্য সাহিত্যৰ সৃষ্টি কৰিলে।

(গ) এই ‘জোনাকী’ আলোচনীৰ যোগেদি ইংৰাজী নাটকৰ Tragedy, Comedy, Parve আদিৰ আদৰ্শৰ নাটক প্রকাশিত হৈ তেনেধৰণৰ নাট ৰচনাৰ বাটো অসমীয়া সাহিত বাবে মুকলি কৰি দিয়ে।

(ঘ) ‘জোনাকী’ আলোচনীয়ে নতুন লেখক সৃষ্টিতো ভালেখিনি সহায় কৰিলে। 

(ঙ) জোনাকী’ৰ সহায়ত গোটেই অসমতে সাহিত্য তথা সংস্কৃতিৰ প্ৰতি অনুৰাগৰ পৰিবেশ এটাও সৃষ্টি হৈছিল।

এইদৰে অসমীয়া ভাষা সাহিত্যৰ সৃষ্টি আৰু বিকাশত ‘জোনাকী’ আলোচনীয়ে যথেষ্ট বৰগুলি আগবঢ়াইছিল।

বেজবৰুৱাই কৈ যোৱা অনুসৰি ‘জোনাকী ‘ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাতে পোনতে ‘লিটিকাই নাটক প্রকাশিত হৈ খমড-খণ্ডকৈ ওলাইছিল। প্রথম সংখ্যা ‘জোনাকী’তে আগৰৱালাৰ ‘কাকুঁৱৰী’ কবিতাটোত প্ৰকাশিত হৈছিল। সেইদৰে দ্বিতীয় সংখ্যা ‘জোনাকী’ত হেমচন্দ্ৰ গোস্বামীৰ ‘কারে আৰু হিয়া নিবিলাও’ নামৰ প্ৰেমৰ কবিতা ওলাইছিল।

‘জোনাকী’ আলোচনীখন ১৮৮৯ চনত কলিকতাৰপৰা ওলাই ছয়বছৰমান পিছত বন্ধ হৈছিল। ১৯০১ চনত গুৱহাটীৰপৰা ই পুনৰ ওলায় যদিও কেইবছৰমান পিছতেই পুনৰ বন্ধ হয়। এইদৰে দেখা যায় যে ‘জোনাকী’ আলোচনীৰ জীৱনকাল খুব দীর্ঘদিনীয়া নাছিল যদিও, অসমীয়া ভাব। সাহিত্যলৈ ইয়াৰ বৰঙণি আছিল অপৰিসীম আৰু ইয়েই যেন অসমীয়া সাহিত্যৰ সুৰ কী কৰি প্ৰকৃতভাৱে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাব বহন কৰি আনিবলৈ সমর্থ হয়।

৭। অসমীয়া ৰোমাণ্টিক ভাবধাৰাৰ কবি আৰু কবিতাৰ বিষয়ে এটি আলোচনা যুগুত কৰ।

উত্তৰঃ ১৮৮৮ খৃষ্টাব্দত কলকাতাত প্ৰতিষ্ঠা হোৱা অসমীয়া ভাষাৰ উন্নতিসাধিনী সভাৰ মুখ হিচাপে ১৮৮৯ খৃষ্টাব্দত প্রকাশিত ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ পাশ্চাত ৰোমাণ্টিক ভাবধাৰাৰ আগমন হয়। দৰাচলতে অসমীয়া সাহিত্যৰ নৱন্যাস বা ৰোমাণ্টিক যুগৰপৰাহে আধুনিক অসমীয়া কবিতাই সকলো দিশৰপৰা উন্নতিৰ পথত আগবাঢ়ে বুলি বা পাৰি। ঊনবিংশ শতিকাৰ শেষৰখিনি সময়ত কলকাতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলে ইংৰা ৰোমাণ্টিক কবি ৱৰ্ডছৱৰ্থ, বাইৰণ, কলেজি, ছেলী, কীট্চ আদিৰ দ্বাৰা প্রভাবান্বিত হয় আৰু তেওঁলোকৰ কাব্যৰীতি আৰু আদৰ্শৰদ্বাৰা প্ৰভাৱান্বিত হৈ অসমীয়া ভাষাতো তেনেধৰণৰ কবিতা লিখাৰ প্ৰচেষ্টাৰে আগবাঢ়ে আৰু ইয়াৰ ফলস্বৰূপে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰই পোনপ্ৰথমে এই নতুন কবিতাই প্ৰকাশ লাভ কৰি উঠে। চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰা দ্বাৰা কৰি দেৱকান্ত বৰুৱালৈকে বিভিন্ন কবিসকলে দ্বিতীয় মহাসমৰৰ আগলৈ এই ভাবধাৰাতেই কবিতা ৰচনা কৰে বুলি ক’ব পৰা যায় আৰু সেয়ে ৰোমাণ্টিক যুগৰ অসমীয়া কবিতা বুলিলে ঊনবিংশ শতিকাৰ শেষ দশকৰপৰা দ্বিতীয় মহাযুদ্ধৰ সময়লৈ এই ছোৱা সময়ৰ কবিতাকেই বুজিব লাগিব।

অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম হোতা আছিল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’ কবিতাপুথি দুখন তেওঁৰ কবি প্ৰতিভাৰ নিদৰ্শন আৰু এই দুখন পুথিৰ কবিতাৰ যোগেদি ৰোমাণ্টিক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে। ইংৰাজ কৰি ৱৰ্ডছৱৰ্থৰ দৰে চন্দ্ৰকুমাৰ আগৰৱালায়ো প্রকৃতি জগতৰ চিত্ৰ তেওঁৰ কবিতাত দাঙি ধৰিছে আৰু প্ৰকৃতিৰ সাধাৰণ বস্তুতো অসাধাৰণত্ব আৰোপ কৰিছে। ইংৰাজ কবি কলেৰিজ আদিৰ কবিতাৰ দৰে তেওঁৰ কবিতাত পুৰণি লোকগীতৰ প্ৰভাৱো মনকৰিলগীয়া। ৰোমাণ্টিক কবিয়ে কবিতাত মানবতাবাদী দৃষ্টিভংগী পোষণ কৰাৰ দৰে চন্দ্ৰকুমাৰৰ কবিতাতো মানৱতাবাদী দৃষ্টিভংগী পৰিলক্ষিত হয়।

আগৰৱালাৰ লগতে সমসাময়িক লক্ষ্মীনাথ বেজবৰুৱাও আছিল এগৰাকী ৰোমাণ্টিক কবি আৰু তেওঁৰ কবিতাৰ পুথি ‘কদমকলি’ আৰু ‘পদুমকলি’ৰ কবিতাত ৰোমাণ্টিক কবিতাৰ বৈশিষ্ট্য হিচাপে প্ৰেমৰ বিভিন্ন ৰূপ দাঙি ধৰা হৈছে। ইয়াৰ লগতে দেশ বা জাতি-প্ৰেমৰ ভাবধাৰাও বেজবৰুৱাৰ কবিতাত দেখা গৈছে। কবিতাৰ যোগেদি অসমীয়া জাতিক জাগ্রত কৰি তোলাও বেজবৰুৱাৰ কবিতাৰ উদ্দেশ্য আছিল বুলি মন্তব্য দিব পাৰি।

চন্দ্ৰকুমাৰ আগৰৱালা আৰু বেজবৰুৱাৰ দৰে হেমচন্দ্ৰ গোস্বামীয়েও পাশ্চাত্য ৰোমাণ্টিক ভাবাদর্শ অনুসৰি কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ সংগ্ৰহ ‘ফুলৰ চাকি’ত সন্নিবিষ্ট কবিতাসমূহৰ ভিতৰত পাশ্চাত্য আদর্শব ‘ছনেট’ কবিতায়ো মূৰ দাঙি উঠে। তেওঁৰ কিছুমান কবিতাত প্ৰেমৰ আবেদনো মনকৰিবলগীয়া।

ৰোমাণ্টিক কবিতাৰ যুগতেই ‘জোনাকী’ আন্দোলনৰ বাহিৰত থকা মফিজুদ্দিন আহম্মদ হাজৰিকাৰ নামো উল্লেখ কৰিব লাগিব যদিও এওঁৰ কবিতাত ৰোমাণ্টিক কবিতাৰ ভাবধাৰাৰ | বিপৰীতে নৈতিকতাৰ ভাবধাৰাহে বিদ্যমান হোৱা দেখা যায়।

এই যুগৰেই অন্য এজন কবি পদ্মনাথ গোহাঞি বৰুৱা। গোহাঞি বৰুৱাই ‘লীলা’ কাব্যৰ উপৰি ‘জুৰণি’ আৰু ‘ফুলৰ চানেকী’ নামৰ দুখন খণ্ড কবিতাৰ পুথি ৰচনা কৰে। চতুৰ্দ্দশপদী | কবিতা ৰচনা কৰাৰ উপৰি গোহাঞি বৰুৱাই কিছু সংখ্যক ৰোমাণ্টিক ভাবধাৰাৰে পৰিপুষ্ট কবিতা ৰচনা কৰিও অসমীয়া কাব্য জগতলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যায়।

 ৰোমাণ্টিক ভাবধাৰা এই যুগতেই হিতেশ্বৰ বৰবৰুৱায়ো কাব্য আদি ৰচনা কৰাৰ উপৰি বোপাকলি’, মালচৰ’ আৰু ‘চকুলো’ আদি কবিতাৰ পুথি প্ৰকাশ কৰে। বৰবৰুৱাৰ মালচেই প্ৰথম অসমীয়া প্রকাশিত চতুৰ্দ্দশপদী কবিতাৰ পুথি। তেওঁৰ কবিতাৰ মূল বিষয় আছিল স্বদেশ প্রেম। তেওঁ অসমৰ বীৰ বীৰাংগনাসকলৰ জয়গান কৰাৰ লগতে ভগৱানৰ ওপৰত বিশ্বাসো স্থাপন কৰিছিল আৰু এনেবোৰ ভাবো কবিতাৰ যোগেদি প্ৰকাশ কৰিছিল। একমাত্ৰ কবিতাৰ পুথি ‘ৰঞ্জন’ৰ যোগেদি চন্দ্ৰধৰ বৰুৱায়ো প্ৰকৃতি বিষয়ক, প্রণয়াত্মক আদি কবিতা ৰচনা কৰি অসমীয়া ৰোমাণ্টিক কবিতাৰ বুৰঞ্জীলৈ বৰঙণি আগবঢ়াই গৈছিল বুলি কব পাৰি। এই সময়ৰে কবি হিচাপে আনন্দ চন্দ্ৰ আগৰৱালাৰ নামো স্মৰণযোগ্য।

অসমীয়া ৰোমাণ্টিক কবিতাৰ বুৰঞ্জীত ৰঘুনাথ চৌধাৰীৰ নাম উল্লেখযোগ্য আৰু কুৰি শতিকাৰ আদিভাগৰ খ্যাতনামা কবি হোৱাৰ উপৰি তেওঁ কবি হিচাপে জোনাকী যুগৰ পৰাই পৰিচিত। ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পুথিসমূহ হৈছে ‘সাদৰী’, ‘কেতেকী’, ‘কাৰবালা’, ‘দহিকতৰা’ ইত্যাদি। ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক কবি হিচাপে এই কাৰণেই উল্লেখযোগ্য যে তেওঁৰ কবিতাত অসমীয়া জাতীয় জীৱনৰ চিত্ৰ, ভগবৎ প্ৰেম আৰু বৈৰাগ্যৰ ভাব প্রকাশ পোৱাৰ উপৰি প্ৰধানকৈ প্ৰকৃতিৰ প্ৰতি কবিৰ গভীৰ প্ৰীতি বা ভালপো । মনোভাবহে প্রকাশিত হৈছে। ইংৰাজ কবি ৱৰ্ডছৱৰ্থৰ দৰে অসমীয়া প্ৰকৃতি কবি বা বিহগী কৰি ৰঘুনাথ চৌধাৰীয়েও প্রকৃতি জগতৰ লগত নিবিড় সম্বন্ধ স্থাপন কৰিবলৈ বিচাৰিছে। তেওঁ ক’ব বিচাৰিছে মানৱ জগতত থকা হিংসাদ্বেষ, কপটতা আদিৰ মনোভাব প্রকৃতি জগতত নাই। তেওঁৰ ফুল সম্পৰ্কীয় আৰু চৰাই সম্পৰ্কীয় যিবোৰ কবিতা আছে, সেইবোৰৰ যোগেদি প্ৰকৃতিৰ সৈতে কবিৰ অন্তৰংগ সম্পর্ক বিদ্যমান আৰু এইদৰে ৰোমাণ্টিক কবি হিচাপে তেওঁ বিশিষ্ট স্থান লাভ কৰিছে।

কবি দুৰ্গেশ্বৰ শৰ্মাও এই যুগৰে এগৰাকী কবি। ‘অঞ্জলি’ আৰু ‘নিবেদন’ নামৰ কবিতা পুথিৰ ৰচক শৰ্মাৰ কবিতাত ৱৰ্ডছৱৰ্থৰ প্ৰভাব দেখা যায় আৰু তেওঁ ইংৰাজ কবিজনৰ ‘‘লুচি’ কবিতাৰ সৰল ভাঙনি কৰি ৰোমাণ্টিক কবি হিচাপে পৰিচয় দিছে। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শৰ প্রভাবো বিদ্যমান।

অন্য এগৰাকী কবি নীলমণি ফুকনৰ ‘জ্যোতিকণা’, ‘মানসী’, ‘গুটিমালী’ আদি ভালেকেইখন কবিতাপুথিৰ কবিতাৰ যোগেদি ভাৰতীয় দৰ্শন তথা অতীন্দ্ৰিয়বাদী ভাবধাৰা প্ৰকাশিত হোৱাৰ উপৰি কবিৰ সত্য আৰু সুন্দৰৰ প্ৰতি থকা হেঁপাহৰ মনোভাবো ফুটি ওলাইছে। কবিয়ে সৃষ্টিৰ সকলোতে মহান শক্তি এটা নিহিত হৈ থকা দেখিছে আৰু সেই শক্তিৰদ্বাৰা অনুপ্ৰাণিত হৈছে।

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত এহাতে যেনেকৈ জাতীয়তাবাদী মনোভাব প্রকাশিত হৈছে, সেইদৰে অতীন্দ্ৰিয়বাদী ভাবধাৰাও বায়চৌধুৰীৰ কবিতাত বিকশিত হৈ উঠিছে। শৈলধৰ ৰাজখোৱাৰ একমাত্ৰ কবিতা পুথি ‘নিজৰা’তো ৰোমাণ্টিক ভাবধাৰাৰ প্ৰকাশ ঘটিছে। জাতীয়তাবোধৰ ভাবধাৰাক কবিতাৰ মূল সুৰ হিচাপে লোৱা ৰাজখোৱাৰ বুৰঞ্জীৰ ভেটিত ৰচিত ৰোমাণ্টিক কাহিনী যুক্ত ‘পাষাণ প্রতিমা’ক সমালোচকে অনুপম সৃষ্টি বুলি অভিহিত কৰে।

লক্ষ্মীনাথ ফুকনৰ কবিতাৰ সংখ্যা কম যদিও তেওঁৰ ডেকা কালত ৰচনা কৰা সৰহভাগ কবিতাই প্ৰেম বিষয়ক আৰু সেই হিচাপে ৰোমাণ্টিক কবিতাৰ শাৰীত ফুকনকো অন্তর্ভুক্ত কৰিব পাৰি। অসমীয়া ৰোমাণিটক কবি হিচাপে যতীন্দ্র নাথ দুৱৰাও অন্যতম আৰু জোনাকী যুগৰ ৰোমাণ্টিক ভাবাদর্শ দুৱৰাৰ কবিতাতহে পূৰ্ণ বিকশিত হয় বুলি ক’ব পাৰি। দুৱৰাই ‘আপোন সুৰ’, ‘বনফুল’ আদিৰ কবিতাৰ যোগেদি নিজৰ ব্যক্তিগত ভাবধাৰা ভাবাদৰ্শৰ প্ৰেমৰ কবিতা লিখি উল্লেখযোগ্য ৰোমাণ্টিক কবি হিচাপে নিজৰ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। কবিয়ে তেওঁৰ প্ৰিয়তমাৰ সৌন্দৰ্যৰ মাজতেই যেন বিশ্বৰ সকলো প্রেম সৌন্দর্য নিহিত থকা দেখা পাইছে।

ওপৰত উল্লেখ কৰা এইসকল কবিৰ উপৰি ৰোমাণ্টিক যুগৰ অন্য উল্লেখযোগ্য কবিসকল হ’ল – দণ্ডিনাথ কলিতা, পদ্মধৰ চলিহা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, নলিনীবালা দেৱী, প্রসন্নলাল চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, অতুল চন্দ্ৰ হাজৰিকা, আনন্দ চন্দ্ৰ বৰুৱা, গণেশ গগৈ, দেৱকান্ত বৰুৱা ইত্যাদি। এইসকল কবিয়ে বিভিন্ন ভাবধাৰাৰ কবিতাৰে অসমীয়া কবিতাৰ পথাৰখন সমৃদ্ধিশালী কৰি তুলিছে। দণ্ডিনাথ কলিতাই সমাজ সংস্কাৰৰ উদ্দেশ্যে ব্যংগাত্মক কবিতা ৰচনা কৰিছে। নলিনীবালা দেৱীয়ে ভাৰতীয় আধ্যাত্মিক ধাৰণা সম্পন্ন অতীন্দ্রিয়বাদী কবিতা ৰচনা কৰাৰ উপৰি দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কবিতাও ৰচনা কৰিছে। প্ৰসন্নলাল চৌধুৰীয়ে বিদ্ৰোহাত্মক কবিতাৰে অসমৰ জাতীয় জীৱন সজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে। একে ধৰণৰ স্বদেশপ্রেম বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাতো দেখা গৈছে। ডিম্বেশ্বৰ নেওগৰ কবিতাত অতীত গৌৰৱপূৰ্ণ কাহিনীৰে অসমীয়াৰ মন উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা পৰিলক্ষিত হৈছে। দেশপ্ৰেমৰ ভাবধাৰাৰ লগতে শিশু উপযোগী কবিতা লিখি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কবিতাৰ বুৰঞ্জীত বিশিষ্ট স্থান দখল কৰিছে। অতুল চন্দ্ৰ হাজৰিকায়ো প্রকৃতি বিষয়ক, প্রেমমূলক আৰু দেশপ্রেমমূলক কবিতা ৰচনা কৰিছে। ‘বকুল বন’ৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাত পাৰ্চীয় চুফি কবি হাফেজৰ প্ৰেমৰ সুৰ ধ্বনিত হৈছে। গণেশ গগৈয়ে তেওঁৰ কবিতাৰ যোগেদি প্ৰেমৰ উপৰি প্ৰকৃতিৰ সৌন্দৰ্য আৰু বীৰৰ প্ৰশক্তিও দাঙি ধৰিছে।

ৰোমাণ্টিক যুগৰ এই বিশাল অসমীয়া কবিতাৰ পৰিসৰত স্থান লাভ কৰা শেষৰজন কবিয়েই হৈছে দেৱকান্ত বৰুৱা আৰু তেওঁৰ একমাত্ৰ কবিতাৰ পুথি হৈছে ‘সাগৰ দেখিছা”। দেৱকান্ত | বৰুৱাৰ কবিতাৰ বিষয়বস্তু, ভাব, ৰচনাৰীতি, প্ৰকাশ ভংগী সকলো বিষয়তে নতুনত্ব আছে | আৰু ৰোমাণ্টিক কবি হিচাপে তেওঁৰ সৰহভাগ কবিতাতেই প্ৰেমৰ জয়গান ঘোষিত হৈছে। এইদৰে জোনাকী যুগতেই আৰম্ভ হোৱা অসমীয়া ৰোমাণ্টিক কবিতা ৰচনাৰ প্ৰৱাহ কুৰি শতিকাৰ | চতুর্থ দশকমান অর্থাৎ দ্বিতীয় মহাসমৰলৈকে চলি থাকে আৰু ওপৰত উল্লেখ কৰা বিশিষ্ট কবিসকলেই প্ৰধানকৈ এই যুগৰ অসমীয়া কবিতাৰ পৰিপুষ্টি সাধনত সহায় কৰে।

৮। প্ৰথম অসমীয়া ৰোমাণ্টিক কবি কোন? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

৯। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক বুজোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা  হয়।

১০। বাখ্যা কৰা :

খোপাত পিন্ধিছে বনৰ পখিলা,

আটাই আপোন ধন ।

বন ফুলৰ মৌ পিছে কোনোৱে বা

শান্ত হ মানুহ মন।

উত্তৰঃ প্রশ্নোধৃত পদ্যাংশফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ত সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা ‘বনকুৱৰী’ কবিতাটোৰ পৰা লোৱা হৈছে। কবিয়ে ইয়াত বণ্য ফুল পাতেবে, আভূষণেৰে সজ্জিত বনকুঁৱৰীৰ ৰূপৰ মেলাৰ দি আনন্দৰ বন্যা তাকেই ক’ব বিচাৰিছে।

কবিৰ কল্পনাৰে বনৰ মায়াময় ৰূপ ছবিটিক ‘বনকুঁৱৰী’ বুলি চঞ্চলা গাভৰু এজনীৰ ৰূপত অংকন কৰিছে। সেই বনৰ দেৱকন্যাবোৰে খিল খিলাই হাঁহি, নাচি-বাগি টুক টুক চাপৰি বাই ধেমালী কৰিছে। খোপাত বনৰ পখিলা পিন্ধিছে, কোনোবাই ফুলৰ মৌ পি খাইছে, এই মায়াময় প্ৰকৃতিৰ বিনন্দীয়া ৰূপে কবিৰ হৃদয় মন আনন্দেৰে ওপচায় পেলাইছে।

HS first year solutions

This Post Has 4 Comments

Leave a Reply