HS First Year Assamese গোট ৩ : কবিতা পাঠ ৩ – ধনবৰ আৰু ৰতনী

HS First Year Assamese গোট ৩ : কবিতা পাঠ ৩ – ধনবৰ আৰু ৰতনী। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ ৩ – ধনবৰ আৰু ৰতনী AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৩ : কবিতা পাঠ ৩ – ধনবৰ আৰু ৰতনী

ধনবৰ আৰু ৰতনী

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ কদমকলি। 

২I লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰঃ মোৰ জীৱন সোঁৱৰণ।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

8। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা ?

উত্তৰঃ সাধুকথাৰ ঝুঁকি।

৫। ‘বাঁহী’আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

(খ)চমু প্রশ্ন : (প্রতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

১। মালিতা কি ? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ মালিতা মানে কিছুমান আখ্যানমূলক গীতক বুজোৱা হয়। ইংৰাজীত মালিতাক ‘বেলাড’ বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ দুটা কাল্পনিক চৰি ধনবৰ আৰু ৰতনী উভয়ে প্রায় ১৬ বছৰীয়া আৰু দুয়ো প্রেমিক-প্রেমিকা।

৩। “বোপাই” মোৰ লুইঐ ! সামৰি লোৱা মোক”— বুলি কোনে কিয় কৈছিল। 

উত্তৰঃ ধনবৰে কৈছে। ৰতনীৰ অনুপস্থিতিৰ বেজাৰ ধনবৰে সহিব পৰা নাছিল বাবে এনেকৈ কৈছে।

8। “ৰতনীক তুলিলে মাকে বাপেকে

      ধনাইৰ কাল শতক কৰি”

— ৰতনীক কিয় ধনাইৰ কাল শতক বুলি কোৱা হৈছে?

উত্তৰঃ ৰতনীয়ে ধনবৰৰ হৃদয় শূণ্য কৰি গুচি গ’ল। ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ। ৰতনীয়ে খন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল। সেইবাবে ৰতনী যেন ধনাইৰ কাল শত্ৰু হৈ পৰিল।

৫া “পাৰতে কান্দিছে ধনবৰ দুখীয়া”— ধনবৰে কিয় কান্দিছে? 

উত্তৰঃ ধনবৰ আছিল ভিকহবো ভিকহু। সেইবাবে ধনবৰৰ বাবে ৰতনীয়ে আছিল সর্বস্ব। যেতিয়া ৰতনীয়ে ধনবৰক এৰি গুচি গৈছিল তেতিয়া বিৰহত ধনবৰে লুইতৰ পাৰত বহি কান্দি আছিল।

(গ)দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪ অথবা ৫)

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।

উত্তৰ : ‘ধনবৰ আৰু ৰতনী’ আখ্যান প্রধান বা বর্ণনামূলক গীতৰ অন্তৰ্গত কাল্পনিক বা মালিত শ্ৰেণীৰ গীতৰ অন্তৰ্গত। ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ বৰ্ণনা অনুসৰি ধনবৰ আম ৰতনী এহাল প্রেমিক-প্রেমিকা। মালিতাৰ লক্ষণসমৃদ্ধ কবিতাটোত কবিয়ে ধনবৰৰ অন্তৰ দুখ প্ৰকাশ কৰিছে। ইয়াৰ মাজেদি অবিচল প্ৰেমৰ কাৰুণ্য ফুটি উঠিছে। ৰতনী আৰু ধনবৰ উভয়ে প্রায় সমবয়সীয়া গাভৰু আৰু ডেকা। ধনবৰৰ ঘৰ দিখৌমুখত। মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰি মুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে। এদিন মাক—বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে. বুকুৰ মাধুৰী লৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি গুচি গ’ল। ৰতনী অবিহনে ধন বৰ জীয়াই থাকিবলৈ অপৰাগ। ৰতনীয়ে খন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল। ৰতনী যেন ধনবৰৰ কালশতক হৈ পৰিল। ৰতনীৰ বেজাৰত লুইতৰ পাৰত ধনবৰ জহি যাবলৈ ধৰিলে। ধনবৰে অভিমান কৰি ৰতনীক আকৌ উভতি আহিবলৈ কৈছে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব। সেয়ে ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি নৈত জাপ দিছে। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰ: ধনবৰ আৰু ৰতনী ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা কাল্পনিক চৰিত্ৰ। ধনবৰ আৰু ৰতনী উভয়ে প্রায় ১৬ বছৰীয়া। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে। এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। সমগ্ৰ কবিতাটোতে এনে বিলাপৰ বৰ্ণনা আছে। ৰতনীয়ে ক্ষন্তেকৰ বাবে আহি বুকুৰ মাধুৰি লৈ ধনবৰৰ হৃদয় শূন্য কৰি মনত শোকৰ সৃষ্টি কৰি গুচি গ’ল। ধনবৰে বিলাপ কৰি কৈছে যে তেওঁ ভিকহুৰো ভিকহু। ৰতনীৰ বাৱে অশেষ কষ্ট ত্যাগ কৰিবলৈও ধনবৰ প্ৰস্তুত হৈছে। ৰতনী নোহোৱাত ধনবৰে কান্দিছে। ৰতনীৰ বেজাৰ ধনবৰে সহিব পৰা নাই। সেয়েহে, বিলাপৰ মাজেৰে ধনবৰে নিজৰ সুপ্ত বেদনাৰ প্ৰকাশ কৰিছে।

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বর্ণনা কৰা। 

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ধনশিৰিমুখত। মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিলে। এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনী যোৱাৰ পাছত ধনবৰৰ বুকু উদং হৈ পৰিল। ৰতনী অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰ্গ হ’ল। সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল।

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) গড়াতে উৰিল ঐ গড়াৰে চিলনী,

          বালিতে উৰিল ঐ ঘোঁৰা,

সেন্দুৰী টিঙতে বহি উটি গ’লে

          ৰতনী ধনাইৰ পৰা।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা

বচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে উদ্ধৃতিটোৰ মাজেৰে ধনাইৰ পৰা ৰতনীয়ে দূৰলৈ যোৱাৰ কথা ব্যক্ত কৰিছে। ৰতনীৰ বিচ্ছেদ ধনাইয়ে সহ্য কৰিব পৰা নাই। ৰতনী নোহোৱাত ধনাইৰ জীৱন নোহোৱা যেন হৈ পৰিছে। ব্ৰহ্মপুত্ৰত কাক লৈ যাব ধনবৰে, সেয়া বিচাৰি উলিয়াব পৰা নাই৷ ৰতনীৰ পুৰণি স্মৃতিয়ে ধনবৰৰ মনত দোলা দি আছে। ধনবৰে ৰতনীক পাহৰিব পৰা নাই। ৰতনী ধনাইব পৰা বহু দূৰলৈ উটি গৈছে বুলি কবি বেজবৰুৱাই উল্লেখ কৰিছে।

(খ)  ফুটুকাৰ তলতে যখিনী ছোৱালী

টুকটুক্ চাপৰি বায়,

ধনাইৰে ছাঁতে ৰতনী নাই ঐ,

কোনে তাৰ মুখলৈ চায়।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ৰতনী নোহোৱাত ধনবৰৰ মুখত ছাঁ সদৃশ সেতা পৰি যোৱাৰ বৰ্ণনা কবিয়ে দিছে। লুইতৰ শিশু পোৱালিৰ দৰে ৰতনী আকস্মিকভাৱে নোহোৱা হ’ল। ৰতনীৰ মাক-দেউতাকে তাইক লগত লৈ গ’ল। ব্ৰহ্মপুত্ৰৰ বালিচৰত বালিমাহী চৰাইৰ সৈতে ধনবৰে বিনাই আছে। ফুটুকাৰ যেন স্থায়ী নহয়। ঠিক ফুটুকাৰ ফেনৰ দৰে হঠাতে জীৱনলৈ ৰতনী সোমাই আহি নোহোৱা হ’ল। ধনাইৰ লগত আজি ৰতনী নাই। দুয়োয়ে ইটো-সিটোৰ ছাঁৰ দৰে আছিল। কিন্তু আজি ৰতনী নোহোৱাত ধনবৰৰ মুখত ৰতনীৰ ছাঁ নাই। ধনবৰৰ মুখমণ্ডলত ছাঁসদৃশ বিষাদে আঁৱৰি ৰাখিছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু আৰু চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১/২ অথবা ৩)

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটি কোনখন কাব্যপুথিৰ অন্তৰ্গত?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘কদমকলি’ কাব্যপুথিৰ অন্তর্গত।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটিৰ লিখক কোন?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটিৰ লিখক লক্ষ্মীনাথ বেজবৰুৱা।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৩। লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়া আৰু ক’ত জন্ম গ্ৰহণ কৰিছিল ?

 উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম লাভ কৰিছিল।

8। লক্ষ্মীনাথ বেজবৰুৱাই দেউতাকৰ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই দেউতাৰ নাম দীনানাথ বেজবৰুৱা আছিল। 

৫। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতি আছিল?

উত্তৰঃ ১৯২৪ চনত।

৬। ‘ধনবৰ আৰু ৰতনী’ কবিতাটি কোন শ্রেণীৰ মালিতা?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটি এটি কাল্পনিক মালিতা।

৭। মালিতাসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি। সেই কেইটা কি কি?

উত্তৰঃ মালিতাসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি।

সেই তিনিটা ভাগ হৈছে– 

(ক) বুৰঞ্জীমূলক, 

(খ) কিম্বদন্তি বা জনশ্রুতিমূলক আৰু 

(গ) কাল্পনিক।

৮। মালিতা কি?ই কেইবিধ?

উত্তৰঃ মালিতা হ’ল কিছুমান আখ্যানমূলক গীত বা কাহিনীমূলক গীত। মালিতা তিনি প্ৰকাৰৰ৷

৯। লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ১৮৬৪ চনত অবিভক্ত নগাওঁ জিলাৰ আঁহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। দেউতাক দীননাথ বেজবৰুৱাই চাকৰি সূত্ৰে তেজপুৰ, বৰপেটা আদি ঠাইত থাকিবলগীয়া হোৱাত বেজবৰুৱাই সেইবোৰ ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ১৮৮৬ চনত শিৱসাগৰৰ পৰা প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বি. এ. পাছ কৰে। এম. এম. আৰু বি. এল অধ্যয়ন কৰিছিল যদিও সমাপ্ত নহ’ল।

ভোলানাথ বৰুৱাৰ সৈতে বেজবৰুৱাই ব্যবসায়ী জীৱনৰ পাতনি মেলে। পিছত ৱাৰ্ড নামৰ ইংৰাজী কোম্পানী এটাৰ লগত ব্যৱসায়ত নামে। অৱশেষত সম্বলপুৰত তেওঁ কাঠৰ কাৰবাৰ কৰিবলৈ লয়।

বেজবৰুৱাৱাৰ কবিতা পুথি দুখন হ’ল –

‘কদমকলি’ আৰু ‘পদুমকলি’। বেজবৰুৱাই ‘পদুমকুঁৱৰী’ নামৰ উপন্যাস ৰচনা কৰাৰ লগতে ‘সুৰভি’, ‘সাধুকথাৰ কুকি’, ‘জোনবিৰি’, ‘কেহোঁকলি’ নামৰ চুটিগল্পৰ পুথি ৰচনা কৰে। ‘বুঢ়ী আইৰ সাধু’, ‘জুনুকা’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ তেওঁৰ সাধুকথাৰ পুথি। তেওঁৰ হাস্য ৰসাত্মক পুথিকেইখন হ’ল— ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘বৰবৰুৱাৰ বুলনি’। ‘মোৰ জীৱন সোঁৱৰণ তেওঁৰ আত্মজীৱনী। ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘শ্ৰী শ্ৰী শংকৰদেৱ’, মহাপুরুষ শ্রী শংকৰদেৱ আৰু মাধৱদেৱ’ তেওঁ ৰচনা কৰা জীৱনী পুথি। The Religion of Love and Devotion”শ্রী কৃষ্ণকথা’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘ভাগৱত কথা’ আৰু ‘শ্ৰী কৃষ্ণকথা’ তেওঁৰ আলোচনামূলক গ্রন্থ।

অসমীয়া সাহিত্যত চুটিগল্পৰ জনক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এক বিশেষ সম্মান আছে। অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিৱেশনৰ তেখেত সভপতি আছিল। বেজবৰুৱাই ‘বাঁহী’ আলোচনী সম্পাদনা কৰি অসমীয়া আলোচনীৰ ইতিহাসত যুগান্তৰৰ সৃষ্টি কৰিছিল। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয়। 

১০। ব্যাখ্যা কৰাঃ

পর্বতে পর্বতে বগাব পাৰোঁ মই

         লতা বগাবলৈ টান,

ৰতনী সোনাইকে বৰাব পাৰো মই

      মাকক বুজাবলৈ টান।

উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা

ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত বাক্যফাঁকিৰ মাজেৰে ধনবৰে ৰতনীৰ লগত হোৱা বিচ্ছেদৰ কাৰণ হিচাপে ৰতনীৰ মাককে জগৰীয়া কৰিছে। তেওঁৰ অতি মৰমৰ লগৰী ৰতনীয়ে ধনবৰক এৰি যেতিয়া মাক দেউতাকৰ লগত গুচি গৈছে, তেতিয়া ধনবৰে প্ৰাণৰ লগৰীয়াক হেৰুৱাই উদ্বাউল হৈ পৰিছে আৰু মনৰ বেজাৰত বিভিন্ন কথাৰে কান্দি কাটি বিলাপ কৰিছে। তেওঁ ৰতনীৰ মাকক কেনেকৈ বুজাব তাকে ভাবি পাৰাপাৰ পোৱা নাই। ধনবৰৰ মতে পৰ্বত বগাবলৈ উজু কিন্তু লতা বগাবলৈ টান একেদৰে ধনবৰৰ প্ৰাণৰ লগৰী ৰতনী সোনাইক বুজাবলৈ ধনবৰৰ বাবে উজু যদিও মাকক পতিয়ন নিয়াবলৈ অতিকে কঠিন।

HS first year solutions

This Post Has 3 Comments

Leave a Reply