HS First Year Assamese গোট ৩ : কবিতা পাঠ – ২ বৰগীত : জয় জয় যাদৱ

HS First Year Assamese গোট ৩ : কবিতা পাঠ – ২ বৰগীত : জয় জয় যাদৱ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ – ২ বৰগীত : জয় জয় যাদৱ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৩ : কবিতা পাঠ – ২ বৰগীত : জয় জয় যাদৱ

বৰগীত : জয় জয় যাদৱ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো? 

উত্তৰঃ ‘মন মেৰি ৰাম চৰণহি লাণ্ড।

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ?

উত্তৰঃ ভক্তি ৰত্নাকৰ।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল

উত্তৰঃ ছয়খন।।

8। বৰগীতবোৰ কি ভাষাত ৰচিত?

উত্তৰ: ব্ৰজাৱলী ভাষাত।

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উত্তৰ; হবিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে। এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

১। ‘শ্ৰুত মাত্রাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?

উত্তৰ ঃ ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে ইয়াৰ দ্বাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্র হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

২। বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা। 

উত্তবঃ মধুৰিপু আৰু মুৰনাশী।

৩। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে? 

উত্তৰঃ ‘মহদানন্দ কন্দ’ মানে মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ । শ্রীকৃষ্ণ জগতৰ সকলোৱে জীৱন স্বৰূপ আৰু সকলোৰে দুখহৰ্তা। তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ। সেই কাৰণে শ্রীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল ? 

উত্তৰঃ শ্রীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল। তেওঁ প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?

উত্তৰঃ শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য।

ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদ পৰা ভক্তক উদ্ধাৰ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শুনা বা স্মৰণ কৰা।। লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্র হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্রল জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪ অথবা ৫)

১। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাৱ লিখা।  

উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে। বৰগীতটিৰ মাজেৰে ভগৱান শ্রীকৃষ্ণর নামৰ মহিমা, পৰম মংগলময় ৰূপ আম ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে।

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্র হয়। এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল ।

এই জগতৰ জীৱন স্বৰূপ শ্রীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মংগলময় শিৱৰূপে বিৰাজমান শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বধ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আম অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়।

গীতটিত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে। পীতবসন পৰিধান তৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে। শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বর্ণনা কৰিছে।

২। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। 

উত্তৰঃ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মংগলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে। ভগৱান শ্রীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা। তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্রলয় | জলত মৎস্য অৱতাৰ লৈ বেদসমূহক উদ্ধাৰ কৰিছিল। দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ করুণা অপাৰ। শ্রীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰাৰ লগতে | কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগৱানেও দৈস্যু | দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মংগল সাধন কৰি আহিছে।

৩। বৰগীতটিৰ জৰিয়তে শ্রীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মংগলময় ৰূপৰ উপৰিও অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে।

শ্রীকৃষ্ণ এই জগতৰ জীৱন স্বৰূপ। তেৱেই সত্য আৰু সনাতন মংগলময়। শিৱৰূপে জগতত বিৰাজমান। সেইবাবেই তেওঁক সত্যম শিবম সুন্দৰম বুলি কোৱা হয়। বৰগীতটোত শ্ৰীমন্ত শংকৰদেৱে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে বুলি উল্লেখ কৰিছে। অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা শ্রীকৃষ্ণৰ অপৰূপ -সৌন্দর্যই সকলোকে মোহিত কৰিছে।

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্রকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। কবিতা বা গীতৰ লগত নিবিড়ভাবে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দর্য। ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দর্য প্রকাশিত হয়। বৰগীতটিত ‘জগত জনজীৱন অর্জন জনাদন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বর্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে। ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। গতিকে চাবলৈ গ’লে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উৎকৃষ্ট ।

৫। ব্যাখ্যাঃ

(ক) জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী।

মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।।

উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। 

ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ আৰু তেঁৱেই যে সকলে আনন্দৰ মূল কাৰণ তাকেই কোৱা হৈছে।

শ্রীকৃষ্ণ এই জগতৰ সকলোৰে জীৱন স্বৰূপ। তেওঁৰ নাম শুনা মাত্ৰকে জগতৰ সকলে বস্তুৱেই পবিত্র হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল আৰু কেশী মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে শ্ৰীকৃষ্ণক ‘জগত বন্ধুবিধু’ বুলিও কোৱা হয়। ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বর্ণনা কৰা হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো ক’ৰ পৰা লোৱা হৈছে? 

উত্তৰঃ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।

২। শ্ৰীমন্ত শংকৰদেৱে সমাজৰ পৰা কিদৰে অস্পৃশ্যতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল। 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰ পৰা অস্পৃশ্যতা দূ কৰিবলৈ প্ৰয়াস কৰিছিল।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৩। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শন কি?

উত্তৰঃ ‘কীৰ্তন ঘোষা”।

৪। অসমীয়া সাহিত্যত বৰগীত আৰু অংকীয়া নাটৰ প্ৰৱৰ্তন প্রথমে কোনে কৰিছিল। 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

৫। কিমান বয়সত শ্রীমন্ত শংকৰদেৱে ইহলীলা ত্যাগ কৰিছিল?

উত্তৰঃ ১১৯ বছৰ বয়সত।

৬। জলনিধিজা বুলি কাক কোৱা হয় ? 

উত্তৰঃ লক্ষ্মীক।

৭। শ্রীকৃষ্ণক কিয় ‘জগত বন্ধুবিধু’ বুলি কোৱা হয় ?

উত্তৰঃ শ্রীকৃষ্ণই কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই তেওঁক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।

৮। ‘জলনিধি’ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ লিখা।

উত্তৰ: ‘জলনিধি’ মানে সাগৰ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ হ’ল – পৰম আনন্দ।

চমু আৰু দীঘৰ প্ৰশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩/৪ অথবা ৫)

১। শ্রীকৃষ্ণক কিয় ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়?

উত্তৰঃ জগত বন্ধু মানে জগত বা পৃথিৱীৰ বন্ধু। আনহাতে ‘বিধু’ মানে চন্দ্ৰটোৰ দৰে। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে তেনেদৰে ভগবান শ্রীকৃষ্ণইও জগতৰ পাপ হৰণ কৰে। শ্রীকৃষ্ণই ৰাক্ষসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। আনহাতে কেশী, মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্রীকৃষ্ণক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।

২। ব্যাখ্যা কৰাঃ

“বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দুনিন্দি পৰকাশী।

শেষ শয়ন শিৱ কেশীবিনাশন পীতবসন অবিনাশী।।”

উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিছে আৰু তেওঁৰ মহিমাৰ কথা উল্লেখ কৰিছে।

শ্রীকৃষ্ণ নানাবিধ ক্রীড়া বা খেলত সুনিপুন। তেওঁ মহিমা অপাৰ। শ্ৰীকৃষ্ণই কেশী নামৰ ঘোঁৰাৰ আকৃতিৰ অসুৰক বধ কৰিছিল বাবেই শ্ৰীকৃষ্ণৰ আন এটা নাম কেশী বিনাশন। কবি শ্ৰীমন্ত শংকৰদেৱে এই কবিতা দুইশাৰীৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে। পীতবসন অর্থাৎ হালধীয়া বস্তু পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো ম্লান কৰা বুলি কবিয়ে এই কবিতাটিত উল্লেখ কৰিছে।

৩ । শ্ৰীমন্ত শংকৰদেৱে কিয় মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাগু’ বৰগীতটি বচনা কৰাৰ পাছত আৰু ভালেমান বৰগীত ৰচনা কৰিছিল। আৰু এই সকলোবোৰ গীত এখন পুথিত সন্নিবিষ্ট কৰা হৈছিল। কিন্তু কমলা গায়ন নামৰ এজন ভকতে এই গীতবোৰ আওৰাবলৈ নিয়াত বনপোৰা জুইত পুৰি সেইবোৰ নষ্ট হয়। ভকতৰ মুখত মাত্ৰ ডেৰকুৰি মান গীত ৰ’ল। শংকৰদেৱে এই সমগ্ৰ ঘটনাটোত বৰ বেজাৰ পালে আৰু সেইবাবে নিজে আৰু বৰগীয় ৰচনা নকৰাৰ সিদ্ধান্ত লৈ প্রিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল । সেইবাবেই আজি মাধৱদেৱতকৈ শংকৰদেৱৰ বৰগীতৰ সংখ্যা কম।

S first year solutions

This Post Has 2 Comments

Leave a Reply