HS First Year Assamese গোট ৩ : কবিতা পাঠ ১- ৰাৱণক বিভীষণৰ সজ উপদেশ

HS First Year Assamese গোট ৩ : কবিতা পাঠ ১- ৰাৱণক বিভীষণৰ সজ উপদেশ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ ১- ৰাৱণক বিভীষণৰ সজ উপদেশ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese গোট ৩ : কবিতা পাঠ ১- ৰাৱণক বিভীষণৰ সজ উপদেশ

গোট ৩ : কবিতা পাঠ ১- ৰাৱণক বিভীষণৰ সজ উপদেশ

(ক) অতি চমু প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ ?

উত্তৰঃ শ্লোকানুবাদ।

২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?

উত্তৰঃ অশোক বাটিকাত।

৩। ‘অপ্ৰমাদী’ শব্দৰ অর্থ কি?

উত্তৰ: অপ্রমাদী মানে হ’ল নির্ভুল বা ভ্রম নথকা।

8। ইন্দ্ৰজিং কোন আছিল?

উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।

৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ মন্দোধৰী।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। ‘নৈকেষেী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল? 

উত্তৰঃ নৈকেষী ৰাৱণৰ মাতৃ আছিল।

ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভাে বিপদৰ আগজাননী পাই মাক নৈকেষীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে। মাক নৈকেষীৰ কথা শুনি তেওঁক প্রণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথ ঘূৰাই অনাৰ পৰামৰ্শ দিবলৈ।

২। ‘নাগপাশ কি? হনুমাক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল? [2018 

উত্তৰঃ নাগপাশ হ’ল পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। হনুমানে যেতিয় গোটেই লংকাখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ইন্দ্ৰজিয়ে নাগপশেবে হনুমাক বন্দী কৰি থৈছিল।

৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল? 

উত্তৰ: জটায়ুৰ ভায়েক সম্পাতিয়ে সীতাক লংকাত বন্দী কৰি থোৱাৰ সম্ভেদ পোৱাৰ পিছত হনুমানে সীতাৰ অন্বেষণত বান্দৰৰ সৰু পোৱালীৰ বেশ ধৰি গোটেই লংকাকে চলাথ কৰিলে। অৱশেষত অশোক বনত গছৰ তলত বহি থকা অৱস্থাত সীতাক দেখা পালে। সেয়ে সীতা হয় নে নহয় জানিবলৈ তেওঁ প্ৰথমে গছৰ ডালত বহি দূৰৰ পৰা ৰামৰ জীৱনৰ সকলো কথা নাম কীৰ্ত্তন কৰি শুনাবলৈ ধৰিলে। সীতাই যেতিয়া তেওঁক দেখা পালে তেতিয়া হনুমানে গছা পৰা নামি আহি সীতা হয়নে জানিব বিচাৰিলে। সীতাই তেৱেঁই সীতা হয় বুলি ক’লে। ফূর্তির হনুমানে সীতাৰ কাষ চাপি যোৱাত সীতাৰ মনত সন্দেহ উপজিল, সেয়া ৰাৱণৰ কোনে চক্রান্ত বুলি। সন্দেহ কৰি সীতা হনুমানৰ ওচৰৰ পৰা আঁতৰি আহিল। এই কথা বুজি হনুমানে সীতাক- বালিক বধ কৰি ৰাম সুগ্ৰীৱৰ বন্ধুত্ব, সুখীৱৰ সীতাক বিচাৰি দিবলৈ কৰা প্ৰতিজ্ঞ বান্দৰে সীতাৰ অলংকাৰ ৰামক বুটলি থৈ দেখুওৱা আদি কাৰ্য, বাৰিষাৰ অন্তত বান্দৰ সেনাই সীতাৰ কাৰণে পৃথিৱী চলাথ কৰা, অঙ্গদ সহিতে দক্ষিণলৈ যোৱা সেনাই সীতাৰ সম্ভেদ নাপাই কেনেকৈ অনশন কৰি মৃত্যু বৰণ কৰিব বিচাৰিলে আৰু তেওঁলোকে সম্পাতিৰ সহায়ত সীত ভূ পোৱা কৰ্ম আৰু হনুমানে কেনেকৈ সাগৰ পাৰ হৈ ৰাৱণৰ অন্তেষপুৰত সীতাক বিচাৰিছিল আদি সমস্ত ঘটনা বর্ণনা কৰি কৈছিল আৰু ৰামে হনুমানক চিন স্বৰূপে দি পঠোৱা আঙুঠিট সীতালৈ আগবঢ়ায় দিছিল। ৰামৰ আঙুঠিটো দেখি সীতাৰ মনত থকা সন্দেহৰ ভাৱ আঁতৰ গৈছিল আৰু হনুমানৰ ওচৰত তাৰ বাবে ক্ষমা খুজিছিল।

8। শংকৰদেৱে আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল? 

উত্তৰঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰিছিল।

৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বিভীষণৰ মতে ৰাজসভাত যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত যেতিয়া এজন মন্ত্ৰীয়ে দিয়া এটা সিদ্ধান্তক সকলোৱে একেস্বৰে সমৰ্থন কৰে তেতিয়া তাক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলিব পাৰি। আনহাতে পাত্ৰ-মন্ত্ৰীসকলৰ বহুতে লগলাগি অর্থাৎ নানা আলোচনাৰ মাজেৰেহে এটা সিদ্ধান্তত উপনীত হ’বলগীয়া হয়, তেতিয়া তেনে সিদ্ধান্তক মধ্যম মন্ত্র বোলা হয়। শেষত যিবোৰ সিদ্ধান্ত ল’বলৈ মানুহৰ অৰ্থাৎ পাত্ৰ মন্ত্ৰীসকল অপাৰ্গ হৈ তাক দৈৱলৈ ঠেলি দিয়ে তেতিয়া তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলিব পাৰি।

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪ অথবা ৫)

১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল? [2015] 

উত্তৰঃ ৰামৰ লংকা অভিযানৰ বাৰ্তা, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিব লগা ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাক নৈকেষীয়ে বিভীষণক আহ্বান জনাইছিল ৰাৱণক বুজাবৰ বাবে। মাক নৈকেষীৰ কথা শুনি তেওঁক প্ৰণাম জনাই বিভীষণ ওলাই গৈছিল ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ বাবে পৰামৰ্শ দিবলৈ।

পাত্রমন্ত্রী সমন্বিতে ৰাৱণ ৰাজসভাত উপৱিষ্ট হৈ আছে। ধবীৰ-স্থিৰ, শান্ত চিত্তীক আৰু শুদ্ধ চিত্তৰ বিষ্ণুভক্ত বিভীষণে সভাত প্ৰৱেশ কৰিলেগৈ আৰু ৰাৱণক সম্বোধন কৰি ক’বলৈ ধৰিলে। বিশেষকৈ তেওঁ ইতিমধ্যে লংকাত হনুমানে কৰি যোৱা কাণ্ডবোৰৰ কথা দোহাৰি ৰাৱণক কলে যে লগত সহস্র পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহি নিশংসয় মনে আহি হনুমান নগৰত সোমালহি। গোটেই নগৰখন পিতপিতাই ফুৰিলে, সীতাৰো দৰ্শন লাভ কৰিলে আৰু সেনাসকলক মাৰি আলোক বন উছন কৰিলে। ইন্দ্ৰজিতে সকলোবোৰ ধৰ্মযুদ্ধতে যুঁজাৰ পিচত নাগপাশেৰে হনুমানক বন্দী কৰিলে। প্ৰাণদণ্ডৰ শাস্তি লঘু কৰি নেজত অগ্নি সংযোগ কৰি শাস্তি প্ৰদান কৰা হ’ল যদিও হনুমানৰ নেজৰ জুইয়ে লংকা নগৰীহে পুৰি ছাৰ-খাৰ কৰিলে।

বিভীষণে আগতে হৈ যোৱা এই ঘটনাবোৰৰ ভিত্তিত উত্তম মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ এটা অনুসৰণ কৰাটো উচিত বুলি জনালে আৰু বুদ্ধিত অপাৰ মন্ত্ৰীসকলে একেশ্বৰে এক উত্তম সিদ্ধান্ত ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰিলে। লগতে তেওঁ ক’লে যে অনেক মতামতৰ মাজেৰে সিদ্ধান্তলৈ আহিব লগাটো মধ্যম আৰু মনুষ্যই নিজৰ ওপৰত বিশ্বাস হেৰুৱাত দৈৱৰ ওপৰত নিৰ্ভৰ কৰিব লগাটোৱেই হ’ল অধম সিদ্ধান্ত।

ইয়াৰ পিচত তেওঁ ৰামৰ গুণ বখানি কলে যে ৰামচন্দ্ৰ হ’ল জগতবিখ্যাত তপস্বী পুৰুষ। তেওঁ যে লংকা উছন কৰিব তাক কোনেও ৰুধিব নোৱাৰে। সুগ্ৰৱীক সখী কৰি লৈ তেওঁলোকে সদলবলে সাগৰ তৰিব। কিন্তু বিভীষণে এনে বুজনি দিয়াৰ পৰিৱৰ্তে ৰাৱণে জনালে যে তেওঁ নিজওে সীতা আইক লক্ষ্মী আৰু জনকজীয়ৰী বুলি জানে আৰু ৰামচন্দ্ৰকো মধুসূদন বুলি জানে। আনকি এইটোও জানে যে ৰামৰ হাততে তেওঁৰ মৃত্যু হ’ব, তথাপি তেওঁ সীতাক ওভোতাই দিবলৈ ৰাজী নহয় বুলি জনালে। পাত্র-মন্ত্রীসকলে ৰাৱণক এনে দুঃস্বপ্নৰ কথা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈহে পৰামৰ্শ দিলে। বিভীষণৰ সৎ পৰামৰ্শই বাৱণৰ ৰাজসভাত কোনো মর্যাদা নাপালে।

২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল। 

উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে সুগ্ৰীৱৰ সহায় লৈছিল।

কিস্তিষ্কাৰ বানৰ ৰজা মুগ্ৰীৱৰ লগত ৰামে মিত্ৰতা কৰি সীতাক উদ্ধাৰ কৰিবৰ বাবে যো-জা চলাইছিল। বানৰ বাহিনীর সহায়ত সাগৰত শিলেৰে ৰাস্তা বনাই লংকালৈ গৈছিল আৰু সীতাক উদ্ধাৰ কৰিছিল।

৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ

উত্তৰঃ বিভীষণ চৰিত্ৰটো হ’ল এজন ধীৰ গম্ভীৰ ব্যক্তি যাৰ আছে সুষ্ঠু বিচাৰ বিবেচনা, সৎসাহস আদি গুণ। লগতে তেওঁ আছিল ৰামভক্ত। কবিতাটোৰ আৰম্ভতে বিভীষণৰ এই গুণবিলাকৰ বৰ্ণনা দিয়া হৈছে অতি সুন্দৰকৈ―

গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ।

 বামত ভকত অতিশয় শুদ্ধ মন।।

ৰাজনয় সমুচিত ধৰ্মক জানন্ত।

 ৰাৱণক সম্বুধিয়া বাক্য বুলিলস্ত।।

বিভীষণৰ আন এটা গুণ হ’ল তেওঁ মাতৃভক্ত আছিল। মাকৰ আদেশতে তেওঁ ৰাৱণক ভৱিষ্যত বিপদৰ পৰা সাৱধান কৰি দিবলৈ যত্ন কৰিছিল। তাৰবাবে তেওঁ ৰাজসভাত গৈ ৰাৱণক বুজাবলৈ চেষ্টা কৰিছিল। এই কথাখিনিৰ বৰ্ণনাও অতি সুন্দৰ ভাবে কবিয়ে কবিতাটো অংকন কৰিছে। বিভীষণে কবিতাটোত কৈছে যে, হনুমানে সহস্ৰ সাগৰ অতিক্ৰমি আহি লংকাত যি তাণ্ডৱ কৰিলে তাৰ পৰাই লংকাৰ ভৱিষ্যত বিপদৰ সতর্কবাণী শুনাইছে ৰাৱণক। তদুপৰি ৰাম হ’ল জগতবিখ্যাত পুৰুষ, তেওঁক লংকা ধ্বংসৰ পৰা বাধা প্রদান কৰিব পৰা শক্তিয়ে কাৰো নাই তাৰ বৰ্ণনা অতি সুন্দৰকৈ দিছে। ইয়াতে ৰামৰ প্ৰতি থকা অগাধ শ্রদ্ধা ও ভক্তি অতি সুন্দৰকৈ ফুটি উঠিছে। কবিতাটোত ৰামৰ পৰাক্ৰমৰ কথা বর্ণনা কৰা হৈছে এনেদৰে ― 

তপৱন্ত ৰাম বৰ পুৰুষ অগাধ। 

লংকা হন কৰিবস্ত নাহিকয় বাধ।।

কবিতাটো উত্তম, মধ্যম আৰু অধম এই তিনিটা ব্যৱস্থাৰ যিকোনো এটা অনুসৰণ কৰি উত্তম সিদ্ধান্ত ল’বৰ বাবে যেনেকৈ আহ্বান কৰিলে তাৰ জৰিয়তে তেওঁৰ যি ৰাজনৈতিক বিচক্ষণতা তাক অতি চতুৰতাৰে প্ৰকাশ কৰিছে।

৪। মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। 

উত্তৰঃ প্ৰাক শঙ্কৰী যুগতে সৰ্বভাৰতীয় জ্ঞান গৰিমাৰ লগত অসমীয়া সাহিত্যৰ সম্পৰ্ক স্থাপন কৰি অকল সেই যুগৰে নহয় বৰ্তমানলৈকে অসমীয়া কাব্য জগতত এখন বিশিষ্ট আসনৰ আধিকাৰী হোৱা মাধৱ কন্দলি সচাই আছিল অপ্রমাদী কবি। শঙ্কৰদেৱে নিজেই এনে জ্ঞান প্ৰতিভাৰ ওচৰত নিজকে ক্ষুদ্ৰ হেন জ্ঞান কৰি লিখিছে—

পূর্ব কৰি অপ্ৰমাদী        মাধৱ কন্দলি আদি

           “বিৰচিলা পদে ৰামকথা।

হস্তীৰ দেখিয়া লাদ.       শশা যেন কাৰে মাৰ্গ

          মোৰ ভৈল তেহয় অবস্থা।।”

কবি মাধৱ কন্দলি বৰাহী ৰজা মহামানিক্য ৰ ৰাজ কবি আছিল আৰু নিজ গুণৰ বলত ‘কবিৰাজ কন্দলি’ উপাধি লাভ কৰিছিল। বৰাহী ৰাজ মহামানিক্যৰ অনুৰোধতে তেওঁ লোক ৰঞ্জনৰ উদ্দেশ্য আগত ৰাখি ৰামায়ণ ৰচনা কৰে। উল্লেখনীয় যে মাধৱ কন্দলিয়ে যি সময়ত ৰামায়ণ ৰচনা কৰিছিল। সেই সময়ত ভাৰৱৰ্ষত ‘কম্বান’ৰ ৰামায়ণখনৰ বাদে আদ কোনো ৰামায়ণ ৰচনা হোৱা নাছিল। অর্থাৎ কন্দলিৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ বছৰমান সময়ৰ পিচতহে বঙালী, হিন্দী আদি ৰামায়ণ ৰচনা হয়। সেয়েহে কন্দলীৰ ৰামায়ণ অকল অসমীয়া ভাষাতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ৰামায়ণী সাহিত্যত এক উল্লেখনীয় সংযোগ।

কন্দলি পোনপটীয়াভাৱে কবি। তেওঁ কোনো নির্দিষ্ট আদৰ্শৰ অনুপ্ৰেৰণাত ৰামায়ণ ৰচনা কৰা নাই। তেওঁ এক লৌকিক কথা হিচাপেই ৰামায়ণ ৰচনা কৰিছে। সেয়েহে তেওঁ যতদুৰ সম্ভৱ ৰামায়ণৰ মূল কাহিনী বিকৃত নকৰাকৈ চৰিত্ৰসমূহ এক তেজ মঙহৰ মানুহৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। তদুপৰি তেওঁৰ ৰচনা গ্ৰাম্য অনুভূতি তথা গ্রাম্য মাতকথাৰে পৰিপূৰ্ণ হৈ আছে। সেই সময়তে ৰামায়ণক এক লৌকিক পুথি হিচাপে ধৰি কৰা এই অনুবাদৰ কাম কম গুরুত্বপূর্ণ কথা নহয়। তেওঁ সেয়েহে নিজেই কৈছে “দৈৱবাণী নোহে ইটো লৌকিকহে কথা”ড” নেওগে সেয়েহে কৈছে “মাধৱ কন্দলিৰ ৰামায়ণে বাস্তৱ জীৱন-পদ্ধতি, মনোৰমা বর্ণনা আৰু সুকুমাৰ কবিতাৰে আমাৰ মনত এটি আহ্লাদৰ সৃষ্টি কৰে।” মাধব কন্দলিয়ে নিজে ‘সাতকাণ্ড ৰামায়ণ পদবন্দে নিবন্ধিলো লম্বা পৰিহৰি সাৰোদ্ধতে’ বুলি কোৱাৰ পৰা অনুমান কৰা হয় যে তেওঁ ৰামায়ণৰ সাতোটা কাণ্ড ৰচনা কৰিছিল। কিন্তু আজিলৈকে তেওঁৰ ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ড পোৱা নগ’ল। সেয়েহে বহুতে তেওঁৰ ৰামায়ণৰ সাতভাগ গ্ৰহণ কৰি পাঁচটা কাগুহে ৰচনা কৰিলে বুলি অনুমান কৰে। সি যিয়েই নহওক কন্দলিৰ আসামান্য প্রতিভা আজিও অসমীয়া সাহিত্যৰ বাবে গৌৰৱৰ বস্তু হৈ আছে।

৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল?

উত্তৰঃ মাকৰ পৰামৰ্শ অনুসৰি বিভীষণে ৰাৱণক সজ পৰামৰ্শ দি বুজাবৰ যত্ন কৰিছিল যে হনুমানে সাগৰ পাৰ হৈ আহি লংকাৰ যি তাণ্ডৱ কৰিলেহি তাৰ পৰাই লংকাৰ আসন্ন বিপদ স্পষ্ট হৈ পৰিছে । তদুপৰি ৰাম হ’ল জগতবিখ্যাত পুৰুষ, তেওঁক লংকা ধ্বংসৰ পৰা বাধা দি ৰখা কাৰো বাবেই সম্ভৱ নহ’ব।

বিভীষণৰ এনে পৰামৰ্শৰ বিপৰীতে বাৱণে জনালে যে তেওঁ ৰামক জগতমুৰাৰি আৰু সীতাক আই লক্ষ্ণী বুলি জানে আৰু ৰামৰ হাততে তেওঁৰ মৃত্যু বুলি জানে যদিও সীতাক ওভোতাই নিদিয়ে। ৰাৱণৰ এনে শংকা দেখি তাক দুঃস্বপ্ন বুলিকৈ পাত্ৰ-মন্ত্ৰীসকলে ক’লে যে সাধাৰণ ভুলৰ বাবে হনুমন্তই লংকাত অগ্নি সংযোগ কৰিব পাৰিলে। কিন্তু লংকাৰ সেনাসকল সচেতন হৈ থাকিলে কোনো ভয়ৰ কাৰণ নাই আৰু কোনেও লংকাক পৰাজিত কৰিব নোৱাৰে। তদুপৰি লংকা অস্ত্ৰ-শস্ত্ৰৰ বলেৰে ভৰি আছে। গতিক সাধাৰণ মানুহ ৰামক ভয় কৰাৰ কোনো কাৰণ নাই।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ ৰচক কোন?

উত্তৰঃ মাধৱ কন্দলি।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

২। মাধৱ কন্দলি কোন শতিকাৰ কবি? 

উত্তৰঃ মাধৱ কন্দলি চতুদৰ্শ শতিকাৰ কবি।

৩। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটো ৰামায়ণৰ কোনটো খণ্ডৰ পৰা লোৱা হৈছে?

উত্তৰঃ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।

৪। বিভীষণ কোন?

উত্তৰঃ বিভীষণ ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰামভক্ত ধীৰ গম্ভীৰ আছিল আৰু মাতৃ নৈকেষীৰ আদেশত ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সব্জ উপদেশ প্ৰদান কৰিছিল।

৫। ৰাৱণৰ মাতৃৰ নাম কি ? 

উত্তৰঃ ৰাৱণৰ মাতৃৰ নাম নৈকেষী।

৬। ইন্দ্ৰজিৎ কোন আছিল

উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।

৭। ৰাৱণক বিভীষণৰ সজ উপদেশ কবিতাটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? 

উত্তৰঃ মাধৱ কন্দলি ৰচিত ৰাময়ণৰ সুন্দৰাকাণ্ডৰ পৰা।

৮। অপ্রমাদী কবি কোন? কোনে তেওঁক এই আখ্যা দিছিল।

উত্তৰ: অপ্রমাদী কবি হ’ল মাধব কন্দলি। তেওঁক শংকৰদেৱে এই আখ্যা দিছিল।

৯। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল?

উত্তৰঃ বৰাহী ৰাজ মহামানিক্যৰ।

১০। মাধৱ কন্দলি কোন যুগৰ কবি? 

উত্তৰঃ মাধৱ কন্দলি প্ৰাক শংকৰী যুগৰ কবি।

১১। মাধৱ কন্দলিক কোনে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ শংকৰদেব।

১২। হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ বালিছন্দা আৰু মনময়ুৰী।

চমু আৰু দীঘল প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ আৰু ৫)

৬। ব্যাখ্য কৰাঃ—

(ক) “ৰাঘৰ মুনিষ যেন জগত বিদিত।

       কহিলো কাহিনী যেন আমাৰ উচিত।।”

উত্তৰঃ উল্লেখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাটি অপ্ৰমাদী কবি মাধব কন্দলিৰ ৰাময়ণৰ সুন্ধৰাকাণ্ডৰ অন্তৰ্গত।

বিভীষণে মাক নৈকৰ্ষীৰ অনুৰোধ মতে ৰাম ৰাৱণৰ সাম্ভাৱ্য যুদ্ধখন বন্ধ কৰাৰ বাবে ককায়েকক পৰামৰ্শ দিবলৈ আহি ৰামৰ বীৰত্ব আৰু শৌর্য-বীৰ্ষৰ বিষয়ে জনাবলৈ গৈ কথাখিনিৰ অৱতাৰণা কৰিছে।

বিভীষণে ৰাৱণক সাক্ষাৎ কৰিয়েই ইতিমধ্য হনুমানে লংকাত জুই দিয়াৰ পৰা ধৰি সৃষ্টি কৰা ত্ৰাসৰ সমস্ত বর্ণনা এবাৰ দোহৰি ককায়েকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু শেষত ৰামৰ গুণ বখানি তেওঁৰ বক্তব্য শেষ কৰিছে। তেওঁ কৈছে যে ৰাঘৱৰ পৰাক্ৰম বা শৌর্য-বীৰ্যৰ কথা জগতে জানে, গতিকে তেওঁ পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলচ কৰি এক যথাযোগ্য সিদ্ধান্ত লোৱাটো বিচাৰিছে।

(খ) শুনি পাত্র মেলে উঠি বোলে ৰাৱণত। দুঃস্বপ্নৰ কথা প্রভু গুচায়ো মনত।।

উত্তৰ:- ওপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত ৰাৱণক বিভীষণৰ সঙ্গ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাটি অপ্রমাদী কবি মাধৱ কন্দলিদেৱৰ ৰামায়ণৰ সুন্দৰাকাণ্ড ‘ৰ অন্তৰ্গত।

মাকৰ আজা পালন কৰি বিভীষণে যেতিয়া ৰাৱণক ৰাজসভাত লগ ধৰি সজ পৰামৰ্শ দি বুজাবৰ যত্ন কৰিছিল যেতিয়া ৰাৱণে তেওঁৰ কথা শুনিবলৈ অমান্তি হৈছিল। তেওঁ কৈছিল ৰাম জগত মুৰাৰি আৰু সীতা আই লক্ষ্মী বুলি তেওঁ জানে, আৰু ৰামৰ হাততে তেওঁৰ মৃত্যু বুলিও জানে কিন্তু সকলো জানিও তেওঁ সীতাদেৱীক ঘূৰাই নিদিয়ে। এই কথা শুনি পাত্র মন্ত্রী সকলে ৰাৱণক তেনে দুঃস্বপ্ন মনৰ পৰা আঁতৰাই পেলাবলৈ ক’লে। সাধাৰণ ভুলৰ বাবে হনুমন্তই লংকাত অগ্নি সংযোগ কৰিব পাৰিলে। কিন্তু লংকাৰ সেনাসকল সচেতন হৈ থাকিলে কোনো ভয়ৰ কাৰণ নাই আৰু কোনেও লংকাৰ একো ক্ষয়ক্ষতি কৰিব নোৱাৰে। পাত্ৰ মন্ত্ৰীসকলে কথাফাকিৰ জৰিয়তে সকলো চিন্তা এৰি যুদ্ধৰ বাবে সাজু হ’বলৈহে ৰাৱণক উৎসাহ যোগালে। তেওঁলোকেও বিভীষণৰ সৎ উপদেশক অকনো মর্যদা নিদিলে।

(গ) “ৰামৰ হাতত জানো মোৰ যাইব জীব। 

তথাপি নিদিবো সীতা জনকৰ জীৱ।।”

উত্তৰঃ উল্লেখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সংকলিত মাধৱ কন্দলিৰ ৰাময়ণৰ সুন্দৰাকাণ্ডৰ পৰা তুলি অনা ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ শীর্ষক কবিতাটিৰ অন্তর্গত।

ৰাৱণক ৰামৰ লগত হ’ব লগা সাম্ভাব্য যুদ্ধখনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে বিভীষণে দিয়া বিভিন্ন সঞ্জ উপদেশৰ উত্তৰ দিবলৈ গৈ ৰাৱণে এই কথা অৱতাৰণা কৰিছে।

উল্লেখিত কবিতাফাঁকি অতি মহত্বপূর্ণ এইবাবেই যে ইয়াৰ মাজেৰে ৰাৱণৰ চৰিত্ৰ অতি সুন্দৰভাৱে ফুটি ওলাইছে। ৰাৱণ আছিল এক পৰাক্ৰমী বক্তা। যোদ্ধা হিচাপে তেওঁ বিনাযুঁজে কাৰো ওচৰত হাৰ মনাতো উচিত বুলি বিবেচনা কৰা নাছিল। নিজৰ পুৰুষত্বৰ প্ৰতি আছিল তেওঁৰ অসীম শ্রদ্ধা, আনহাতে তেওঁ অতি জ্ঞানীও আছিল। সেয়েহে তেওঁ ৰামক জগদ্বীশ্বৰ আৰু সীতা আইক লক্ষ্মী বুলি জানিও। বা নিজৰ মৃত্যু ৰামৰ হাততে নিশ্চিত বুলি জানিও সীতাক ঘূৰাই দিবলৈ অমান্তি হৈছিল।

(ঘ) সংসাৰ ব্যাধিক কৰৈ ইসে উপশাম।

নিৰন্তৰে উচ্চ কৰি বোলা ৰাম ৰাম।। 

উত্তৰ: উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাটি মাধৱ কন্দলিৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা তুলি দিয়া হৈছে।

কবিতা ফাকিৰ লগত বর্ণিত ঘটনাৱলীৰ কোনো সম্পর্ক নাই যদিও প্রাচীন বৈষ্ণৱ শাস্ত্ৰবোৰত পদৰ শেষত ভগৱানৰ গুণানুকীৰ্তন কৰাটো একধৰণৰ ৰীতি। মাধৱ কন্দলিৰ ৰাময়ণত তেনে কোনো আদর্শ নাছিল যদিও পিচত শংকৰ-মাধৱে হাত ফুৰাই তাত বৈষ্ণব ভাবাদর্শৰ বোল সানি দিয়ে। কবিতা ফাঁকিত সেই কথাই ফুটি উঠিছে।

কবিতা ফাঁকিৰ মাজেৰে ইয়াকে ক’ব বিচৰা হৈছে যে সকলো ধৰণৰ সংসাৰৰ ব্যাধি বা ৰোগ শোকক একমাত্র ভগৱান ৰামৰ চৰিত্ৰ শ্ৰৱণ কৰিলেহে নোহোৱা হ’ব পাৰে বা ইয়েই সকলো সংসাৰ তাপৰ পৰা মানুহক মুক্তি দিব পাৰে। এতেকে অতি উচ্চস্বৰে ৰাম নাম ল’বলৈ সকলোকে আহ্বান জনোৱা হৈছে।

(ঙ) অস্ত্ৰ বলে ভৰিপুৰি আছৈ সব লংকা।

    মনুষ্য ৰামক প্ৰভু নকৰিবা শংকা।।

উত্তৰঃ উল্লেখিত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। কবিতাটি আকৌ মাধৱ কন্দলিৰ ৰামায়ণৰ সুন্দৰা কাণ্ডৰ অন্তৰ্গত।

ব্যাখ্যা কৰিবলগীয়া কবিতাফাঁকি ৰাৱণৰ পাত্ৰমন্ত্রীসকলে ৰাৱণক আশ্বাসবাণী হিচাপে শুনাইছিল। বিভীষণে মাক নৈকেষীৰ অনুৰোধ মতে ৰাম ৰাৱণৰ সাম্ভাব্য যুদ্ধখন বন্ধ কৰাৰ উদ্দেশ্যে ককায়েকক নানা সজ উপদেশ দিছিল যদিও ৰাৱণে বিভীষণৰ সেই উপদেশ মানিবলৈ সন্মত হোৱা নাছিল। তাৰ বিপৰীতে বিভীষণৰ লগতে সকলোকে তেওঁ কৈছিল ৰামক জগত মুৰাৰী আৰু সীতাক আই লক্ষ্মী বুলি জানে তথাপি তেওঁ সীতা আইক ৰামক ওভোতাই নিদিয়ে। মৃত্যু অনিবার্য জানিও তেওঁ ৰামৰ লগত যুদ্ধ কৰিব বিচাৰিছিল। তেতিয়া নিজ সিদ্ধান্তত অটল ৰাৱণক পাত্রমন্ত্রীসকলে আশ্বাস দিলে যে যদি সেনাসকলে সচেতন হৈ থাকে, অস্ত্র শস্ত্ৰই পৰিপূৰ্ণ লংকালৈ কোনো বিপদ আহিব নোৱাৰে আৰু অযথা ৰামক লৈ শংকা কৰাৰো কোনো কাৰণ নাথাকে।

(চ) লংকা পুৰি হনুমন্ত গৈল যেন মতে। 

  আপুনিয়ো দেখিলাহা পাত্ৰ সমন্বিতে।।

উত্তৰ : প্রশ্নোধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ’ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত। ৰাৱণে যেতিয়া ৰামৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু হৈছিল তেতিয়া বিভীষণে ৰাৱণক সজ পৰামৰ্শৰে বুজাবলৈ এইদৰে কৈছিল।

বিভীষণে বুজনি দি কৈছিল যে, ৰাম জগতৰ মুৰব্বী। গতিকে ৰাৱণে সীতাক সন্মান সহকাৰে ৰামৰ হাতত গটাই দিব লাগে। হনুমানে সাগৰ পাৰ হৈ আহি লংকাৰ যি তাণ্ডৱ কৰিলেহি তাৰ পৰাই লংকাৰ আসন্ন বিপদ যে স্পষ্ট হৈ পৰিছে সেয়া বাৱণে ইতিমধ্যে পাত্র মন্ত্রী সমন্বিতে দেখা পালেই। গতিকে ৰাৱণে সেই জগত বিখ্যাত পুৰুষ ৰামক লংকা ধ্বংসৰ পৰা বাধা দি ৰাখিব নোৱাৰে।

এই বুলি বিভীষণে ৰাৱণক সাম্ভাব্য বিপদৰ বাবে সকীয়াই দি বুজনি দিছিল।

HS first year solutions

This Post Has 3 Comments

Leave a Reply