HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৬- ৰাজপথ

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৬- ৰাজপথ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৬- ৰাজপথ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয় HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৬- ৰাজপথ

HS First Year Assamese গোট ৩ : কবিতা পাঠ পাঠ ৬- ৰাজপথ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১।অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা ?

উত্তৰঃ ভৱানন্দ দত্তৰ।

২। ‘ব্রেক আউট’ মানে কি?

উত্তৰঃ ব্লেক আউট মানে হ’ল নিষ্প্রদীপ।

৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?

উত্তৰঃ আন্ধাৰ ৰাতি ৰাজপথত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে।

8। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰঃ জয়ন্তী নামৰ আলোচনীখনত।

৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?

উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১।‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?

উত্তৰঃ ‘ৰাজপথ’ নামৰ কবিতাটোত কবি ভৱানন্দ দত্তই দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কুৰি শতিকাৰ চল্লিছৰ দশৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তব চিত্র অংকণ কৰিছে। ৰাজপথৰ বুকুৰ ওপৰেদি বহুবোৰ ট্রাক, বাছ, টেক্সি, রিক্সা আদি যান-বাহন চলে।

২।  বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে? 

উত্তৰঃ নিষ্প্রদীপ অন্ধকাময় ৰাজপথত বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে ৰাজপথৰ উদাৰত সুযোগ লৈ নিজৰ কাৰণে ব্যৱহাৰ কৰে। অন্ধকাৰময় ৰাতি ৰাজপথত বিভিন্ন ধৰণৰ বাহক চলাচল হয়। উক্ত কবিতাটোত কবিয়ে উল্লেখ কৰিছে যে অন্ধকাময় ৰাজপথত কিমান ট্রাম বাচ্চু, টেক্সি আদি চলে। ইয়াৰোপৰি ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ গোপন প্ৰেমৰ অভিসাৰ চলে।

৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ ৰাজপথৰ দুয়োকাষে কবি ভৱানন্দ দত্তই অট্টালিকাবোৰৰ শাৰী লক্ষ্য কৰিছে। সেই অট্টালিকাবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ব গান আৰু অৰ্থেনত ৰবীন্দ্ৰ সংগীত শুনিবলৈ পোৱা যায়। আকৌ ডবল দলিচা পৰা দামী পালেঙত বিৰহ বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ অলসায়িত দেহা কবিয়ে দেখা পাইছে। অট্টালিকাৰ বাহ্যিক দৃষ্টিৰ সৌন্দৰ্যতাৰ পৰিবৰ্তে অভ্যন্তৰৰ কোঠাৰ কদৰ্য আৰু বেদনাময় ৰূপ কবিয়ে লক্ষ্য কৰিছে।

8। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে? 

উত্তৰঃ ধনতান্ত্রিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আৰু তাৰ তলতেই ফুটপাথত ভিক্ষাৰ পাত্ৰ লৈ সৰ্বহাৰা লোকসকল শুই থাকে। এই গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্রয় তথা মুক্তিৰ পথ হ’ল ৰাজপথ।

৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে। 

উত্তৰঃ ৰাজপথ কবিতাটোত বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ উচ্চশ্রেণীৰ জীৱনযাপনৰ মানদণ্ড আৰু পদ্ধতি তথা সমাজৰ নিঃস্ব, অবহেলিত, শোষিতলাঞ্চিতসকলৰ দুখ-দুর্দশাৰ কথা প্ৰকাশ পাইছে।

(গ)দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে—বুজাই লিখা।

উত্তৰ:- সময়ৰ লগে লগে পুৰণি প্ৰেমৰ আত্মিক আৰু সার্বিক ভাৱধাৰাৰ পৰিবৰ্তন হৈছে। প্ৰেম হৈ পৰিছে বাস্তৱিক। মহাযুদ্ধৰ প্ৰভাৱ পৰিবেশ-পৰিস্থিতিৰ দ্ৰুত পৰিবৰ্তন আদি ইয়াৰ অন্যতম কাৰণ।

আধুনিক নাগৰিক সভ্যতাত প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত বহু ব্যয় ৰজনীয় উভ্রান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। পৌৰাণিক প্ৰেমৰ অভিসাৰৰ লগত ইয়াৰ আকাশ, পাতাল পার্থক্য। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধুলি দি জীৱিকাৰ সন্ধানত ভক্ত নাৰীয়ে বনিতাৰ ৰূপ লৈ দৈহিক গ্ৰেমৰ সুখ প্ৰদান কৰে। ফুলকুমলীয়া কলেজীয়া ছোৱালীন প্ৰেম ডবল তলিচা পৰা মেহগনি গলেঙত বিৰহ-কাতৰ হৈ পৰে। অৰ্থসৰ্বস্ব বাস্তৱিক আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক স্বৰ্গীয় মাদকতাময় ৰূপৰ পৰিবৰ্তে জটিল আৰু দৈহিকসর্বস্ব প্ৰেমৰ স্বৰূপ গঢ়ি তুলিছে। বাস্তববাদী ভবানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাত এই স্বরূপ স্পষ্ট ৰূপত প্ৰতিভাত হৈছে।

২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ অতীতৰ পৰা সমাজত শ্ৰেণী-বৈষম্য আছিল। বৰ্তমান ইয়াৰ ৰূপ অধিক স্পষ্ট। কার্ল মার্ক্সব তত্ত্বই শ্রেণী-বৈষম্যৰ ধাৰণাৰ অধিক প্ৰাসংগিকতা বহন কৰিছে। অসমত ভবানন্দ অমূল্য বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদি মার্ক্সবাদী কবি। তেওঁলোকৰ ৰচনাত মার্ক্সবাদৰ প্ৰভাব স্পষ্ট। তেওঁলোকৰ কবিতা বাস্তবনিৰ্ভৰ। ৰাজপথ’ কবিতাটিত ভৱানন্দ দত্তই এহাতে ধনতান্ত্রিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আকৌ তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা মৃতপ্রায় সর্বহাৰাৰ কংকালৰ শাৰীৰ কাব্যিক প্ৰকাশৰ মাজেৰে শ্ৰেণী-বৈষম্যৰ ছবিখন অতি সবল তথা বাস্তৱ ৰূপত প্ৰকাশিত কৰিছে। গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্রয়, মুক্তিৰ সোপান হৈছে ৰাজপথ। আকৌ, ধনবানসকলৰ পাঁচ তলাত ডবল তলিচাৰ লগতে মেহগনি পালেঙ আৰু তাত কলেজীয়া ছোৱালীৰ দেহা। একেখন সমাজৰ এনেধৰণৰ পৰস্পৰবিৰোধী দুখন চিত্ৰ অংকণ কৰি কবি দত্তই শ্রেণী-বৈষম্যৰ ছৱিকেই নিপুণতাৰে অংকণ কৰিছে বুলিব পাৰি।

৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে? 

উত্তৰঃ বাস্তববাদী কবি ভৱানন্দ দত্তই কবিতাটিৰ শেষভাগত গৃহহীন, বঞ্চিতসকলৰ আশ্রয়স্থলী হিচাপে ৰাজপথৰ কথা প্ৰকাশ কৰিছে। গৃহহীন আৰু বঞ্চিতসকলৰ শেষ আশ্রয় আৰু মুক্তিব অন্তিম পথ-ৰাজপথ বুলি কবি দত্তই শেষাংশত উল্লেখ কৰিছে।

8।‘ৰাজপথ’ কবিতাটিত ৰঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই

উত্তৰঃ সমাজৰ নিঃস্ব, অবহেলিত শোষিত, লাঞ্চিতসকল তথ্য গৃহহীন সকলৰ শেষ আশ্রয়

তথা মুক্তিৰ পথ হ’ল ৰা পথ। এই কবিতাটোত বঞ্চিতৰ বাচিবৰ ইচ্ছা মানে এইসকল লোকক বুজোৱা হৈছে। এই নিস্পেষিত লোকসকল সমাজৰ সকলো সা-সুবিধা আৰু মৰ্য্যাদাৰ পৰা বঞ্চিত হৈও বাচিবৰ বাবে অর্থাৎ জীয়াই থকাৰ ইচ্ছুক। সেয়ে তেওঁলোকৰ জীয়াই থকাৰ শেষ আশ্ৰয় হৈছে ৰাজপথ।

৫। প্রসংগ সংগতি দর্শীই ব্যাখ্যা কৰা :

(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ

             সমাজৰ চকুত ধূলি দিয়া        

জীবিকা-সন্ধানী ভদ্র-বনিতাৰ

চৰণাঘাত লভিছা কত!

উত্তৰঃ প্রশ্নোদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্ত ৰচিত ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাক ৰাজপথত লগ পোৱাৰ কথা কবিয়ে ব্যক্ত কৰিছে। বাস্তৱ জীৱনত নিজৰ পেট প্ৰৱৰ্তাই জীয়াই থাকিবলৈ মানুহে নকৰা কাম নাই। নিষ্ঠুৰ এই জীৱনত পোহৰত দেখা দিয়া ভদ্র মহিলায়ো ৰাতি হ’লে বনিতাৰ ৰূপ গ্ৰহণ কৰে। আনক সুখ দি তেওঁলোকে পেট প্রবর্তাই জীৱলৈ অৰ্থ সংগ্ৰহ কৰে। বনিতাৰ পদধূলি ৰাতিৰ ৰাজপথতেই পোৱা যায় বুলি কবি দত্তই উল্লেখ কৰিছে। ৰাজপথৰ বিভিন্ন ৰূপ কবিয়ে উক্ত কবিতাটিত উল্লেখ কৰিছে। 

(খ)  পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,

অর্গেনত ৰবীন্দ্র সংগীত,

ডবল তলিচা পৰা মেহগনি পালেঙত

বিৰহ কাতৰা কলেজ গাৰ্লৰ 

অলসায়িত দেহা।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যক্রম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াৰ মাজেৰে কবিয়ে বিত্তবান লোকৰ কৰ্মৰ আভাস দিবলৈ চেষ্টা কৰিছে। ৰাজপথৰ একাষে বিত্তশালী লোকৰ বাসস্থান। ধনতান্ত্রিক এই সমাজত তেওঁলোকে পাঁচ তলাৰ অট্টালিকা নিৰ্মাণ কৰিছে। শিল্প-সংগীতপ্রিয় এই সকলৰ লোকৰ কোঠাত ৰেডিঅ’ৰ গান আৰু আৰ্চেনত ৰবীন্দ্ৰ- গীত বাজি থাকে। তেওঁলোকে থকা কোঠাৰ কাৰ-কাৰ্যও সুকীয়া। মজিয়াত এখন নহয় দুখনকৈ তলিচা পৰা থাকে। এহাতে গৃহহীন লোকে আকৌ ৰাজপথকেই ঘৰ বা আশ্রয়স্থল হিচাপে মানি লয়। এয়া এখন সমাজৰে দুখন ছবি-ভিন্নৰূপী। বিত্তশালী লোকব মেহগনি (দামী) পালেঙত বিৰহ কাতৰা হোৱা কলেজীয়া ছোৱালীৰ দেহাইও শোভা বঢ়ায়। ইয়াৰ মাজেৰে কবিয়ে বিত্তশালী লোকৰ অট্টালিকাৰ অস্তেষপুৰৰ বৰ্ণনা দিছে।

(গ) আৰু তাৰ তলতেই ফুটপাথত 

(ধন্য তোমাৰ দয়া!) 

শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা

মৃতপ্রায় কংকালৰ শাৰী:

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্রম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱশীল করি। ভৱানন্দ দত্ততই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াৰ মাজেৰে কবি দত্তই সৰ্বহাৰাৰ দুখ-দুর্গতির কথা বর্ণনা দিছে।

বিত্তবানৰ পাঁচ মহলীয়া অট্টালিকাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূণ্য পাত্ৰ লৈ শুই পৰা মৃতপ্রায় সৰ্বহাৰাৰ কংকালৰ শাৰী আছে। এয়া সর্বহাৰাৰ ছবি। এখন সমাজৰে দুখন ছবি। এনে ৰূপত কবি দত্তই ভগৱানক উপহাসো কৰিছে। ভগৱানৰ দয়াই এওঁলোকক ৰক্ষা কৰিব পৰা নাই।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

১।‘জয়ন্তী’ৰ প্ৰথম সম্পাদক কোন? 

উত্তৰঃ ‘জয়ন্তী’ৰ প্ৰথম সম্পাদক ৰঘুনাথ চৌধাৰী।

২। ‘জয়ন্তী’ৰ পিছৰ সম্পাদক কোন?

উত্তৰঃ ‘জয়ন্তী’য়ে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ যুটীয়া সম্পাদনাত নতুন ৰূপত চল্লিছৰ দশকৰ তৃতীয় বছৰত প্ৰকাশ পায়।

৩। ভৱানন্দ দত্তৰ ছদ্মনাম কি ?

উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম হলঃ- নাচিকেতা।

8। ‘ৰাজপথ’ কবিতাটিৰ প্ৰথম প্ৰকাশ ক’ত হৈছিল। 

উত্তৰ : ‘জয়ন্তী’ৰ প্রথম সংখ্যাত ‘নাচিকেতা’ ছদ্মনামত ভৱানন্দ দত্তই ‘ৰাজপথ’ কবিতাটি ৰচ কৰিছিল।

৫। প্রগতিবাদী চিন্তাধাৰাক কোনখন আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্ৰথমে বোৱাই আনে?

উত্তৰ : প্রগতিবাদী চিন্তাধাৰাক ‘জয়ন্তী’ আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্ৰথমে বোৱাই আনে।

৬। প্রগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা।

উত্তৰঃ বিংশ শতিকাৰ চল্লিছৰ দশকৰ বাস্তৱবাদী চিন্তাধাৰাৰে সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত-লাঞ্চিতসকলৰ দুখ-দুর্দশাৰ ছৱি অংকিত কৰা এই চিন্তাদৰ্শক প্রগতিবাদী চিন্তাধাৰা বুলিব পাৰি।

৭। ৰোমান্টিক আৰু আধুনিক কবিতাৰ এটা পার্থক্য লিখা।

উত্তৰঃ ৰোমান্টিক কবিৰ বাস্তৱ-বিমুখ ভাবাৱেগৰ বিপৰীতে আধুনিক কবিতাত সামাজিক চেতনাক অগ্ৰাধিকাৰ দিয়ে। 

৮। ৰাজপথ কবিতাটিৰ ৰচক কোন? কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশ পাইছিল? 

উত্তৰঃ ‘ৰাজপথ’ কবিতাটিৰ ৰচক ভবানন্দ দত্ত। এই কবিতাটো ‘জয়ন্তী’ নামৰ আলোচনীখনত প্রকাশ পাইছিল।

(গ) চমু আৰু দীঘল প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ আৰু ৫)

১। ভৱানন্দ দত্তৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ ভৱানন্দ দত্তৰ ১৯১৯ চনত যোৰহাটত জন্ম হয়। কামৰূপৰ ৰক্তনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰ-বৃত্তি স্কুল, বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা, কটন মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু দর্শন বিষয়ত প্রথম শ্রেণীসহ বি. এ. পৰীক্ষাত তেখেত উত্তীর্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্রী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়। ১৯৫১ চনত তেখেতৰ মৃত্যু হয়। উল্লেখযোগ্য ৰচনাসমূহ ‘Philosophy and India ‘ৰবীন্দ্ৰ প্ৰতিভা’, ‘দৃষ্টি আৰু দৰ্শন’, ‘অসমীয়া কবিতাৰ কাহিনী’, ‘অসমৰ জাতীয় সমাস্যাৰ বিৱৰ্তন’।‘১৯৭৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলত সভাপতিত্ব কৰে।

২। ৰাজপথৰ প্ৰশান্ত অবস্থাৰ সুবিধা লৈ কেনে ধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকণ কৰিছে চমুকৈ লিখা।

উত্তৰঃ ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ নিশাৰ আন্ধাৰত বহু ব্যগ্ৰ ৰজনীৰ উভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলাৰ ছবি কবি ভৱানন্দ দত্তই অংকন কৰিছে। কবি দত্তৰ ভাষাত :

“ কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্রান্ত প্ৰেমৰ

      গোপন অভিসাৰ চলে 

 তোমাৰ প্ৰশাস্ততাৰ সুবিধা লৈ।”

৩। ৰাজপথৰ দুয়োকাষে কবিয়ে কি লক্ষ্য কৰিছে? তাৰ ভিতৰুৱা ৰূপ কেনেকুৱা ? 

উত্তৰঃ ৰাজপথৰ দুয়োকাষে কবি ভৱানন্দ দত্তই দালানৰ শাৰি লক্ষ্য কৰিছে। সেই দালানৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান আৰু অর্গেনত ৰবীন্দ্র সংগীত শুনা যায়। আকৌ, ডবল ভলিচা পৰা সেই দালানৰ অন্তঃভাগত থকা মেহগনি (দামী) পালেঙত বিবহ বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ অলসায়িত দেহা কবিয়ে দেখা পাইছে। দালানৰ বাহ্যিক দৃষ্টিৰ সৌন্দর্যতাৰ পৰিৱর্তে অভ্যন্তৰৰ কোঠাৰ কদর্য আৰু বেদনাময় ৰূপ কবিয়ে লক্ষ্য কৰিছে।

৪I ৰাজপথৰ তলত কবিয়ে দেখা চিত্ৰ খনত কি অংকিত হৈছে? 

উত্তৰঃ ৰাজপথৰ তলত কবি ভৱানন্দ দত্তই ফুটপাথত ভিক্ষাৰ শুন্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় কংকালৰ সৰ্বহাৰাৰ শাৰী অংকিত কৰিছে।

৫। ৰাজপথৰ কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ৰাজপথ কবিতাটিত কবিয়ে এটা ৰাজপথক কেন্দ্ৰ কৰি আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ৰাজপথৰ উদাৰ বুকুয়েহি জীৱনক গতি দান কৰা ট্রাম, বাছ, টেক্সি, ৰিক্সাবোৰ অহৰহ চলি থাকে। ইয়াৰ লগতে প্ৰশান্তৰাজপথৰ সুবিধা গ্ৰহণ কৰি নিশাৰ অন্ধকাৰত উদ্ভ্রান্ত প্ৰেমৰ গোপন অভিসাৰো চলে। পৌৰাণিক প্ৰেমৰ অভিসাৰৰ লগত ইয়াৰ আকাশ পাতাল পার্থক্য। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতাৰ ৰূপ লৈ দৈহিক প্ৰেমৰ সুখ প্ৰদান কৰে। ৰাজপথৰ দুয়োকাষে থকা দালানবিলাকত আকৌ বাহ্যিক দৃষ্টিৰ সৌন্দৰ্যতাৰ পৰিৱৰ্তে আভ্যস্তৰৰ কোঠাৰ কদৰ্য আৰু বেদনাময় ৰূপ কবিয়ে লক্ষ্য কৰিছে। এই দালানৰ ডবল-তলিচা পৰা মেহগনি পালেঙত বিৰহ কাতৰ হৈ পৰে ফুল কুমলীয়া কলেজীয়া ছোৱালী। অর্থসৰ্বস্ব বাস্তৱিক আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক স্বর্গীয় মাদকতাময় ৰূপৰ পৰিৱৰ্তে জটিল আৰু দৈহিক সৰ্বস্ব প্ৰেমৰ স্বৰূপ গঢ়ি তুলিছে। ধনতান্ত্ৰিক শ্ৰেণীটোৰ সুউচ্চ এই দালানবোৰৰ তলতেই ৰাজপথৰ ফুটপাতত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰী। এই গৃহহীন, বঞ্চিত সকলৰ শেষ আশ্রয়, মুক্তিৰ পথ ৰাজপথ। এনেদৰে ৰাজপথ কবিতাটিত একে সমাজতে পৰস্পৰ বিৰোধী দুখন চিত্র অংকন কৰি কৰি ভবানন্দ দত্তই শ্ৰেণী বৈষম্যৰ চিত্ৰখন অতি নিপুণভাৱে অংকন কৰি দেখুৱাইছে।

HS first year solutions

Leave a Reply