HS First Year Assamese চমু ৰচনা আৰু ব্যাকৰণ

HS First Year Assamese চমু ৰচনা আৰু ব্যাকৰণ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese চমু ৰচনা আৰু ব্যাকৰণ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese চমু ৰচনা আৰু ব্যাকৰণ

১। বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। 

উত্তৰ: বিদ্যা পৰম ধন। ইয়াক সহজে আয়ত্ত কৰা কঠিন। বিদ্যাই মানুহৰ জ্ঞান চক্ষু মুকলি কৰে। যাৰ জ্ঞান নাথাকে সি পৃথিৱীৰ প্ৰায়বোৰ ক্ষেত্ৰতেই পিছ পৰা। বিদ্যা থাকিলে মানুহে যিকোনো উপায়ে ধন আৰ্জিব পাৰে। জ্ঞানী মানুহ পৃথিৱীৰ যলৈকে নাযাওক কিয়, নিজৰ বিদ্যা বুদ্ধিৰ দ্বাৰা মান যশস্যা লাভ কৰিব পাৰে। বিদ্যাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ, ভাস্বত হয় তেওঁলোকৰ জীৱন।

২। “বাটৰ দুৱৰিবন, গচকত পৰী;

তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা।”

উত্তৰ : কবিতাফাঁকিৰ জৰিয়তে এই পৃথিৱীৰ সামান্য বস্তু এটিৰ পৰা বিৰাট ডাঙৰ বস্তু এটিলৈকে যে সকলোৰে গুৰুত্ব আছে তাকে প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।

মানৱ সভ্যতাৰ জন্মৰ পৰা পৃথিৱীত কিছুমান লোকে আন কিছুমান লোকক সৰু বা নগণ্য বুলি তুচ্চজ্ঞান কৰা দেখা যায়। কিন্তু প্রকৃততে মানুহে কাকো সৰু বুলি ভাবিব নালাগে। সৰু বুলি ভাবিবলৈ লোৱাটো দৰাচলতে জ্ঞানী লোকৰ চিন নহয়। কাৰণ আজি যাক সৰু বা নগণ্য বুলি ভবা হয়, কাইলৈ সিয়েই বিৰাট সত্যৰ সন্ধান দিব পাৰে। গতিকে ধন জন, পার্থিব সম্পদ নিঃকিন লোকক সৰু বুলি গণ্য কৰাটো কেতিয়াও সমীচিন নহয় আৰু মানুহে তেনে ধাৰণাক কেতিয়াও প্ৰশংসাৰ চকুৰে চাব নালাগে।

এই জগতখনৰ সকলো বস্তুকেই পৰম পুৰুষ ভগৱানৰ অংশ বুলি ভাবি ল’ব লাগে। সেয়ে কবিয়ে কৈছে যে মানুহৰ গছকত পৰা অতি নগণ্য বাটৰ দুৱৰি বনপাত এটিৰো যেনেদৰে গুৰুত্ব আছে, ঠিক তেনেদৰে অতি নগণ্য বুলি ভবা লোক এজনৰো সমাজত যথেষ্ট গুৰুত্ব আছে। জগত বস্তু সম্পৰ্কীয় ধাৰণা আৰু প্ৰতিটো বস্তুৰ সৈতে যে ভগৱান জড়িত হৈ আছে এই কথাখিনি প্ৰকাশ কৰিবলৈকো কবিয়ে এই তুলনা প্ৰকাশ কৰিছে। সেয়ে মহাপুৰুষ জনাই ভগবানৰ অস্তিত্বৰ কথা ব্যাখ্যা কৰি কীৰ্ত্তনত কৈছে—

“তুমি পশু-পক্ষী নৰ তৰু তৃণ। 

অজ্ঞানতে মুঢ়জনে দেখে ভিন্ন ভিন্ন।।”

মানুহৰ গছকত পৰা দুৱৰি বনবোৰৰ যে কোনো মূল্য নাই, সেই কথা আমি ভাবিব নালাগিব। পাৰমার্থিক দৃষ্টিত সেই দুৱৰি বনবোৰো মহামূল্যবান কিয়নো চাব জানিলে সেই দুৱৰি বনৰ পাততো স্বৰ্গৰ বতৰা নিহীত হৈ আছে আৰু আমিও দুৱৰি বন সদৃশ সকলো বস্তুৰ প্ৰতি তেনে দৃষ্টিহে দিব লাগে। একেদৰে মানুহৰ প্রতি মানুহৰে তেনে দৃষ্টিয়ে জগতখনৰ সমানতাৰ পথলৈ আগবঢ়াই নিব। কবিতাফাঁকিৰ জৰিয়তে এইদৰে ভগৱানৰ অস্তিত্বৰ দ্বাৰা সাম্যবাদী মনোভাৱ প্ৰকাশ কৰা হৈছে আৰু পৃথিৱীৰ সকলো বস্তুৰ প্ৰতি সমদৃষ্টি আৰোপ কৰাতো কবিয়ে কামনা কৰিছে।

৩। ভাগি গ’ল বীণখনি, ছিগি গলৈ তাৰ।

ৰৈ গ’ল অৱশেষ অমিয়া জোকাৰ। 

উত্তৰ : ইয়াত কোৱা হৈছে বীণ এবিধ সুৰীয়া বাদ্য, ইয়াক বজোৱা সময়ত তাঁৰৰ পৰা অতি সুৰীয়া ঝংকাৰ অনুৰণিত হয়। কেতিয়াবা আকৌ বজাৱাৰ সময়তে তাৰ চিগি যায় কিন্তু বহু সময়লৈকে কাণত বাজিয়ে থাকে তাৰ ঝংকাৰ। তেনেকৈ মানুহে যেতিয়া কোনো মহৎ কাম কৰে তেতিয়া তাৰ গুণানুকীৰ্তন তেখেতৰ জীৱন কালত হোৱাৰ লগতে মৃত্যুৰ পিছতো তেনে গুণানুকীর্তন চলিয়ে থাকে। উদাহৰণ স্বৰূপে শংকৰ মাধৱ দেৱৰ কথাকে লব পাৰো। তেওঁলোকে জীৱনকালত কৰি যোৱা মহৎ কৰ্মৰ বাবে বৰ্তমানলৈ তাৰ গুণানুকীৰ্তন চলিয়ে আছে।

৪। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন।”

উত্তৰ : মূলা গছ এজোপাৰ দুপতীয়া পুলি হওঁতেই মূলা কেনে হ’ব তাক বুজিব পাৰি। পুলিবোৰ তেজাল, লহপহীয়া হ’লে মূলাও ভাল হয়। প্রবচনটিত মূলা এটা পটন্তৰ হিচাপেহে লোৱা হৈছে। ইয়াত মূলাৰ দুপতীয়া পুলিটো সকলো বস্তুৰে চালুকীয়া বা সৰু অৱস্থাৰ প্ৰতিনিধিস্বৰূপে বুজোৱা হৈছে। সৰু কালতেই যিবোৰ ল’ৰা-ছোৱালীৰ স্বভাৱ চৰিত্ৰ, আচাৰ, ব্যৱহাৰ ভাল হয়। ডাঙৰক শ্রদ্ধা কৰে সেইবোৰ ল’ৰা-ছোৱালী সাধাৰণতে তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আৰু একাগ্ৰতাৰে অধ্যয়নৰ লগতে নিজৰ কৰ্তব্যও সুকলমে পালন কৰা দেখা যায়। সেইদৰে কোনো ঘটনা বা পৰিস্থিতিৰ আৰম্ভণি চাই তাৰ পৰিণতি উপলব্ধি কৰিব পাৰি। উদাহৰণ স্বৰূপে ৰাতিপুৱাৰ উদিত সূৰ্যটোলৈ চাই দিনটো কেনেকৈ অতিবাহিত হ’ব তাক বুজিব পাৰি।

৫। যত্ন কৰিলে ৰত্ন পায়।

উত্তৰ : উদ্ধৃত প্ৰৱচনটি এটি গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ৰত্ন বৰ মূল্যবান বস্তু। তাক সহজতে পোৱা নাযায়। বহুতো ৰত্ন সাগৰৰ তলিতো থাকে। তাকো মানুহে হাতৰ মুঠিলৈ আনে। ইয়াৰ বৃহস্য হ’ল মানুহে কৰা যত্ন। যত্নৰ ফলতহে দুর্গম ঠাইত থকা ৰত্নও আহৰণ কৰিব পাৰি। গতিকে যত্ন কৰি তাৰ ফল লাভ কৰিবলৈ চেষ্টা কৰা উচিত।

অতিৰিক্ত প্রশ্নোত্তৰ

ভাৱ সম্প্ৰসাৰণ কৰা

(ক) “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।”

উত্তৰ: এই ফকৰাটিৰ জৰিয়তে শ্রম-বিমুখ লোকৰ যে উদ্‌গতি নাই, তাকে প্ৰকাশ কৰা হৈছে।

হাঁহ-কুকুৰা শিয়ালৰ খাদ্য। কিন্তু হাঁহ-কুকুৰা নিজে শিয়ালৰ কাষলৈ আগ বাঢ়ি নাযায়; বৰং নানা যত্ন আৰু ফন্দি কৰি শিয়ালহে হাঁহ ধৰিবলৈ যাব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে কেতিয়াও হাঁহ ধৰিব, অর্থাৎ নিজৰ খাদ্য যোগাৰ কৰিব নোৱাৰে। মানুহৰ বেলিকাও একে কথা। জীৱনত সফলতা বা উন্নতি লাভ কৰিবলৈ হ’লৈ কষ্ট বা পৰিশ্ৰম কৰিবই লাগিব। কেতিয়াবা অপর্যাপ্ত পৈতৃক সম্পত্তিও এলেহুৱা পুত্ৰৰ হাতত সমূলঞ্চে ধ্বংস হয়। গতিকে জীৱনত উন্নতি তখা প্রতিষ্ঠা লাভ কৰিবলৈ হ’লে কষ্ট বা শ্ৰম অপৰিহাৰ্য। শ্ৰম হ’ল উন্নতিৰ মূল মন্ত্র।

(খ) “যিবিলাক ৰীতি-নীতি নৰৰ গঠিত। 

সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত।।

উত্তৰ ঃ মানৱ সভ্যতাৰ আদিৰে পৰা সমাজত মানুহে কিছুমান নীতি নিয়ম নিজৰ স্বাৰ্থৰ বাবে গঢ়ি তুলিছিল। সাধাৰণতে এই নীতি নিয়মসমূহ মানুহৰ মংগলৰ বাবেই কামত আহে বুলি ভবা হয়। কিন্তু কেতিয়াবা এই নিয়মসমূহৰ বাবে মানুহৰ মংগল নহৈ অমংগল হৈ পৰাহে দেখা যায়। তেতিয়া এই নীতি নিয়মসমূহৰ পৰিবৰ্ত্তন অনা হয়। সেয়েহে একেষাৰিতে ক’ব পাৰি মানুহৰ দ্বাৰা সৃষ্ট সকলো নীতি নিয়মৰ অন্তৰালত থাকে কিছুমান স্বার্থ।

সূভাৱে বিশ্লেষণ কৰিলে দেখা যাব যে মানুহে যিবিলাক নীতি নিয়মৰ সৃষ্টি কৰি আহিছে সেই সকলোবোৰ নিয়মৰ নেপথ্যত মানৱ জাতিৰ কল্যাণৰ কথা ভবা হৈছে। এই স্বাৰ্থৰ বাবে যদি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিছে তাৰ প্ৰতি মানৱৰ দৃষ্টি বৰ সজীৱ নহয়। কারণ আমি প্রকৃতিৰ গছ-লতা, নদী-পর্বত-পাহাৰ আদিক সম্পূৰ্ণ নিজৰ সুবিধামতে ব্যৱহাৰ কৰাৰ বাবে আজি বহুপৰিমাণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত আঘাত পাইছে। আমি আমাৰ দেহৰ পুষ্টি সাধনৰ কাৰণে বিভিন্ন জীব হত্যা কৰিছো, গরু-ছাগলীৰ গাখীৰ কাঢ়ি খাইছো তথা অবাধ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছো। কিন্তু মানুহক ৰক্ষা কৰা পশুক মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰাতো আমাৰ নিয়মহৈ পৰিছে। মানুহৰ অবাধ প্ৰচলনৰ বাবে আমি প্ৰকৃতিৰ প্ৰতিটো জীৱন জন্তুকে কটকটীয়া বেষ্টনীৰ মাজত আৱদ্ধ কৰিবলৈ চেষ্টা কৰিছো। সেয়ে ক’ব পাৰি যে মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰ সময়ৰ পৰাই আজিলৈকে সমাজত যিবোৰ নীতি নিয়মৰ সৃষ্টি হৈছে সেই সকলোবোৰ নিয়মৰ মাজত লুকাই থাকে মানুহৰ স্বাৰ্থ। 

(গ) “আৱেগৰ বন্দী কৰি নোহে নিয়মৰ”

উত্তৰঃ কবিতা এটি লিখিবলৈ এজন কবিয়ে কিছুমান নির্দিষ্ট উপাদানৰ ওচৰ চাপে যদিও আচলতে কবি কেতিয়াও কোনো নিয়মৰ মাজত আৱদ্ধ নহয়। কল্পনা, বিষয়বস্তু আদিৰ দৰে কবিতাৰ মূল উপাদান হৈছে আৱেগ। অন্তৰত ভাবাবেগ বা অনুভূতিয়ে কবিৰ সৃষ্টি প্ৰক্ৰিয়াত মুখ্য ভূমিকা লয় অআৰু কবিসকল যে মূলতঃ আৱেগৰহে বন্দী সেই কথাকেই এই কবিতাশাৰীৰ জৰিয়তে বুজাব বিচৰা হৈছে। ইংৰাজী কবি ৱৰ্ডছৱৰ্থে কবিতাৰ সংজ্ঞা দিবলৈ গৈ কৈছিল: “Poetry is emotion recollected in tranquility.” “নিবলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা”—আকৌ কিছুদূৰ আগুৱাই গৈ কবিয়ে কৈছে যে “Spontaneous overflow of powerful feclings.” “উপচি উঠি আপোনা আপুনি পাব বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। ইয়াৰ পৰা বুজা যায় যে এটা সঁচা কবিতা হ’বলৈ হ’লে কবিৰ অন্তৰত আৱেগৰ প্ৰাৱল্য থাকিব লাগিব। সেইবাবেই বোধকৰো যুগ্ম অৱস্থাত তথা ক্রৌঞ্চ পখীৰ দুখত দুঃখিত বাল্মীকিৰ শোকাণুভূতিৰ আৱেগত জন্ম হৈছিল পৃথিৱীৰ আদি শ্লোক

“মা-নিষাদ প্রতিষ্ঠাং স্বমগম শ্বাশ্বতী সমাঃ। 

যৎ ক্রৌঞ্চ মিঠুনাদেকামবধী কামসুহিত্বম।।”

গতিকে কবিতা ৰচনাৰ ক্ষেত্ৰত কবিৰ অন্তৰত সৃষ্টি হোৱা আবেগেই যে মূল সেই কথা। স্বাভাৱিকতেই গ্রহণ কৰিব লাগিব। আচলতে কবিসকলৰ অন্তৰত একোটা নির্দিষ্ট সময়ত আৱেগ জুমুৰি দি ধৰে আৰু এই আৱেগৰ স্বতঃস্ফুট প্রকাশতেই জন্ম পৃথিৱীৰ মহান কবিতাসমূহৰ। আমাৰ এই বৰ্হিজগতখনত বিষয় বা বস্তু আছে আৰু সেইবোৰ বিষয় বা বস্তুৱে কবিৰ অন্তৰ বিভিন্ন প্ৰকাৰে ভবাই তুলিব পাৰে। বৰ্হিজগতৰ বিষয়বস্তুৰ চিন্তাই কবিক আবেগ প্ৰৱণ কৰি তোলে। কবিৰ অন্তৰত সৃষ্টি হোৱা এই আৱেগক কবিয়ে তেতিয়া ভাষাৰে প্ৰকাশ কৰি জন জীৱনৰ সন্মুখত নিজৰ অন্তৰৰ আৱেগ প্ৰকাশ কৰিব বিচাৰে আৰু তেতিয়াই কবিতাৰ সৃষ্টি হয়। গতিকে কবিৰ অন্তৰত সৃষ্টি হোৱা আৱেগ অবিহনে কেতিয়াও কবিতা ৰচনা নহয়। কবিতাশাৰীত এনেদৰে আৱেগৰ গুৰুত্ব দাঙি ধৰি কবিসকল কোনো নিয়মৰ বন্দী নহয় বুলি কৈছে। সঁচাকৈয়ে কবিসকল কোনো নিয়মৰ বন্দী নহয় বাবেই জগতত বিভিন্ন ৰুচি অভিৰুচিব, বিভিন্ন ভাৱাদৰ্শৰ আৰু বিভিন্ন ছন্দসজ্জাৰ কবিতা পোৱা গৈছে। তাৰোপৰি কবিসকল নিয়মৰ বন্দী নহয় বাবে কবিতাৰ ৰূপসজ্জাৰো পৰিবৰ্ত্তন সম্ভৱ হৈছে। সেয়ে কবিসকল আৱেগৰহে বন্দী নিয়মৰ বন্দী নহয়।

(ঘ) আছে গৰু বায় হাল

হোৱাতকৈ নোহোৱাই ভাল। (ফকৰা)

উত্তৰঃ ফকৰাটিৰ জৰিয়তে অতি সুন্দৰ গূঢ়াৰ্থ প্ৰকাশ পাইছে। ফকৰা যদিও কোনো কথাৰ দৃষ্টান্ত তথাপি এইবোৰৰ মাজেদি সমাজৰ বহুতো গুৰুত্বপূৰ্ণ জ্ঞান পাব পাৰি।

এই সমাজত যিবোৰ লোকে নিজকে কোনো কামতে উপযুক্ত বুলি নাভাবে বা সামর্থ থাকিও তাৰ প্ৰয়োগ নকৰে তেনে কিছুমান লোকৰ কথাই ফকৰাটিৰ জৰিয়তে প্ৰকাশ কৰিছে। কাৰণ যিকোনো লোকে শক্তি, সামর্থ, জ্ঞান, বিদ্যা, বুদ্ধি, ধন আদি থাকিও যদি তাক কামত প্রয়োগ কৰা নহয়, তেনেহ’লে সেইবোৰৰ অস্তিত্ব মূল্যহীন। মাটিত ধন পুতি ধন জমা কৰি যদি একো কামতে তাক ব্যৱহাৰ কৰা নহয়, তেনেহ’লে সেইবোৰৰো একো মূল্য নাথাকিব। একেদৰে আমাৰ দেশৰ জনকল্যাণ আঁচনিৰ বহু যান্ত্ৰিক প্ৰকল্প কোনো ধৰণৰ কামত নলগাই এনেদৰেই পেলাই থোৱা হৈছে। তেনেদৰে যন্ত্ৰবোৰ বহুৱা কাৰ্য্যও ওপৰৰ দৃষ্টান্তৰ লগতে খাতে। সামর্থ থাকিও যদি তাক ব্যৱহাৰ কৰা নহয় তেনেহ’লে তাৰ কোনো মূল্য নাথাকে। ইয়াৰ উপৰিও শ্রম, জ্ঞান আদি কেতিয়াও সঞ্চয় নহয়। গতিকে এইবোৰৰ যথাসময়ত প্ৰয়োগ কৰাটোহে আচল কথা।

(ঙ) “শিকা সবে পৰিশ্ৰম   শিকাহে নীতি ধৰ্ম

          নাভাবিবা সুখ দুখ কিনো কপালত

কৰ্ত্তব্যৰ পাছে লৰা      ক্রমাগত কাম কৰা

            ফলাফল ফলদাতা বিভূৰ হাতত।” 

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ। কবিতাফাঁকিৰ জৰিয়তে মানুহক কৰ্ত্তব্য জ্ঞানৰ প্ৰতি সজাগ কৰি তোলা হৈছে।

কবিয়ে কৈছে যে মানুহে পৰিশ্ৰম আৰু নীতি ধৰ্মৰ মাজেদি জীৱনৰ কৰ্ত্তব্য কৰি যোৱাহে উচিত। জীৱন যাত্ৰাত সকলো কমতে জয়ী হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰমী হ’ব লাগে। ‘যত্ন কৰিলেহে ৰত্ন মিলে’ বুলি সচৰাচৰ কোৱাও হয়। সেয়ে পরিশ্রমেই জীৱনৰ উন্নতিৰ মূল। অকল পৰিশ্ৰম কৰিলেও নহ’ব; কাৰণ চোৰ ডকাইত বা সমাজৰ বেয়া কাম আদিও কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। সেয়ে সেই পৰিশ্ৰমৰ লগতে মানুহে এই বিশ্বজগতৰ মানুহৰ মাজত প্রচলিত নীতি-ধৰ্মৰ বিষয়েও জ্ঞান আহৰণ কৰিব লাগিব। গতিকে পৰিশ্ৰম মানে সজ বা ন্যায় পৰিশ্ৰমৰ কথা কোৱা হৈছে। মানুহে সজনীতি আচৰণ কৰি, সজ ধৰ্ম আচৰণ কৰি পৰিশ্ৰম কৰিলে জীৱনত সফ তা যে লাভ কৰিব সেইটো নিতান্তই সত্য।

কবিৰ মতে, মানৱৰ জীৱনটো সুখ-দুখৰ মিশ্রিত এক স্বাভাৱিক অৱস্থা। সেয়ে জীৱনত লাভ কৰা সুখ দুখৰ বিষয়েও বেছি চিন্তা কৰি থাকিব নালাগে। কেৱল নীতি ধৰ্মত তাকি মানুহে কাম কৰিব লাগে। ক্রমাগতভাৱে মানুহৰ জীৱনলৈ যিবোৰ কৰ্ত্তব্য আহি উপস্থিত হয়; সেইবোৰ মানুহে উপযুক্ত সময়ত নিয়াৰিকৈ সম্পন্ন কৰিব লাগে।

“ত্যেক কামৰে একোটা নিৰ্দ্দিষ্ট ফলাফল থাকে। কিন্তু এই ফলদাতাত হৈছে বিভু বা ভগৱান। সেয়ে মানুহে কৰি যোৱা কামৰ ফল কি হ’ব সেইটো ভাবিব নালাগে। ভগৱানৰ ওপৰত সৎ আৰু শুদ্ধ বিশ্বাস ৰাখি নীতি ধর্ম মানি উপযুক্তভাৱে উপযুক্ত সময়ত মালৈ নিৰাশ ভাবনানি কাম কৰি গ’লে মানুহৰ জীৱনত জয়লাভ নিশ্চিত। কবিয়ে এনেদৰেই মানুহৰ কৰ্তব্যৰ প্ৰতি সকিয়াই মানুহক সচেতন তথা সজাগ কৰি তুলিছে আৰু কৰ্মপথত আগুৱাই যাবলৈ আহ্বান জনাইছে।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

(চ) “মৰে অসম জীয়ে কোন? জীয়ে অসম মৰে কোন? | 

উত্তৰ ঃ উদ্ধৃত কবিতাফাঁকি কবি ডিম্বেশ্বৰ নেওগদেৱৰ। কবিতাফাঁকিৰ মাজেৰে কবিয়ে দেশ আৰু মানুহৰ সম্পৰ্কৰ কথা ক’ব বিচাৰিছে। কবিয়ে অনুভৱ কৰে যে দেশৰ ওপৰতে সেই | দেশত বসবাস কৰা লোকৰ অস্তিত্ব নিৰ্ভৰ কৰে। যদি দেশখনেই বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে তেতিয়া সেই দেশৰ নাগৰিকৰ অস্তিত্ব স্বাভাৱিকতেই বিপন্ন হৈ পৰে। দেশ বুলি। ক’লে যেনেকৈ আদেশ নেলাগে তেনেকৈ পৰাধীন দেশত নিজৰ অস্তিত্বও নাথাকে। সেই | প্ৰসংগতে করিয়ে অসমখন জীয়াই থাকিলে মৰে কোন বুলি প্রশ্ন কৰাৰ মাজেৰে দেশৰ লোকসকলক স্বদেশৰ প্ৰতি কৰিবলগীয়া সেৱাৰ কথা সোঁৱৰাই দিছে। একেদৰে কবিয়ে কৈছে যে যদি দেশৰ অস্তিত্ব নাথাকে আৰু সেই দেশৰ নাগৰিকো পৰাধীন হৈ থাকিবলগীয়াত পৰে।

কথাষাৰৰ মাজেদি কবিৰ মাতৃভূমিৰ প্ৰতি থকা স্পৃহা প্ৰকাশ পাইছে আৰু দেশবাসীক মাতৃভূমিৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি সজাগ কৰি তোলা হৈছে।

(ছ) আচলে পিছলে হস্তীৰো পাওঁ পিছলে।’ (প্ৰৱচন)

উত্তৰঃ উদ্ধৃত প্ৰৱচনটি অসমীয়া ভাষাত ব্যৱহৃত এটি গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। সংস্কৃত ভাষাত ‘মুণিনাঞ্চ মতিভ্ৰম’ কথাষাৰিৰ সমপৰ্য্যায়ৰ অসমীয়াত এই প্ৰৱচনটোৰ প্ৰয়োগ হৈছে বুলি ক’ব পাৰি।

দৰাচলতে হাতী বৰ ডাঙৰ জন্তু আৰু ইয়াৰ খোজবোৰা গহীন। সেয়ে গহীন লোকৰ ক্ষেত্ৰত গম্ভীৰ গজ গমন”—অর্থাৎ গজ মানে হাতীৰ নিচিনা খোজকাতল। কোৱা হয়—“গহীন হাতীৰ ডাঙৰ ভৰিয়েদি গহীন খোজবোৰ সাধাৰণতে নিপিছলে বুলি ভবা হয় যুদিও ‘বুজনৰো নাও বুৰাৰ দৰে কেতিয়াবা হাতীৰো পাওঁ পিছলি পৰে। একেদৰে সমাজত জ্ঞানী লোকসকলে বিভিন্ন ধৰণৰ কাম-কাজ সম্পাদন কৰোতে যথেষ্ট ভাবি চিত্তিহে কৰে। সাধাৰণতে তেওঁলোকৰ কাম-কাজত ভুল নোহোৱাৰ বাবে তেওঁলোক যথেষ্ট সতর্ক হৈ থাকে যদিও এনে লোকৰো কেতিয়াবা ভুল হৈ যোৱা দেখা যায়। সেইবাবেই মানুহে নিজে কৰি যোৱা কামত আত্মবিশ্বাস ৰাখিলেও সেই কামেই বা তেওঁলোকৰ মতেই শুদ্ধ বা অভ্রান্ত হ’ব বুলি গৰ্ব বা অহংকাৰ কৰিব নালাগে। প্ৰৱচনটিৰ জৰিয়তে গুণী-জ্ঞানীলোকসকলক তেওঁলোকৰ কামৰ প্ৰতি সদা সচেতন হ’বলৈ কোৱা হৈছে।

এইদৰে হাতী আৰু হাতীৰ ভৰি পিছলা কথাৰে গুণী-জ্ঞানী লোকসকলোৰো যে ভুল হ’ব। পাৰে সেইকথা দাঙি ধৰি তেওঁলোকক অহংকাৰী নহ’বলৈ সকিয়াই দিয়া হৈছে।

(২) আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা

উত্তৰ: আদা আৰু কেতুৰি দেখিবলৈ প্ৰায়ে একে। কিন্তু গুণৰ কাৰ্যকাৰিতাত দুয়োবিধৰে পার্থক্য আছে। আদাৰ বিভিন্ন গুণ আছে। বিভিন্ন ব্যঞ্জনতো আদাৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰোগ নিৰাময়তো আদাৰ ব্যৱহাৰ কৰা হয়। কিন্তু, কেতুৰিৰ এনেবোৰ গুণ নাই। প্রশ্নোদ্ধৃত ফকৰাটিৰ জৰিয়তে উৎসাহৰ ভেটিত বস্তুৰ জৰিয়তে মানুহৰ চৰিত্ৰৰ প্ৰকাশ ঘটোৱা হৈছে। ফকৰাটিত প্ৰকাৰন্তৰে আদাৰ গুণৰ প্ৰাসংগিকতাও বুজোৱা হৈছে।

(২) চোৰ গ’লৈ বুদ্ধি, বৰষুণ গ’লে জাপি। 

উত্তৰ : প্ৰতিটো কামৰে একোটা নিৰ্দিষ্ট সময় থাকে। উপযুক্ত সময়ত উপযুক্ত কাম কৰিব পাৰিলেহে সাৰ্থকতা লাভ কৰিব পৰা যায়। গৃহস্থৰ ঘৰত যদি চোৰ সোমায় সর্বস্ব লুটি লৈ যায়, তাৰ পিছত উপযুক্ত ব্যৱস্থা ল’লেও একো কামত নিদিয়ে। গতিকে চুৰি নকৰা বা যাতে চোৰ সোমাব নোৱাৰে তাৰ ব্যৱস্থা আগেয়ে গ্ৰহণ কৰিলেহে কাৰ্যত সফল হ’ব পাৰে। সেইদৰে বৰষুণ অহাৰ সম্ভাৱনা দেখিলেই ছাটি বা জাপি ব্যৱহাৰ কৰিব লাগে, বৰষুণ হৈ যোৱাৰ পিছত নহ’লে ছাটি বা জাপি বিচাৰিলেও কামত নাহে। গতিকে সঠিক সময়ত সঠিক কার্যপন্থা গ্রহণ কৰি নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে।

(২) মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।

উত্তৰঃ মাউখে উটা শব্দটোৰ অৰ্থ হ’ল বাঢ়নী পানীত লদা বা গোট বান্ধি উটি অহা। গুৰি পৰুৱা হ’ল অতি সৰু আকৃতিৰ পৰুৱা। বাঢ়নী পানীত যদি গুৰি পৰুৱা লদা বান্ধি উটি আহে তেতিয়া সিহঁতৰ বাচিবলৈ যথেষ্ট সম্ভাৱনা থাকে। যদি অকলে উটি আহে পানীৰ সোঁতে তাক মাৰি পেলাব, সি কেতিয়াও পাৰত আহি লাগিব নোৱাৰে। ঠিক একদৰে আমি যদি কোনো মহান কাম এটা হাতত লওঁ তেতিয়া তাক অকলে কৰিবলৈ গ’লে যথেষ্ট অসুবিধা আহি পৰে যাৰ ফলত কার্যক্ষেত্ৰত নৈ নুঠিব পাৰে। কিন্তু সেই কাম যদি মানুহে দলবদ্ধ হৈ কৰে তেতিয়া সি তেনেই উজ্জু হৈ পৰে। বহু অসাধ্য কার্যও একটাৰ বলত অতি সহজতে কৰিব পৰা যায়।

(2) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ বেছি পৰিমাণে পাপ কৰা লোকৰ পাপৰ পৰিমাণলৈ আঙুলিয়াবলৈ এই প্ৰৱচনটি ব্যৱহাৰ কৰা হয়। আমাৰ হিন্দু ধর্ম মতে গৰু মৰা কাৰ্যটো মহাপাপ। বাঘৰ ক্ষেত্ৰত এই কথাটো সুকীয়া দেখা যায়। বাঘৰ গৰু খোৱা কাৰ্যটো পাপ বুলি ধৰা নহয়। প্ৰকৃতিৰ নিয়ম মতে বাধে বাচি থাকিবলৈ গৰু আদিৰ দৰে জন্তু খাবই লাগিব। কিন্তু নিজ খাদ্য হ’ল বুলিয়ে বাঘে যদি এশটা গৰু ভক্ষণ কৰে তেতিয়া হ’লে সেই অঞ্চলত ত্রাস সৃষ্টি হয় আৰু মানুহে যিকোনো উপায়ে বাঘ মাৰিবলৈ সংকল্পবদ্ধ হয় আৰু অৱশেষত চিকাৰীৰ হাতত তেনে অত্যাচাৰা বাঘে মৃত্যু বৰণ কৰিবলগীয়াত পৰে। ইয়াত এশ শব্দটোৰে ‘অধিক’ বুজোৱা হৈছে। বাঘ শব্দটোৱে নৃশংস প্ৰকৃতিৰ লোকক বুজোৱা হৈছে। যদি এই নিষ্ঠুৰ প্ৰকৃতিৰ লোকে কাৰো হাক বচনলৈ। কেপে নকৰি নৃশংস কামবোৰ কৰি যায় তেতিয়াহ’লে এনেলোকে এদিন নহয় এদিন নিজেও। নিষ্ঠুৰতাৰ বলি হোৱা দেখা যায়। ইতিহাসত দেখিবলৈ পোৱা এনে এটা উদাহৰণ হ’ল ফৰাচী বিপ্লৱৰ সময়ত ৰ’বচ পিয়েৰ নামে এজন জননেতাই সন্দেহ কৰি অসংখ্য নিৰপৰাধী লোকক। গিলোটিন নামৰ যন্ত্ৰৰ দ্বাৰা নৃশংসভাৱে শিৰচ্ছেদ কৰিছিল; পৰিণাম স্বৰূপে কিছুদিন পিছতে নিজেও গিলোটিনৰ মুখত দুছোৱা হ’বলগা হৈছিল।

(2) গোৰ মাৰি গংগাত পেলোৱা।

উত্তৰঃ গংগা নদীত স্নান কৰিলে মানুহৰ পূণ্য হয় বুলি কোৱা হয়। সেয়ে মানুহে পাপ খণ্ডন কৰি পূণ্য অৰ্জনৰ বাবে গংগাত স্থান কৰিবলৈ যায়। ইয়াত গোৰ মৰা শব্দটোৱে কাৰোবাৰ ‘অন্যায় কৰা’ অৰ্থ বুজাইছে। যদি কোনো লোকে কাৰোবাৰ অন্যায় কৰিবৰ বাবে কিবা অসৎ পন্থা করে। কিন্তু তাৰ ফলত যাৰ ওপৰত অন্যায় কৰা হয় তেওঁৰ সেইবাবে কোনো ক্ষেত্ৰত ভালহে হয়, তেতিয়া ‘গোৰ মাৰি গংগাত পেলোৱা’ বুলি প্ৰবচন ব্যৱহাৰ কৰা হয়। চমুকৈ, গোৰ মাৰি গংগাত পেলোৱাৰ অৰ্থ হ’ল আনৰ অপকাৰ কৰিবলৈ চেষ্টা কৰোঁতে উপকাৰ হোৱা।

(2) লাগি থাকিলে মাগি নাখায়।

উত্তৰঃ নেৰানেপেৰা চেষ্টাৰ দ্বাৰা কৰিব নোৱাৰা একো নাই। শ্রম আৰু সবল মনোবলে মানুহৰ বাবে সকলো অসাধ্য সাধন কৰাব পাৰে। তেওঁলোকে কেতিয়াও কাৰো ওচৰত হাত পাতিব নালাগে। আনহাতে কর্ম বিমুখ মানুহ সদায় আনৰ পুতৌৰ পাত্ৰ হৈ জীয়াই থাকিব লাগে। যিলোকে শ্রমক ভয় নকৰে তেওঁৰ উন্নতি অনিবার্য। কোনো এটা কৰ্ম এবাৰত কৰিব নোৱাৰিলে তাক বাৰে বাৰে চেষ্টা কৰিলে নিশ্চয় সফল হ’ব পাৰিব। সেয়ে কোৱা হয় একে বাৰে নোৱাৰিলে এশবাৰে কৰা। সেই কাৰণে জীৱনত সফল হ’বলৈ যি কামতে মনোনিবেশ কৰে তাক একাণপতীয়াভাৱে কৰিব লাগে।

(2) পশু নকৰিবা শৰ,

মৰাও নানিবা জীয়াও নানিবা

সুদা হাতে নপসিবা ঘৰ।

উত্তৰঃ এদিন শংকৰে মাধৱক এটি নৰপশু আনিবলৈ আদেশ দিকলে – ‘পশু নকৰিবা শৰ, মৰাও নানিবা, জীয়াও নানিবা, শুদাহতে নপশিবা ঘৰ’। পিছদিনা মাধৱদেৱে গুৰুৰ ওচৰত নিজকে আত্মসমর্পন কৰি ক’লে যে তেওঁ চিন্তা কৰি পালে যে এই জগতত তেঁৱেই নৰপশু।

(2) চোৰ গ’লৈ বুদ্ধি বৰষুণ গ’লে জাপি।

উত্তৰ:-  প্ৰতিটো কামৰে একোটা নির্দিষ্ট সময় থাকে। উপযুক্ত সময়ত উপযুক্ত কাম কৰিব পাৰিলেহে সাৰ্থকতা লাভ কৰিব পৰা যায়। গৃহস্থৰ ঘৰত যদি চোৰ সোমায় সর্বস্ব লুটি লৈ যায়, তাৰ পিছত উপযুক্ত ব্যৱস্থা ল’লেও একো কামত নিদিয়ে। গতিকে চুৰি নকৰা বা যাতে চোৰ সোমাব নোৱাৰে তাৰ ব্যৱস্থা আগেয়ে গ্ৰহণ কৰিলেহে কাৰ্যত সফল হ’ব পাৰে। সেইদৰে বৰষুণ অহাৰ সম্ভাবনা দেখিলেই ছাটি বা জাপি ব্যৱহাৰ কৰিব লাগে, বৰষুণ হৈ যোৱাৰ পিছত নহ’লে ছাটি বা জাপি বিচাৰিলেও কামত নাহে। গতিকে সঠিক সময়ত সঠিক কার্যপন্থা গ্রহণ কৰি নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে।

(2) যেনে কুকুৰ তেনে টাঙোন।

উত্তৰঃ কুকুৰে সুযোগ পালেই মানুহক ভুকে আৰু কামুৰিবলৈ খেদি আহে। কিন্তু টাঙোনলৈ ভয় কৰে। সেয়ে কুকুৰৰ পৰা ৰক্ষা পাবলৈ কুকুৰৰ আকৃতি প্রকৃতি অনুযায়ী টাঙোনৰ ব্যৱস্থা কৰিবলগা হয়। এই ফকৰা যোজনাটোৰ ভাবাৰ্থ হ’ল যিজন লোক যেনে ব্যৱহাৰৰ উপযোগী। তেওঁৰ সৈতে তেনে ব্যৱহাৰ কৰিব লাগে। অসৎ লোকে সৎ ব্যৱহাৰৰ ভাষা নুবুজে। গতিকে সৎ জনেও অসৎ লোকৰ সৈতে উপায়হীন হৈ অসৎ ব্যৱহাৰ কৰিবলগা হয়। গতিকে সমাজত বিভিন্ন শ্রেণী চৰিত্ৰৰ লোকৰ লগত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে আমি পাত্র-পাত্রী চাই নিজৰ ব্যৱহাৰ ঠিক কৰি ল’ব লাগে।

(2) ৰাইজে নখ জোকাৰিলে নৈ বয়। [2015]

উত্তৰ : একতাৰ বল বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হয়। নখৰ পিঠিত পানী আৰু কিমান ধৰে? কিন্তু এই এচিকটা, এচিকটা পানী গোট খুৱালে ঠিক নৈ নহলেও বুজন পৰিমাণৰ পানী নহ’ব জানো। ঠিক তেনেদৰে সদৌ ৰাইজে মিলি প্রত্যেকে যদি সামান্য পৰিমাণেও কৰি যায়, তেনেহলেও ডাঙৰ বা কঠিন কাম এটা কম আয়াসতে হৈ যায়। ৰাজহুৱা নাম ঘৰ, গীৰ্জা, মচজিদ্ আদি ৰাইজৰ সামান্য শ্ৰমৰ দ্বাৰা সাধিত মহৎ কাম, কিছুমান মানুহে মিলি নিচেই কম টকাৰ অংশ একোটাৰে শকত পুঁজি একোটা কৰি ভাল ব্যৱসায় চলাইছে। ইয়াৰ পৰাই বুজা যায় একতাৰ বল আৰু প্ৰয়োজন কিমান। সেইবাবে আমি সকলোৱে একতাবদ্ধ হৈ কাম কৰিবলৈ যত্ন কৰা উচিত।

HS first year solutions

This Post Has 3 Comments

Leave a Reply