HS First Year Assamese Solutions Chapter-6 কেম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

HS First Year Assamese Solutions Chapter-6 কেম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese Solutions Chapter-6 কেম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

কেম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ?

উত্তৰঃ কেম নদীৰ উপত্যকাত অৱস্থিত। 

২।কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?

উত্তৰঃ একত্রিছ খন (৩১)।

৩। ড° হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কে ম্ব্রিজৰ কলেজখনৰ নাম লিখা

উত্তৰ : গণবিল্‌ এণ্ড কীইজ্‌ কলেজ।

8। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্ৰিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।

৫। জর্জ ষ্টাইনাৰ কোন?

উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।

(খ) (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২ অথবা ৩)

১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা। [2018)

উত্তৰঃ পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডেলবার্গ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয় আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়।

২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে ‘লাৰ কোন আছিল?

উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্রখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।

৩। ইংলেণ্ডৰ গিৰ্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা ।

উত্তৰ: কলন, ৰিম আৰু নটৰডাম।

৪। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?

উত্তৰ: কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফে’লোসকলে নির্বাচন কৰিছিল। আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল।

৫। আৰবী গ্ৰন্থত প্লেটো আৰু এৰিস্ততলক কি কি নামেৰে জনা যায় ?

উত্তৰ:  আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন্’ আৰু এৰিষ্টতল নাম ‘আৰিস্ত’।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক চাৰ্চৰ বা খ্ৰীষ্টীয় ধৰ্ম মণ্ডলীৰ অন্তৰ্ভুক্ত আছিল আৰু বিদ্যা চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহতি দিয়া হৈছিল। বিশ্ববিদ্যালয়বোৰে গির্জাৰ পৰা পোৱা দান বৰঙণিৰ উপৰিও ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও অৰ্থ-সাহাৰ্য লাভ কৰিছিল। পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি সম্পত্তি সংগ্ৰহ কৰিছিল। অর্থাৎ ধৰ্ম চৰ্চাৰ দৰে। বিদ্যা চর্চাও প্রয়োজনীয় বুলি সেই সময়ৰ গীৰ্জাৰ পৰিচালকসকলে অনুভৱ কৰিছিল। কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ নির্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল।

২। ‘ য়ুৰোপৰ সৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’—কথাষাৰ বুজাই লিখা। 

উত্তৰঃ য়ুৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমা নিৰ্ধাৰণ কৰিলেও য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আবব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্ৰীষ্টানৰ পবিত্ৰস্থান জেরুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধর্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ক্রুছে’ড বা ধর্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰবসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পর্শ লৈ আহিছিল। আৰব পণ্ডিতসকলে আকৌ গ্রীক-ৰোমাণ সভ্যতাৰ পৰা ‘মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। সেই আৰব পণ্ডিতসকলৰ ভিতৰত ইবন্ কড্‌, ইবন্ চিনা আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত।

৩। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান কার্য সম্পর্কে চমুকৈ আলোচনা কৰা। [ 2018 ] 

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া। কলেজৰ পৰা লেকচাৰ শুনিবলৈ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে। প্রতিজন প্রবক্তাই এনেদবে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। অৰ্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখা আৰু অভিমত থাকিব লাগিব। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত তথা অনবেবী (অস্থায়ী) ফেলোৱেও এটা বা দুটা টার্ম ক্লাছ লৈছিল এনেদবে কেম্ব্রিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল।

8। ড’ হীৰেণ গোহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্রণী ভূমিকা পালন করা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ড. হীৰেণ গোহাঁইৰ জন্ম ১৯৩৯ চনত হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তণ মুৰব্বী অধ্যাপক তথ্য প্রাক্তন কলাগুৰু।

হীৰেণ গোঁহাই দেৱৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল। এতিয়ালৈকে তেওঁ প্রায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্রবন্ধ সিঁচৰিত হৈ আছে। তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল – সাহিত্য আৰু সমাজ সমালোচনামূলক গ্রন্থ ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’। তেওঁৰ আত্মকথনমূলক গ্ৰন্থৰ ভিতৰত ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্‌চৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত উল্লেখযোগ্য। গোহাঁইদেৱে অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে ১৯৮৯ চনত সাহিত্য অকাদেমী বঁটা লাভ কৰিছিল।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :

      “দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানবীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।” 

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ড° হীৰেণ গোহাঁইদেৱৰ

ৰচিত ‘কে’ম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। পণ্ডিতসকলে বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল, আনহাতে ধনী ব্যক্তি আৰু ব্যবসায়ী সংঘৰ পৰা অৰ্থ সাহাৰ্যও লাভ কৰিছিল। অর্থাৎ ধৰ্ম-চৰ্চাৰ বাবেই বিদ্যা-চৰ্চাৰ প্রয়োজন বুলি এসময়ত কেথলিক চার্চে উপলব্ধি কৰিছিল। কলেজৰ সদস্যসকলে অধ্যক্ষ নির্বাচন কৰিছিল আৰু অধ্যক্ষৰ লগ-লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। কিন্তু পিছলৈ আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাই য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। আৰব পণ্ডিতসকলে আকৌ গ্রীক-ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। অর্থাৎ যোগাযোগ আৰু বিনিময়েহে মানবীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। কেৱল সম্পত্তিৰ ৰূপত চোৱা জ্ঞান কেতিয়াও ফলপ্রসূ নহয়।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। ড° হীৰেণ গোহাঁইদেৱ কি কাৰণত কে’ম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল?

উত্তৰঃ ড° হীৰেণ গোহাঁয়ে ১৯৬৫ চনত গৱেষণাৰ উদ্দেশ্যে ইংলেণ্ডত অৱস্থিত কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল।

২। ড° হীৰেণ গোহাঁইদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ হীৰেণ গোহাঁইদেৱে ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। ড° হীৰেণ গোহাঁইদেৱৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? 

উত্তৰ: ‘Tradition and Paradise Lost’.

8। আৰবী গ্ৰন্থত প্লেটো আৰু এৰিস্তলৰ নাম কি ?

উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন’ আৰু এৰিস্ততলৰ নাম ‘আৰিস্ত’।

৫। কেম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰথমতে ক’ত নামভৰ্তি কৰিব লাগিব ?

 উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ’লৈ প্ৰথমতে কলেজত নামভৰ্তি কৰিব লাগিব।

৬। ভাৰতবৰ্ষৰ তিনিখন প্রাচীন বিদ্যালয় কি কি?

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

উত্তৰঃ কলকাতা বিশ্ববিদ্যালয়, বোম্বাই বিশ্ববিদ্যালয় আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়। এই তিনিখন বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ১৮৫৭ চনত।

৭। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্রিজ বিশ্ববিদ্যালয় স্থাপন কৰে।

(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২/৩/৪ অথবা ৫)

১। কেম্ব্রিজৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ পোচাক কেনেকুৱা আছিল?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাকে কলেজত থকা সময়ত পোছাকৰ ওপৰত বাদুলীৰ দৰে আঁঠুলৈ পৰা গাউন পৰিধান কৰাটো বাধ্যতামূলক আছিল আৰু ফেলোসকলে সৰু গাঁঠিলৈ পৰা গাউন বা হলৌচোলা পিন্ধা নিয়ম আছিল।

২। কেম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ ব্যৱস্থা কেনেধৰণৰ?

উত্তৰঃ কে ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ হ’লে প্ৰথমতে কলেজত নামভৰ্ত্তি কৰিব লাগিব। আনহাতে পি. এইচ. ডি. ডিগ্ৰীৰ বাবে গৱেষণা কৰাসকলে নিয়মানুযায়ী বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰিব লাগিব।

৩। দ্বাদশ-ত্রয়োদশ শতিকাত য়ুৰোপ মহাদেশত স্থাপন হোৱা কেইখনমান প্রসিদ্ধ বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ পেৰিছ, হাইডেজ’লবার্গ, অক্সফোর্ড, কে ‘ম্ব্রিজ আদি বিশ্ববিদ্যালয়।

৪। য়ুৰোপ মহাদেশর বিশ্ববিদ্যালয়বোৰত অধ্যাপনা আৰু অধ্যয়ন কৰা কেইজনমান বিশ্ববিখ্যাত পণ্ডিতৰ নাম লিখা।

উত্তৰ: টমাছ আকুৱাইনাছ, পিয়েৰ আবে’লাৰ, ৰজাৰ বেইকন, এবেটাৰ্ছ মোছ, উইলিয়াম অৱ অকে’ম আৰু জন ডান্স স্কটাছ। তেওঁলোকে য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত তর্কশাস্ত্র, দৰ্শন, ব্যাকরণ, লাতিন সাহিত্য, গণিত আদি বিষয়ৰ চৰ্চা আৰু অধ্যাপনা কৰিছিল।

৫। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা। 

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ত অন্তর্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। কলেজৰ ফেলোসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু যুটীয়াকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল। পণ্ডিতসকলে নির্ভয়ে স্বাধীন চিন্তাৰ অনুশীলন আৰু অনুসৰণ কৰিবলৈ সুবিধা পাইছিল। ছাত্ৰসকলক অধ্যাপনা কৰিবলৈ বিদেশৰ পৰা পণ্ডিতো অনা হৈছিল ক্লাছত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল, কিন্তু প্রতিজন বিখ্যাত পণ্ডিতে মেধা আৰু পাণ্ডিত্যৰে অজস্ৰ ছাত্ৰক বিভিন্ন য়ুৰোপীয় দেশৰ পৰা আকৰ্ষণ কৰিব পাৰিছিল। য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত আৰব জগতৰ পৰাও আৰ্হি আৰু অনুপ্ৰেৰণা আহিছিল। আৰৱ পণ্ডিতসকলে গ্রীক-ৰোমাণ, সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। ইবন্ কড়, ইবন্ চিলা আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত।

কেম্ব্রিজত প্ৰথমৰে পৰা কঢ়া অনুশাসনৰ মাজতো ছাত্ৰৰ আত্মমর্যাদা আৰু অধিকাৰ-সচেতনতা পোষণ কৰা হয়। প্রতিজন ছাত্ৰ থকা কুঠৰীৰ সন্মুখত তেওঁৰ নাম নামফলকত লগাই দিয়া হয়। আনহাতে Mr. (মিষ্টাৰ) শব্দটো কেৱল প্ৰবক্তা তথা ফেলোসকলৰ নামফলকতহে থাকে।

HS first year solutions

This Post Has 2 Comments

Leave a Reply