HS First Year Assamese Solutions Chapter-2 অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ

HS First Year Assamese Solutions Chapter-2 অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিবHS First Year Assamese Solutions Chapter-2 অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ

পাঠভিত্তিক প্রশ্নোত্তৰ

অতি চমু প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

(১) ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।

(২) মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰ: মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ কৰিছিল।

(৩) পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল-‘মোৰ সোঁৱৰণী’।

(৪) ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?

উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।

(৫) গান্ধীজীৰ সন্মানাৰ্থে ‘পকী ‘ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধারী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱা।

চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

(১)  পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল—‘টেটোন তামুলী’ আৰু

জয়মতী।

(২) পদ্মনাথ গোঁহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰ: ‘বিজুলী’, ‘আসাম বস্তি’ আৰু ‘ঊষা’।

(৩) পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থ হ’ল— ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু

‘শ্রীকৃষ্ণ।

(৪) মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল।

(৫) ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা 

1.পদ্মনাথ গোঁহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীৰ লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল

উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাই ভালেমান দিনৰ পৰাই ঘুনুক-ঘানাককৈ মহাত্মা গান্ধীৰ কথা শুনি আছিল। দক্ষিণ আফ্রিকা বাসী ভাৰত সন্তানৰ দুখ নির্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি শ্ৰথা আৰু ভক্তিৰে পদ্মনাথ গোঁহাঞিবৰুৱাৰ অন্তৰ ভৰি পৰিছিল। সেই সময় ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কাৰ্যকলাপ আৰু কীৰ্তি-কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও দূৰ-দূৰণিৰ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্য-কলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা চলিছিল। বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মঙ্গলার্থে কৰা অলৌকিক আত্মোৎসর্গত বিস্ময় মানি তেখেতক ভূয়সী প্রশংসা কৰিছিল, আনকি সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে মহাত্মা গান্ধীজীক যীশু খ্ৰীষ্টতকৈও ওপৰত স্থান দিয়া কথাটোৱে গোহাঞিবৰুৱাক স্তম্ভিত কৰি তুলিছিল। এনেকুৱা এটা সময়তে মহামানর মহাত্মা গান্ধীজী নিজ জন্মভূমিলৈ উভটি আহিছিল। বোজা কঢ়িয়াই ধ্বংসৰ মুখলৈ আগুৱাই যোৱা ভাৰতবাসীক উদ্ধাৰৰ অৰ্থে উঠি পৰি লাগিছিল। ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিবিধ বিষয়ক দেশহিতকৰ কাৰ্যত আত্ম নিয়োগ কৰিছিল। সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ যি পত্র লিখিছিল তাত জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি লিখিছিল, যি কার্য সেই সময়ছোৱাত আন কোনেও কৰিবলৈ সাহস কৰা গোঁহাঞিবৰুৱাৰ চকুত পৰা নাছিল। এই কাৰ্যবোৰৰ বাবেই মহান স্বাধীনচেতীয়া মহামানৱ মহাত্মা মোহন গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ সুযোগ বিচাৰি ফুৰিছিল ।

( ২)গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্রতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে ভাৰত পৰ্যটনৰ উদ্দেশ্যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাৰে এটা অংশ আছিল তেখেতৰ অসম ভ্রমণ | ১৯২১ চনৰ আগষ্ট মাহত গান্ধীয়ে প্রথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিবলৈ আহে। অসমর নেতাসকলৰ আমন্ত্ৰণক্ৰমে ১৯২১ চনৰ ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীৰ্থ মহম্মদ আলি, আজাদ শোভানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১ জনীয়া দল এটি লৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পর্যায়ক্রমে | গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি অসহযোগৰ বাণী | প্ৰচাৰ কৰে আৰু শেষত শ্রীহট্টৰ পৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে। গুৱাহাটীক আহি তেওঁ সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত (এদিন এৰাতিলৈ) সদলবলে আলহী হৈছিল। মহাত্মা গান্ধীৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অৱশ্যে চৰকাৰী চাকৰি ইস্তফা দি আন্দোলনত অংশ গ্ৰহণ কৰা লোকৰ সংখ্যা তাকৰীয়া আছিল।

( ৩ ) গান্ধীজী আৰু পদ্মনাথ গোঁহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাহ লিখা।

 উত্তৰঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপূৱা ৯ বজাত তেজপুৰ জাহাজঘাটত লাগিলেহি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোঁহাঞি বৰুৱাই পোন প্রথমে গৈ জাহাজত উঠিলেগৈ আৰু তৰুণ ৰাম ফুকনৰ আঙুলিৰ নির্দেশেৰে দেখুৱাই দিয়া মাত্ৰকে গৈ গান্ধীজীক নমস্কাৰ কৰিলে। পদ্মনাথ গোঁহাঞি বৰুৱাই তেওঁৰ কল্পনাৰ গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰিৰীক গঠনৰ পাৰ্থক্যৰ কথা ভাবি তেওঁলৈ একেথৰে চাই থাকোঁতেই তৰুণ ৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞি বৰুৱা’। কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উপাধিধাৰী মানুহে তেখেতক কিয় আদৰিবলৈ আহিছে। তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে ৰায়চাহাব উপাধি ল’লেও পদ্মনাথ গোহাঞি বৰুৱাই আচলতে ৰাইজৰ হৈ হে কাম কৰে। গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ গোঁহাঞি বৰুৱালৈ চাই ক’লে তেওঁ আশাকৰে খিতাপ ক্ৰিীটিয়ে যাতে গোহাঞিবৰুৱাক পাক ঘুৰণি খুৱাই ৰাইজৰ প্ৰতিকূলমুখী নকৰে। পদ্মনাথ গোহাঞিবৰুৱাইও তেওঁক তেনে কাম নকৰা প্ৰতিশ্ৰুতি হিচাপে মূৰ দোঁৱাই সন্মত হোৱাটো জনালে। ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ’ সম্বন্ধে দুই এটা কথা পাতিলে। এনেকৈ কথা পাতি থাকোঁতে পদ্মনাথৰ সাজপাৰৰ ওপৰত তেওঁলোকৰ চকু পৰিল । পদ্মনাথ গোঁহাঞি বৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কূৰ্তাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ লৈ গৈছিল। দুয়োজনে গোহাঞিবৰুৱাৰ চোলা চুৰিয়াৰ প্ৰশংসা কৰিলে ৷ গান্ধীজীয়ে চেলেংচাদৰৰ সুতা স্বদেশী নে সুধিলে। পদ্মনাথ গোহাঞি বৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে।’ এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত অসন্তোষৰ ভাব পৰিস্ফুট হ’ল আৰু পদ্মনাথৰ মুখলৈ চাই এনেদৰে ক’লে— এই চাদৰৰ সূতা বিদেশী-বিলাসী আশাকৰোঁ, আপোনাৰ চোলা চুৰিয়াৰ দৰে চাদৰো অনতি পলমে সম্পূর্ণে স্বদেশী হয় যেন। এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে জাহাজৰ পৰা নামি আহিল ।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।

 উত্তৰঃ মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত যেতিয়া তেজপুৰ চহৰলৈ গৈছিল জাহাজ ঘাটৰ পৰা তেখেতক প্রথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠীলৈ’ নিয়া হৈছিল। তাত  আদৰণী সমিতিৰ সদস্য সকলে তেখেতৰ আলপৈচান ধৰে তেওঁলোকে পকীধৰৰ ভিতৰত তেওঁক যতনাই ৰখা ছাগলীৰ গাখীৰেৰে জলপান কৰায়। ইফালে গান্ধীক চাবলৈ অহা মানুহেৰে পকীঘৰৰ বাহিৰ ভিতৰ ভৰি পৰিছিল। আলিবাটত চলাচল কৰিবৰ উপায় নোহোৱা হৈছিল। হাজাৰ বুজাইও কোনো জনকে সেই ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। উপায় নাপায় আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি মহাত্মা গান্ধী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ, উদগ্রীর বাইজে হেপাহ পলুৱাই গান্ধী দৰ্শন কৰিলে। গান্ধীয়ে সন্মোহিনী মূৰ্তিৰে পোন্ধৰ মিনিট মান পকীৰ ওপৰত পৰমানন্দে দৰ্শকক দৰিশন দি দৰ্শকৰ আগ্রহ দেখি নিজেও আনন্দত আপ্লুত হৈ পৰিছিল। তেখেতে অঙ্গিভঙ্গিৰে প্ৰণাম সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰ পৰা সাম্প্ৰতিক ভাবে বিদায়লৈ তললৈ নামি আহিছিল। ৰাইজসকলো ঘৰাঘৰি গৈছিল।

ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বহল ঘাঁহনি চোতালত দলিচা সতৰঞ্চি, ত্ৰিপাল আদি পাৰি মজলিচ বৈঠক পতা হৈছিল। পূৰ্বনিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল দূৰৈৰ পৰা আহি অভ্যর্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, বাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি আহি নিজ নিজ আসনত বহিছিল। ৰায়চাহাব পদ্মনাথ গোঁহাঞি বৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰীয়াল, পেন্সনীয়া আৰুগৱৰ্ণমেন্ট বিতাপ ধাৰীলোকে সেই মজলিচত যোগ দিয়া নাছিল। ৭ বজাত গান্ধীজী যেতিয়া আহি সেই লিচত থিয় দিছিল তেতিয়া সমবেত সমজুৱাই একেচাবে উঠি থিয় দি তেখেতক সন্মান জনাইছিল। গান্ধী জী আহি তেখেতৰ বাবে সজাই থোৱা সৰু চালপীৰাত পিচ গাৰু দিয়া সুনিৰ্দ্দিষ্ট আসনত বহি পৰিছিল। আসন গ্ৰহণ কৰি তেখেতে হিন্দী গুজৰাটী ভাষাত তেখেতৰ | ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল, সমবেত ৰাইজে তেখে ব বক্তৃতা মন্ত্ৰ মুগ্ধৰ দৰে শুনি গৈছিল। বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু অসহযোগিত৷ এই জটিল বিষয় দুটাৰ বিষয়ে বিশদ ভাৱে বিবৰণ দাঙি ধৰিছিল— যি দুটা বিষয়ৰ ওপৰত তেজপুৰ চহৰত আগেয়ে তেনে কোনো আলোচনা কৰা হোৱা নাছিল। সেই বক্তৃতা সন্ধিয়া আঠ বজাৰ পৰা দহ বজালৈকে ‘পূৰা দুঘন্টা সময় বিৰতি নোলোৱাকৈ দিয়া হৈছিল’ আৰু শ্ৰোতাসকলেও একমন হৈ নীৰৱে শুনিছিল। বক্তৃতাৰ অন্তত, গান্ধীজীয়ে পিছদিনাখনৰ কাৰ্যতালিকাৰ আভাস দি বিনীত ভাৱে বৈঠকত উপস্থিত ৰাইজৰ পৰা বিদায় লৈ. পকীৰ ভিতৰ চৰালৈ সোমাই গৈছিল।

(৫) “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।”— এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।

 উত্তৰঃ উক্ত কথাফাঁকি মহাত্মা গান্ধীয়ে পদ্মনাথ গোঁহাঞি বৰুৱাক কৈছিল। মহাত্মা গান্ ‌

অসম ভ্ৰমণৰ সময়ত যেতিয়া গান্ধীজীৰ জাহাজ গৈ তেজপুৰৰ জাহাজ ঘাটত চাপিছিল, তেতিয়া অধিৰ আগ্ৰহেৰে বাট চাই থকা পদ্মনাথ গোঁহাঞি বৰুৱাই প্ৰথমেই গৈ সেই জাহাজত উঠিছিল। জাহাজত উঠিয়েই তেওঁ তৰুণ ৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশ অনুসৰি হৈ মহাত্মা গান্ধীজীক নমস্কাৰ জনাইছিল। এনে সময়তে তৰুণ ৰাম ফুকনে আহি পদ্মনাথ গোঁহাঞি বৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দিছিল এনেদৰে– “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশ হিতৈষী অসমীয়া নেতা-ৰায়চাহাব পদ্মনাথ গোঁহাঞি বৰুৱা।” এই কথা শুনি গান্ধীজী উপচ খাই উঠাৰ দৰে হৈছিল আৰু আচৰিতু, ৰায় চাহাব খিতাপধাৰীয়ে আদৰিবলৈ আহে। কথাষাৰ কৈছিল। ইয়াৰ কাৰণ এনে ৰায়চাহাব হ’ল চৰকাৰৰ ফালৰ পৰা প্ৰদত্ত খিতাপ। সেই সময়ত এনেলোক সকলে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ নকৰিছিল আৰু ৰাইজৰ মংগলৰ হঁকে মাত মাতিবলৈ কুণ্ঠাবোধ কৰিছিল। তেনেস্থলত এনে খিতাপধাৰী এজনে মুকলিভাৱে গান্ধীজীক লগ পাব অহাত তেখেত (গান্ধীজী) আচৰিত হৈ গৈছিল৷ তৰুণ ৰাম ফুকনে তেতিয়া বুজাই দিছিল যে গোহাঞি বৰুৱাই ‘ৰায়চাহাব’ যাচি দিয়া চৰকাৰী খিতাপ পিন্ধিলেও সর্বতোভাৱে বাইজৰ ফলীয়া হৈ হে কাৰ্যক্ষেত্ৰত আগবাঢ়ে। কথা শুনি গান্ধীজীয়ে গোহাঞি বৰুৱাক এনেদৰে কৈছিল যিহওঁক, আশাকৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক প্রতিকূলমুখীয়া নকৰক যেন।” পদ্মনাথ গোহাঞি বৰুৱাই মুৰ দোৱাই তেখেতৰ কথাত সন্মতি প্ৰকাশ কৰিছিল।

This Post Has 6 Comments

Leave a Reply