HS First Year Assamese Chapter 5 Solutions গিবন

HS First Year Assamese Chapter 5 Solutions গিবন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব HS First Year Assamese Chapter 5 Solutions গিবন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS First Year Assamese Chapter 5 Solutions গিবন

গিবন

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। এডবার্ড গিবন কোন আছিল ?

উত্তৰ: এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

২। এডবার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।

উত্তৰঃ অক্সফোর্ডৰ মেগডালেন কলেজ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা।

উত্তৰ: “The History of the Decline and Fall of the Roman Empire.” 

৪। শ্বপেনহাৱাৰ কোন আছিল?

উত্তৰ: এগৰাকী বিখ্যাত জার্মান দার্শনিক।

৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাস মালাৰ লেখক কোন আছিল?

উত্তৰ: ডাৰেল।

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’ ।

২। দার্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা

উত্তৰ : ‘The Social Contract’ আৰু ‘Confessions'”

৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল? 

উত্তৰঃ গিবনৰ সম্পূর্ণ নাম এডবার্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল? 

উত্তৰ : Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্ৰন্থখন ১৭৯০ চনত প্ৰকাশিত হৈছিল।

৫। যৌবন কালত এডবার্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰ: যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

(গ) দীঘল প্রশ্ন : (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।

উত্তৰ: এডৱাৰ্ড গিবনৰ ১৭৩৭ চনত ইংলেণ্ডত জন্ম হৈছিল। ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্ত্তীকালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰাপে খ্যাতি লাভ কৰিছিল। এডৱাৰ্ড গিবন এগৰাকী প্রখ্যাত বুৰঞ্জীবিদ আৰু সাংসদ আছিল। তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ বৃটিছ সংসদ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। গিবনৰ অমৰ কীর্তি হ’ল ‘The History of the Decline and Fall of the Roman Empire”। শক্তিশালী আৰু ব্যতিক্রমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত।

২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা।

উত্তরঃ এডবার্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন সাতটা খণ্ডত সমাপ্ত। এই বিপুলায়তন ইতিহাস গ্রন্থই সম্রাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ দ্বাৰা কনষ্টান্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে। ৰোমান সাম্রাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্র যুগান্তকাৰী ঘটনা ঘটিছিল এই চৌধ্যটা শতাব্দীত। এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বৰ্ণনা আছে প্ৰৱন্ধটোত। ৰোমান সাম্ৰাজ্যৰ ইতিহাস গ্ৰন্থখনৰ ইংৰাজী মূল গ্ৰন্থখন হ’ল ‘The History of the Decline and Fall of the Roman Empire.’

৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা।

 উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত অক্স ডৰ মেগডালেন কলেজত ভর্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল। পঢ়াশুনা নাই বুলিয়েই ক’ব পাৰি। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। গিবনে অক্সফোর্ডত থাকোতেই প্রটেষ্টাণ্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন মেলাত তেওঁৰ মতি-গতি দেখি অভিভাৱকসকল আতঙ্কিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিছিল। লুস্থানত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নোপোৱা হ’লে গিবন আজি গিবন হ’লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে।

৪। চমু টোকা লিখা :

(ক) শ্বপেনহাৱাৰ

উত্তৰঃ এওঁ এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০)। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। শ্বপেনহাৱাৰ বিশেষকৈ ‘নাস্তিক নিৰাশাবাদ’ দৰ্শনৰ বাবে প্ৰসিদ্ধ আছিল। ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা।

(খ) ভলতেয়াৰ

উত্তৰঃ ভলতেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দার্শনিক। তেওঁ মূলতঃ বাংগাত্মক বচনাৰ বাবে প্রসিদ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস। ভলতেয়াৰ ফৰাছী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

“যিসকল লেখকে সমগ্র জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ ৰচিত ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত লেখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেবে এডৱাৰ্ড গিবন নামৰ শ্ৰেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে; জীৱনত অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ হ’লে যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই কথাটো ক’ব বিচাৰিছে।

এডৱার্ড গিবনে তেওঁৰ জীৱনত শ্রেষ্ঠ কীর্তি ‘ডি ডিক্লাইন এণ্ড ফল অব ৰোমান এম্পায়াৰ নামৰ সাতটা খণ্ডৰ বুৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে কেনে ধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে। এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকা জুৰি বিৰাজমান ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিছিল। গ্ৰন্থখনত তেওঁ সম্রাট এণ্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনপলৰ পতনলৈকে সুদীর্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্রণয়ন কৰিছে। সুদীর্ঘ সোতৰ বছৰ কঠিন শ্ৰম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে, তাৰ পিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হ’ল। সেই কাৰণে সুদীৰ্ঘ সোতৰ বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১ আৰু ২)

১। ‘গিবন’ পাঠটিৰ লেখক কোন? 

উত্তৰ: হোমেন বৰগোহাঞি।

২। মানুহৰ জীৱনৰ লেখ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: কৰ্মৰ ওপৰত।

৩। কিহে মানুহক অমৰত্ব প্ৰদান কৰে?

উত্তৰঃ কর্মই। 

৪। প্রকৃত সফলতা লাভৰ মূলমন্ত্ৰ কি?

উত্তৰ: অধ্যৱসায় আৰু আত্মবিশ্বাস।

৫। ‘গিবন’ পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ হোমেন বৰগোহাঞিৰ ‘স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থখনৰ পৰা।

৬। হোমেন বৰগোহাঞি বৰ্তমান কোনখন বাতৰি কাকতৰ প্ৰমুখ সম্পাদক? 

উত্তৰঃ “নিয়মীয়া বাৰ্তা’।

৭। বৰগোহাঞিদেৱৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য পুথি কি কি ? 

উত্তৰঃ সুবালা, পিতাপুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, তিমিৰ তীৰ্থ ইত্যাদি।

৮। বৰগোহাঞিদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 

উত্তৰঃ ১৯৭৮ চনৰ ‘পিতাপুত্ৰ’ উপন্যাসৰ বাবে।

৯। বৰগোহাঞিদেবে কেতিয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰ: ২০০১-০২ চনত।

গোট ১ : গদ্য

ক্ৰমিক নং পাঠ লিংক
1.ধনৰ ব্যৱহাৰ Click here
2.অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Click here
3.গৌৰৱ Click here
4.কিতাপৰ কথা Click here
5.গিবন Click here
6.কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Click here
7.অসমৰ পুৰণি খেল-ধেমালি Click here
8.এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Click here

গোট ২ঃ চুটিগল্প

1. বিয়াৰ প্ৰেজেণ্ট Click here

গোট ৩ঃ কবিতা

1.ৰাৱণক বিভীষণৰ সজ উপদেশ Click here
2. বৰগীতঃ জয় জয় যাদৱ Click here
3. ধনবৰ আৰু ৰতনী Click here
4.বনকুঁৱৰী Click here
5.লাচিত ফুকন Click here
6.ৰাজপথ Click here
7.এখন চিঠি Click here

গোট ৪ : নাটক

1. কুশল কোঁৱৰ Click here
গোট ৫ গোট ৫ : চমু ৰচনা আৰু ব্যাকৰণ Click Here

১০। ‘আলেকজেড্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসখনৰ ৰচক কোন?

উত্তৰঃ ডাৰেল।

১১। “পেৰাডাইজ লষ্ট’ৰ লেখক কোন? 

উত্তৰঃ মিল্টন।

১২। এডবার্ড গিবনে কিমান বয়সত অক্সফোর্ডৰ মেগডালেন কলেজত ভৰ্ত্তি হৈছিল?

উত্তৰ: পোন্ধৰ বছৰ বসয়ত।

১৩। আধুনিক সাহিত্যৰ এটি মাইলৰ খুঁটি বুলি কোনখন উপন্যাসক কোৱা হয়? 

উত্তৰঃ বেঞ্জামিন কঁষ্টাটৰ Adolphe নামৰ আত্মজৈৱনিক উপন্যাসখনক কোৱা হয়।

১৪। এডৱাৰ্ড গিবনৰ ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন কেইটা খণ্ডত সমাপ্ত?

উত্তৰঃ সাতটা।

১৫। কিমান চনত গিবনৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ কিমান বয়স হৈছিল।

উত্তৰ: ১৭৯৪ চনৰ ষোল্ল জানুৱাৰীত গিবনৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ মাত্ৰ ৫৬ বছৰ হৈছিল।

১৬। পৃথিৱীৰ উচ্চতম গিৰিশৃংগ বুলি কলে আমি কোনটো শৃংগৰ কথা বুজো?

 উত্তৰঃ মাউন্ট এভাৰষ্টে।

১৭। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক বুলি ক’লে কাৰ কথা মনলৈ আহে?

উত্তৰ: এডবার্ড গিবন।

(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩/৪ অথবা ৫)

১। এডবার্ড গিবন অক্সফোর্ডত থাকোতে ঘটা ঘটনাটোৰ বিষয়ে লিখা। 

উত্তৰ: পোন্ধৰ বছৰ বয়সত গিবন যেতিয়া অক্সফোর্ডৰ মেগডালেন কলেজত ভৰ্ত্তি হৈছিল তেতিয়া তেওঁ প্রটেষ্টান্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন কৰিছিল। গিবনৰ এই মতগিতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই আনি জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিছিল।

2। এডৱাৰ্ড গিবন ‘গিবন’ হোৱাৰ মূল কাৰণটো কি? বহলাই লিখা।

উত্তৰঃ গিবনে অক্সফোর্ডত থাকোতে প্রটেষ্টান্ট ধর্ম ত্যাগ কৰি যেতিয়া কেথলিক ধৰ্ম ল’বলৈ মন মেলিছিল, তেতিয়া তেওঁৰ অভিভাৱক সকলে আতংকিত হৈ গিবনক জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে। লুছান যদিও ভৌগলিক ভাবে ছুইজাৰলেণ্ডৰ অন্তৰ্ভুক্ত কিন্তু চহৰখন সম্পুৰ্ণভাৱে ফৰাচী প্রভাবাধীন আছিল। গিবন যেতিয়া লুছানত গৈ উপস্থিত হৈছিল তেতিয়া তেওঁ ফ্ৰান্সৰ বিখ্যাত লেখক, দার্শনিক কছো, ভলতেয়াৰ আদিৰ সংস্পৰ্শলৈ আহিছিল। সেই সময়ত টমাছ পেইনৰ ‘The Age of Reason’ গ্ৰন্থখনে সমগ্ৰ ইউৰোপত তোলপাৰ লগাইছিল। তৰুণ গিবনকো এই গ্রন্থখনে ভালকৈয়ে গ্ৰাস কৰিলে যাৰ ফলত এসময়ত ৰোমান কেথলিক হ’ব খোজা মানুহজন এজন সংশয়বাদীত পৰিণত হ’ল। এডবার্ড ি তেওঁৰ যৌৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰকেইটা লুহানত অতিবাহিত নকৰা হ’লৈ তেওঁ গিবন হ’লহেতে নে নাই সেই বিষয়ে সন্দেহ আছে। 

3 / গিবন লুছানত থকা সময়ত ঘটা ঘটনাটোৰ বিষয়ে লিখা।

উত্তৰঃ গিবন যেতিয়া ছুইজাৰলেণ্ডৰ লুছানত আছিল তেতিয়া তেওঁ ছুজান কাৰ্চদ্ নামৰ এগৰাকী ছুইছ গাভৰু এগৰাকীৰ প্ৰেমত পৰিছিল। কিন্তু ঘটনাচক্ৰত সেই প্রেমে পরিণতি লাভ কৰাৰ আগতেই গিবনে দেউতাকৰ নিৰ্দেশত ল’ৰা লৰিকৈ লুছান চহৰ এৰিবলগা হ’ল। ছুজানেও মঁচিয়ে নেকাৰক বিয়া কৰালে। এই নেকাৰেই ষষ্ঠদশ লুইৰ বিত্তমন্ত্রী হিচাপে বিপ্লৱপূর্ব ফ্ৰান্সৰ ইতিহাসত এটা অতি গুৰুত্বপূর্ণ ভূমিকা লৈছিল।

8/ “The History of the Decline and Fall of the Roman Empire’ গ্ৰন্থখন লিখাৰ পিছত গিবনে কিয় শূন্যতা অনুভব কৰিছিল?

উত্তৰঃ The History of the Decline and Fall of the Roman Empire.’ নামৰ গ্ৰন্থখন লিখিবলৈ গিবনৰ সুদীর্ঘ সোতৰ বছৰ লাগিছিল। সুদীর্ঘ সোতৰ বছৰ ধৰি যি গ্ৰন্থখনৰ ৰচনা কাৰ্য আছিল তেওঁৰ নিত্য সংগী, যিটো বস্তু আছিল তেওঁৰ নিজতকৈয়ো অধিক বাস্তব, সেই বহুদিনীয়া পুৰণি প্রিয় বন্ধুক অৱশেষত বিদায় দিবলগা হোৱাত গিবনে শূন্যতা অনুভৱ কৰিছিল।

৫। চমু টোকা লিখা :

(ক) অক্সফোর্ড বিশ্ববিদ্যালয়, 

(খ) ৰুছো, 

(গ) লৰেঞ্চ ডাৰেল, 

(ঘ) ৰোম, 

(ঙ) মিল্টন আৰু পেৰাডাইজ লষ্ট, 

(চ) Age of Reason |

উত্তৰঃ (ক) অক্সফোর্ড বিশ্ববিদ্যালয় ঃ একাদশ শতিকাতে স্থাপন হোৱা ইংলেণ্ডৰ এখন বিখ্যাত বিশ্ববিদ্যালয় হ’ল অক্সফোর্ড বিশ্ববিদ্যালয়। ইউৰোপৰ প্রাচীন প্রখ্যাত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এইখনেই সম্ভবতঃ প্রথম বিশ্ববিদ্যালয়। প্রাচীনকালৰে পৰা বৰ্তমানলৈ মানৱ সভ্যতাৰ বিকাশত এই বিশ্ববিদ্যালয়খনে গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

(খ) ৰুছো ঃ ৰুছো ফৰাচী দার্শনিক, সমাজবিদ আৰু চিন্তাবিদ আছিল। জন্মসূত্ৰে ছুইজাৰলেণ্ডৰ অধিবাসী হ’লৈও কছো আছিল ফৰাচী আন্দোলনৰ অন্যতম প্রতিনিধি আৰু ইউৰোপৰ প্ৰগতিবাদী তথা গণতান্ত্রিক সমাজচেতনার প্রধান পৃষ্ঠপোষক। তেওঁৰ লিখনিসমূহে ফৰাচী বিপ্লৱৰ যোদ্ধাসকলক ‘সাম্য-মৈত্রী-ভ্ৰাতৃত্ব’ৰ বাণীৰে অগ্ৰসৰ হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্রখ্যাত গ্ৰন্থখনৰ নাম ‘The Social Contract’ আৰু আত্মজীৱনীখনৰ নাম ‘Confessions’।

(গ) লৰেঞ্চ ডাৰেল : লৰেঞ্চ জর্জ ডাৰেল (১৯১২-১৯৯০) এগৰাকী প্ৰসিদ্ধ বৃটিছ ঔপন্যাসিক, কবি, নাট্যকাৰ, আৰু ভ্ৰমণ কাহিনী লেখক। ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ তেওঁৰ বিখ্যাত উপন্যাস।

(ঘ) ৰোম : প্রাচীন ৰোমান সাম্ৰাজ্যৰ ৰাজধানী আৰু এখন ধুনীয়া নগৰ। ৰোমক কেন্দ্ৰ কৰি প্ৰাচীন ৰোমান সভ্যতাৰ উত্থান ঘটিছিল। এই নগৰক পাশ্চাত্য সভ্যতাৰ জন্মভূমি বুলি গণ্য কৰা হয়। বৰ্তমান ই ইটালিৰ ৰাজধানী।

(ঙ) মিল্টন আৰু পেৰাডাইজ লষ্ট : জন মিল্টন (১৬০৮-১৬৭৪) ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ অমৰ মহাকাব্য। অমিত্রাক্ষৰ ছন্দত এই মহাকাব্য ৰচিত। মিল্টনৰ গদ্যশৈলীও আকর্ষণীয়।

(চ) Age of Reason: টমাছ পেইনৰ দ্বাৰা ৰচিত এখন বিখ্যাত গ্রন্থ। অষ্টাদশ শতিকাৰ এই গ্ৰন্থৰ মাজেৰে সমকালীন ইংলেণ্ডৰ ধৰ্মীয় আনুষ্ঠানিকতা আৰু বাইবেলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা হৈছে।

৬। শ্বপেনহাৱাৰ কোন আছিল?

উত্তৰ: এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল

৭। হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা। 

উত্তৰঃ হোমেন বৰগোহাঞিৰ দুখন উপন্যাস হ’ল –

(১) পিতাপুত্র

(২) সুবালা।

HS first year solutions

This Post Has One Comment

Leave a Reply